পৃষ্ঠা:অজামিল উপাখ্যান.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । সংসাৰ চক্ৰত কৰে জীৱে যেন গতি ৷ সমস্তে কহিলে৷ ইটো তোমাত নৃপতি। আউৰ কিবা শুনিবে তোমাৰ আছে মতি । আবে পৰীক্ষিত মোভ পুছিয়ো সম্প্রতি। শুনা সভাসদ মহাভাগৱত পদ । নিকটতে আছে মহা মৰণ আপদ ৷ নৰকৰ নিকাৰ শুনতে ধাতু যায় । কোন সুখে নিদ্ৰা আছে নিচিত্ত৷ উপায় । দিনে দিনে টুতে আয়ু কৈত পৰে প্ৰাণ ৷ কোন দিন ধৰে যমে তাৰো নাই থান ॥ পিতৃ মাতৃ তনয় আগতে মৰি যায় । কিনো অন্ধ তথাপি চেতন গাত নায় ।। উমান নপায়া কাল অজাগৰে গিলে। ধন জন জীৱন যাইবেক একতিলে । মৰিবাক লাগে যাৰ তাৰ আন ৰাজ : মোৰ মোৰ কৰে কিনো সিশঙ্ক নিলাজ ।। নিচিন্তি নাথাকা কালে ধৰিলেক পৰা ৷ কৃষ্ণত বিমুখ যিটো জীৱন্ততে মৰা ৷ জানি পাপ সাগৰ ভৰিতে কৰা কাম ৷ নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম