এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দিশ চন্দ্ৰ সূৰ্য্য, অজামিল উপাখ্যান । ভূত সন্ধ্যা দিন ৰাতি ! আকাশ অগণি, কাল জল বায়ু, ধৰ্ম্ম মহী এহি, চৈধ জনে দেখে আতি । মহা গোপ্য পাপ, কৰি বোলে মোক, নেদেখিলে একোজনে । আপোনা থানত, থাকি যম ৰজা, সমস্তে জানন্ত মনে ৷ আমাক পাঞ্চণ্ড, পাপ অনুসাৰে, কৰো দণ্ড ধৰি আনি । অনু ক্রমে সবে, ভুঞ্জায়ে যাতনা, আছৈ কৰি যত প্ৰাণী । আপোনাৰ কৰ্ম্মে, আপোনাক বাস্কে, নজানি মোক্ষ উপায় । কোটি কোটি জন্ম, সংসাৰত ভ্ৰমে, যাতনা ভুঞ্জে সদায় । প্ৰকৃতিৰ সঙ্গে, সমস্তে জীৱৰ, কৰে তপ জপ, ভৈল বিপৰ্যায় বুদ্ধি । তথাপি নাহিকে শুদ্ধি । যজ্ঞ তীর্থ দান,