পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অকণি বীৰাংগনা কনকলতা

ৰজনী। দুয়োকে কনকলতাই সজ-কথাবোৰ সজ কামবোৰ শিকালে।

 বৰ সৰুতেই কনকলতা কামে বনে পটু হৈ উঠিল। তাঁতশালত এশ কাঠিৰ চানেকিৰে ফুল বাচিব পৰা হ’ল। তাঁতশাল উদং হৈ থাকিবলৈ নোপোৱা হ’ল। পিতাক, ককাদেউতাকহঁতলৈ চোলা কাপোৰ, মাক, ঘৰৰ মানুহলৈ মেখেলা-চাদৰ, তদুপৰি গামোচা চেলেং চাদৰতো আছেই!

 ঘৰখনো আছিল বৰ সুৰুচিপূৰ্ণ। ভাল ভাল মানুহৰ আহ-যাহ। তেওঁলোকৰ লগত পিতাকহঁতে সমাজৰ কথা, পৰাধীন দেশৰ কথা, স্বাধীনতা সংগ্ৰামৰ কথা আলোচনা কৰে। এচুকত বহি কনকলতাই কথাবোৰ মনোযোগেৰে শুনি থাকে। কথাবোৰে তাইৰ অকণিৰ প্ৰাণত ভাৱৰ ঢৌ তোলে। দেশৰ কথা জানিবলৈ পাই তাইৰ আগ্ৰহ দুগুনে বাঢ়ে।

 অসমৰ সৰহ মানুহখিনিয়ে লেখা পঢ়া নেজানিছিল। পঢ়াশালিও ক'ৰবাত দুই এখনহে আছিল। তাকো প্ৰাইমাৰী। যিসকল ধনীমানি শিক্ষিত লোক আছিল তেওঁলোক দুই এজনে ঘৰুৱা শিক্ষকৰ হতুৱাই অথবা নিজেই ছোৱালীহঁতক পঢ়াশুনা শিকাইছিল।

 ইংৰাজসকলে সৰ্বসাধাৰণ মানুহৰ আওঁ ভাওঁ নোপোৱা স্বভাৱটোৰ সুযোগ লৈছিল। ভয়ভীত দেখুৱাই কাম আদায় কৰিছিল। দেশত কানি ভাং আদিৰ খেতি কৰোৱাই মানুহবোৰক সোৰোপা, কানিয়া আৰু দুৰ্ব্বল কৰি পেলোৱাৰ বুদ্ধি পাঙিছিল।

 দেশৰ কিছুলোকে দেশৰ ৰসাতলে যোৱা ব্যৱস্থা চাব নোৱাৰি তাৰ

9