পখিলা/নাম-মাহাত্ম্য

[  ]

নাম-মাহাত্ম্য

 হিন্দুসকলৰ মাজত নাম-ধৰ্ম আছে। কেৱল ঈশ্বৰৰ নাম জপ কৰিলেই ঈশ্বৰৰ ওচৰ চাপিব পৰা যায় বুলি বিশ্বাস এটি আছে। এইটো বিশ্বাস কেৱল ঈশ্বৰৰ নামতেই নহয়, মানুহৰ নিজা নামৰ বিষয়তো এই বিশ্বাস অনুসাৰে নিষ্ঠাবানসকলে কাম কৰে। নিষ্ঠাবান লোকে ল’ৰা-ছোৱালীৰ নামকৰণৰ সময়ত সিহঁতৰ দুটি নাম ৰাখে, এটি গুপুত নাম আৰু এটি প্ৰকাশ্য নাম। গুপুত নাম কেৱল জন্ম- সোঁৱৰণীতহে লিখা থাকে আৰু প্ৰকাশ্য নামেৰে সিহঁতক মতা হয়।

 মানুহৰ বিশ্বাস যে আচল গুপুত নামটো জানিলে, সেই নামৰ আলম লৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰ চলাব পাৰি। মৰা মানুহৰ নামত তৰ্পণ কৰিব লাগিলেও আচল নামটোৰ সহায়তহে তেওঁৰ নামত দান-দক্ষিণা দিব পাৰি। সেইদৰে দেও-ভূত আদিয়ে মানুহৰ গাত লম্ভিলে, ভূতৰ ওজাই দেও-ভূতৰ “জনম-জাতি” আৰু নাম উচ্চাৰণ কৰে। দেও-ভূতৰ নাম নেজানিলে সিহঁতক খেদিব নোৱাৰি।

 এই বিশ্বাস আন এটি আত্মিক বিশ্বাসৰ ওপৰত বৰ্তি আছে। সেইটে৷ হৈছে নামেই জীৱাত্মাৰ প্ৰতিকৃতি। নামেই আত্মা আৰু আত্মাই নাম। হিন্দুসকলে শব্দ-ব্ৰহ্মত বিশ্বাস কৰে। ব্ৰহ্ম (পৰমাত্মা) শব্দময় আৰু শব্দই (নামেই) ব্ৰহ্ম।

 এই বিশ্বাস পুৰণিকলীয়া আন আন সভ্য জাতিৰ ভিতৰতো আছিল। খৃষ্টিয়ান বাইবেলত আছে, “In the beginning there was the Word, the Word was God.” আদিতে কেৱল শব্দই আছিল, আৰু শব্দই ঈশ্বৰ।

 পুৰণি ইজিপ্তৰ মানুহৰ ভিতৰতো এই বিশ্বাস অতি প্ৰবল আছিল। তেওঁলোকৰ নামকৰণ পদ্ধতিও হিন্দুৰ দৰে আছিল। গুপুত নামক তেওঁলোকে “ৰাণ” (Ran) বুলিছিল।

[  ]  নাম-মাহাত্ম্যৰ বিষয়ে ইজিপ্তীয় পুৰাণত এটি সাধুকথা আছে। সৃষ্টিৰ পাতনিত কেৱল পানীহে আছিল আৰু সেই পানী জগৎপিতা ৰা’-দেৱতা আছিল। ৰা’-দেৱতাই আদেশ দিলে আৰু সেইমতে পৃথিৱী আৰু আকাশৰ সৃষ্টি হ’ল। ক্ৰমে ৰা’-দেৱতাই সকলো জীৱ-জন্তু সৃষ্টি কৰিলে।

 ৰা-দেৱতাৰ বহুত নাম আছিল। তাৰ ভিতৰত এটি গুপুত নাম আছিল যাৰ বলত তেওঁ সকলো ঐশ্বৰ্য আৰু মহিমা দেখুৱাইছিল। এই গুপুত নাম দেও, ভুত, মানুহ কোনেও নেজানিছিল। আইচিচ নামে এজনী দেৱী আছিল। ৰা-দেৱতাৰ মহিমা দেখি তেওঁৰ ঈৰ্ষা উপজিল। ৰা’-দেৱতাৰ দৰে তেৱোঁ ঐশ্বৰ্যশালিনী হ’ব খোজে।

