পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান ছেন শুনি গুণি মনে যমৰ কিঙ্কৰ । যেন জানে দিবে লৈল তাহাৰ উত্তৰ ॥ শুনা সভাসদ মহা ভাগৱত পদ । ইহেন মনুষ্য জন্ম নকৰিব৷ বদ । কেতিক্ষণে ধৰে কালে তাৰে৷ নাহি স্থিত । আৰকি মনুষ হৈবা ভাৰত ভূমিত । দেৱৰে৷ বাঞ্চনি ভাৰতত নৰ কায়া । পুন্য বলে পাইলা ঈশ্বৰৰ ভৈল দয়া । আৰু বৃথা কৰা কেনে বিষয়ৰ ভোলে । বেচা চিন্তামণি কেনে চাৰ কাচ মোলে ছুৰাতৰ লোৱ ত্যজি সুগন্ধি চন্দন । আন দেৱ সবে এৰি দৈৱকি নন্দন । স্বৰণ মাত্ৰকে যাৰ ভৰয় সংসাৰ । হেনয় সুহৃদ দেৱ কৈত পাইবা আৰ স্থ পৰম বান্ধৱ আছে ঈশ্বৰ সাক্ষাত ৷ প্রত্যেকে আছস্ত বসি সবাৰো হিয়াত একচিত্তে চিন্তা তান চৰণ কমল । লৈয়ো ৰাম নাম মহা মৰণ সমল ! ঘোৰ পৰলোক আন নাহিকে সহা পৰম সুহৃদ একে নামত বিনার ।