তুমি আৰু মই

নিয়া নিয়া কাঢ়ি নিয়া
আৰু যদি আছে কিবা
তোমাৰ সমল সখি অপূৰণ হৈ,
মোকতো নালাগে একো
হৃদয়ৰ এটি মাথো
মৰমৰ কথা, তাকো সখী নিদিবানে ঐ?
দিয়া দিয়া সখি মোক
ভাল পাবলৈ দিয়া
নহয় অশুচি মোৰ হিয়াৰ চেনেহ
তুমি মোক দিয়া ভালপোৱা
শুদা হৈ যক মোৰ অপূৰ্ণ আৱেগ !
তুমি যদি তুমিয়েই
নাই তাত ভেদাভেদ
ৰূপৰ জেউতি তেনে কিয় কিয় পোৱা
জানো তুমি তথাপিও
নজনাৰ ভাও ধৰা
তোমাৰেই সখী এই মই লীন হোৱা
মই কওঁ মই তুমি
তুমি কোৱা তুমি তুমি
তুমি আৰু তুমি মিলি হ'ক চুমাচুমি
আকাশত তাৰে এটি
ৰূপৰ জেউতি চৰি
কুমলীয়া জোনবায়ে চক জুমি জুমি
অব্যৰ্থ
বতাহলে এৰি দিলোঁ শৰ
পৃথিৱীত পৰিল বাগৰি
নাজানিলো সেই ঠাই ক'ৰ
নিমিষতে বহুদূৰ গ'ল
দুচকুৱে মাথো চাই ৰ'ল।
গালো গান শূণ্য বতাহত
পৃথিৱীতে পৰিল বিয়পি
নাজানিলো সেই ঠাই ক'ত
নিমিষতে কেনি জানো গ'ল
দুকাণত ধ্বনি মাথো ৰল।
পাৰ হল বহুত অতীত
দেখিলোঁ এখুট শৰ
শেৱালি জুপিত
গানে মোৰ লগালেহি মাত
সুৰৰ কঁপনি তুলি সখীৰ হিয়াত ।।