এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চাৰিও জাতিৰ, অজামিল উপাখ্যান । বেদেসে দি আছে সীমা । ৩১ যেন ধৰ্ম্ম তাক, দেখিও নেদেখে, প্রধান ধৰ্ম্মৰ, বেদৰ শুন৷ মহিমা যিটো নাৰায়ণ, পৰম ঈশ্বৰ, পুৰুষ মহা মহন্ত । ব্রহ্মাদিকে৷ যিটো, অজন্ত পালন্ত, প্ৰলয়ত সংহাৰম্ভ । তাহানে প্রথম, নিশ্বাসত আসি, উপজে আপুনি বেদ । এতেকে পৰম, প্রমান বেদেসে, দিয়া যত পৰিছেদ বেদো যিবা কহে, জানিবা সকলে, কৃষ্ণৰেসে আজ্ঞা বাণী ৷ তাক ভঙ্গ কৰে, যিটো মহা পাপী, তাক দন্দ কৰে৷ আমি । হেবা বুলিবা, ইটো বিপ্রে পাপ, কৰিলে কিমতে দেখা ৷ আছে চৌধজন, সাথী মনুষ্যৰ, শুনা দেয়ে৷ তাৰ লেখা ৷