পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখি দ্বিজে সচকিত অজামিল উপাখ্যান । ok কাম বাণে জর্জৰিত, তেখনে মিলিল আনচিত । পাসৰিল নিজ কৃত্ত, ৰমণী হৰিলে চিত, সৰ্বৰ গাৱ মদনে কম্পিত ॥ কৰিল অনেক যন্ত্র, উছৰিল মহামন্ত্ৰ, তথাপিতো থিৰ নুহি মন, ধৰিলে মদন গ্রাশে, কামানলে হৃদি দহে, ভৈল সিটো বিপ্ৰ অচেতন । ধৈৰ্য্য কৰি ধৰি তান, তথাপি নেদেখে আন, বেশ্যা বিনে সিতো অজামিল । নিজ ধৰ্ম্ম এৰি পাছে, পিতৃ বিত যত আছে, সবে দিয়া বেশ্যাক ভজিল ৷ তাইৰ যেন অভিলাষ, তাকে দিয়া পুৰে আশ, দিনে দিনে বাৰে অনুৰাগ ৷ পিতৃ মাতৃ বৃদ্ধ আতি, নিজ ভাৰ্য্যা মহা মতি, সবাকো কৰিলে পৰিত্যাগ । জাতি কুল কৰি চন, বেশ্যাত ভুঞ্জিলে মন, অপবিত্র যেন মুত্র মল । নিজে পাপ প্রতি নিত, নকৰিলে প্ৰায়ছিত, কৰো দণ্ড পাউক তাৰ ফল, ॥