পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান। কাঢ়ে খৰ উশাস হাতাশে নিশবদ । পাছে কৃপাময় মহা চাৰি পাৰিষদ | বিপ্ৰৰ দেখিয়া সিটো ৰূপ মানুহৰ । চক্রে কাটিলন্ত বাদ্ধ হাতৰ গলৰ । যমৰ দুতৰ হাত এৰাই অজামিল । পূৰ্ব্ব শৰীৰত পুনৰপি প্রবেশিল । দেখি অতি আশ্চর্য বিস্ময় হুয়া আছে যমৰ দুতৰ কথা শুনিওক পাছে । পায়া পীড়া দুত গৈল দুৰক আন্তৰি । মহাভয়ে তৰ তৰি কাম্পে হাত ভৰি । কতো বেলি সুস্থ হুয়া ভয়ে নমায় মাথ কোন তুমি সব বুলি পুছে যুৰি হাত তুমি সব কোন কৈৰ পৰা আছা আসি । তোমাৰ ঈশ্বৰ কোন কহিয়ে৷ প্ৰকাশি কেনে ভঙ্গ কৰা যন ৰাজাৰ আজ্ঞাক । কোন অপৰাধে ক্ৰোধ কৰাহা আমাক দেৱ বিদ্যাধৰ হেন বুলিতে নপাৰি । সিদ্ধতো উত্তম জানো তুমি সব চাৰি । নজানিসে সোধো ক্রোধ ক্ষেমিব| আপুনি হেন ৰূপৱন্ত নতু দেখি নতু শুনি !