পৃষ্ঠা:অঙ্কুৰ.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ প্ৰকৃতি দেবীৰ গলে মাণিকৰ দৰে, আলেখ জোনাকী শোভে জক্‌ মক্‌ কৰে পানী গছ ৰাজী শোভে শ্বেত সাগৰত, প্ৰবাহিনী বই আছে প্ৰখৰ বেগত। গছৰ ডালত পৰি প্ৰিয় বিহঙ্গিনী, ললিত মধুৰ স্বৰে আৰম্ভে ৰাগিনী।