পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অকণি বীৰাংগনা
কনকলতা

এক

 তেতিয়া যে দিনবোৰ কেনে বিলাই নোহোৱা আছিল! মন গ’লেও মানুহবোৰে মুকলি মনেৰে এষাৰ মনৰ কথা ক’ব নোৱাৰিছিল। ক’লৈকো যাব নোৱাৰিছিল। ক’ত কেতিয়া কেনেকৈ হঠাতে কি হ’ব পাৰে তাৰ কোনো ঠিকনা নাছিল। কাৰণ, ভাৰত দেশ তেতিয়া পৰাধীন দেশ আছিল। ভাৰত দেশত ইংৰাজ শাসকে শাসন কৰিছিল। বিদেশী ইংৰাজ সকলে কঠোৰ শাসনেৰে মানুহবোৰক দমন কৰি ৰাখিছিল।

 ভাৰত দেশৰ পূৱদিশত আছিল বৃহৎ অসম ৰাজ্য। মেঘালয়, অৰুণাচল, মিজোৰাম, নগাপৰ্ব্বত খাচীয়া জয়ন্তীয়াকে ধৰি বৰ অসম। বৰ অসমত অসমৰ ৰজা সকলে শাসন কৰিছিল। মানুহবোৰ সুখী আছিল। পিছে, এই অসমো এদিন ইংৰাজ শাসনৰ তললৈ যাব লগা হ’ল।

 এদিন গোটেই ভাৰতৰ মানুহখিনি একগোট হ’ল। ১৯১৯ চনত অমৃতসৰ নামৰ ভাৰতৰ ঠাইখনিত এখন বৰ ডাঙৰ সভা বহিল। সভাখন কংগ্ৰেছ সভা আছিল। তাকে দেখি ইংৰাজ শাসকে দেশত ‘ৰাওলাট’

5