 আইচিচ দেৱী যাদুকৰী আছিল। তেওঁ যাদুকৰী শক্তিৰে অলৌকিক ঘটনা ঘটাব পাৰিছিল। তেওঁৰ উদ্দাম বাসনা জাগিল কেনেকৈ ৰা’-দেৱতাৰ গুপুত নামটো জানিব পাৰে। এই গুপুত নাম ৰা’-দেৱতাত বাদে কোনেও নেজানিছিল। আইচিচে ছল-ছেগ চাই থাকে। এদিনাখন ৰা’-দেৱতাই সিংহাসনত বহি বিশ্বৰ ঘটনাৰ ওপৰত ৰায় জাৰি কৰি আছে। কথা কওঁতে কওঁতে ৰা’-দেৱতাৰ মুখৰ পৰা থু ওলাইছে। ৰা’-ই সেই থু সিংহাসনৰ তলত মাটিত পেলালে। সভা ভঙ্গ হোৱাত আইচিচে থু পৰা মাটিখিনি বুটলি ল’লে। সেই মাটিখিনি মাৰি লৈ তেওঁ যাঠি এপাট সাজিলে। পিছত যাঠিপাট জুইত পুৰিলে। জুইৰ সেকত যাঠিপাঠ বিষধৰ সৰ্প হ’ল। আইচিচে সেই সাপডাল ৰা’-দেৱতাই সচৰাচৰ অহা-যোৱা কৰা বাটত থৈ দিলে। আইচিচত বাজে কোনেও সাপডাল নেদেখে।

 এদিনাখন ৰা’-ই অনুচৰসকল লগত লৈ বাটত টহল দিছে। হঠাৎ ভৰিত সাপে খুঁটিলে। বিহু বিয়পি গাত জুই জ্বলাদি জাগি উঠিল। ৰা’-ই পোৰণিত চিঞৰিব ধৰিলে। বিশ্বব্ৰহ্মাও ভেদি চিঞৰণিৰ খলক উঠিল।

 মৃত্যু-যন্ত্ৰণাত ৰা’-দেৱতাই নিজৰ ল’ৰা-ছোৱালীবোৰক ওচৰলৈ [  ] মাতিলে। লগতে আইচিচো গ’ল। আইচিচে ক’লে, “বিশ্বপিতা, তোমাৰ গুপুত নাম যদি মোক কোৱা, তোমাৰ নামৰ বলেৰে তোমাৰ পোৰণি বিহ নাইকিয়া কৰিব পাৰো।”

 ৰা’-দেৱতাই আইচিচৰ কথাত আছাট-বিছাট কৰিলে। গুপুত নাম দিবৰ ইচ্ছা নাই। আন সহস্ৰ নামৰ ভিতৰত কেইটিমান ক’লে, “মোৰ তিনিটা নাম, পুৱা বেলিকা খেপেৰা, দুপৰীয়া ৰা’ আৰু সন্ধিয়া টুম।” আইচিচে বুজিছে যে দেৱতাই আচল গুপুত নামটো কোৱা নাই। তথাপি আনক দেখুৱাবলৈ এই তিনিটা নামেৰেই জাৰিলে। কিন্তু মন্ত্ৰ নেফাঁপে। আইচিচে, ক’লে, “পিতৃ দেৱতা, আপুনি শক্তিশালী গুপুত নাম প্ৰকাশ কৰা নাই। সেই নামেৰে জাৰিলেহে আপোনাৰ বিহ নামিব।” দেৱতাৰ গাত বন পোৰা জুইৰ দৰে বিহ ছানি উঠিল। পোৰণিত তত নেপাই ৰা’-ই উচ্চাৰণ কৰিলে, “মোৰ গুপুত নাম মোৰ অন্তৰৰপৰা গৈ, আইচিচৰ অন্তৰত উদয় হ’ক।” ইচ্ছা প্ৰকাশ কৰা মাত্ৰকে ৰা’-দেৱতাৰ অন্তৰ্দ্ধান হ’ল। বিশ্বব্যাপী এন্ধাৰ নামিল। সেই এন্ধাৰত আইচিচৰ মনত ৰা’-দেৱতাৰ গুপুত নামৰ উদয় হ’ল।

 আইচিচে সেই নামক উদ্দেশ্য কৰি মন্ত্ৰ মাতিবলৈ ধৰিলে, “হেৰৌ বিহ, তই ৰা’-ৰ গাৰপৰা আঁতৰি যা। তেওঁৰ কলিজাৰপৰা, তেওঁৰ তেজৰপৰা—মুখেৰে ফেনে-ফোটোকাৰে ওলাই আহ। মোৰ মন্ত্ৰ ফাঁপিছে, মই বিষধৰ সৰ্পক বধ কৰিছো। বিহ নামি আহি মাটিত ছিটিকি পৰিছে। ৰা’-দেৱতা বাচি উঠক, তেওঁৰ নাম মোৰ হৃদয়ত জাগি উঠিছে।”

 এনেতে ৰা’-দেৱতাৰ আবিৰ্ভাৱ হ'ল। শৰীৰত বিহ নাই, তেওঁ পূৰ্ণ জ্যোতিৰে বিদ্যমান!