পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান | ১৯ কৰিও ভকতি নিত, হেনসে ভকতি হিত, মৰণতো নেৰে কদাচিত কৃষ্ণেসে পৰম দেৱ, কৃষ্ণক কৰিত সেৱ, কৃষ্ণত সৰ্ব্বদা দিয়ো মতি । আছে হৃদি অঙ্গ মাজে, 'ঈশ্বৰ কৃষ্ণত বাজে, আন কোন দেৱ দিবে গতি ॥ কৃষ্ণৰেসে সবে মায়া, ইটো ধন জন কায়া, আৰু তেজি ভজিও কৃষ্ণক ! কৃষ্ণত ভকতি বিনে, আন কৰ্ম্মে কোন জনে, ভুঞ্জিবেক দোৰ্ঘোৰ নৰক । শুনিয়োক বুদ্ধজন, কৰা সাৱধান মন, সমীপ পাইলেক কাল সৰ্প । ইটো আয়ু বৃথা নিলে, ভাঙ্গিবেক একে তিলে, ইসব বিষয় মহাদর্শ । থিৰ হইবে হাত ভৰি থাকিবেক দাস্ত তৰি, জাইবে জীৱ দুতৰ হাতত । ইসব অৱস্থাকেনে, সদা নুসুমৰা মনে, এভো নাই চেতনা গাৱত । গৈলে ঘোৰ যমপুৰ, সবেৰুদ্ধি হবে চুৰ, লোহাৰ ডাঙ্গৰ কোব পাই ।