পাৱে পৰি হৰি কৰহোঁ কাতৰি

।। ৰাগঃ কেদাৰ।।
ধ্ৰুং।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি
প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ বিষে জৰজৰ
জীৱন নৰহে থোৰ।।
পদ।। অথিৰ ধনজন জীৱন যৌৱন
অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিৱাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ।।
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক।
নাহি ভৱ ভয় ভোগে হৰি হৰি
পৰম্পদ পৰতেক।।
কহতু শঙ্কৰ এ দুখ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহূ গতি, মতি দেহু ছিৰীপতি
তত্ত্ব পন্থ উপদেশ।।