ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/লাইফ বোটত আৰু এজন সংগী
[ ৩৮ ]
পাঁচ
লাইফ বোটত আৰু এজন সংগী
পাঁচ মিনিট ধৰি কামিজটো উৰুওৱাৰ পাছত হঠাৎ বুজিলোঁ, মই ভুল কৰিছোঁ। বিমানখন বোটৰ ফালে অহাই নাই। মই ক'লা বিন্দুটোলৈ লক্ষ্য কৰি আছিলোঁ, ক্ৰমান্বয়ে বিন্দু ডাঙৰ হৈছিল। এনে লাগিছিল যেন বিমানখন মূৰৰ ওপৰেৰে যাব। কিন্তু সেইখন আছিল বহু দূৰৈত আৰু বহু ওপৰেৰে পাৰ হৈ গ'ল। বোটৰ ওপৰত থিয় হৈ জ্বলন্ত বেলিটোৰ তলত মই মাথোঁ ক'লা চিহ্নটোলৈ চাই ৰ'লোঁ। ধীৰে ধীৰে সেইটো দিগন্তত বিলীন হৈ গ'ল। পুনৰ বহি পৰিলোঁ মই। ভাগি পৰিছোঁ, কিন্তু আশা হেৰুওৱা নাই। সূৰ্যৰ পৰা নিজকে বচাবলৈ কিবা এটা কৰিব লাগিব।
বোটত চৌবিছ ঘণ্টা পাৰ হ'ল। মুখমণ্ডলত পানীৰে তিওৱা কামিজটো দি এইবাৰ বোটৰ একাষে বাগৰ দিলোঁ। টোপনিওৱাৰ আগ্ৰহ নাই, কাৰণ তেনে কৰিলে কি বিপদ হ'ব জানো। বিমানখনৰ কথা পুনৰ মনলৈ আহিল। মই নিশ্চিত নহয় যে সিহঁতে মোকেই বিচাৰি আহিছিল। আৰু সেইখননো কি বিমান মই ভালদৰে চিনাক্তও কৰিব পৰা নাছিলোঁ।
বোটৰ ওপৰত শুই থাকোঁতে তৃষ্ণাৰ যন্ত্ৰণা অনুভূত হ'ল। মুখৰ থু গধুৰ হৈ পৰিছে, ডিঙি শুকাই কাঠত পৰিণত হৈছে। ইচ্ছা হ’ল, সাগৰৰ পানীকে খাওঁ, কিন্তু নিজক সম্বৰণ কৰিলোঁ, জানো সাগৰৰ পানীয়ে ক্ষতি কৰিব। যদি প্ৰয়োজন হয়, পাছতো খাব পাৰিম। হঠাৎ পিয়াহৰ কথা পাহৰি পেলালোঁ। ঢৌৰ শব্দ তল পেলাই আকাশত পুনৰ বিমান আগমনৰ আৱাজ।
পুনৰ উত্তেজনা জাগি উঠিল মোৰ। প্ৰথম বিমানখন যি দিশৰ পৰা আহিছিল, সেই দিশৰ পৰাই আহিছে। আহিছে বোটৰ ফালেই। মূৰৰ ওপৰ পোৱাৰ আগতেই মই পুনৰ কামিজটো উৰুৱাবলৈ ধৰিলোঁ। কিন্তু বিমানখন বহু আঁতৰেৰে, বহু ওপৰেৰে পাৰ হৈ গুচি গ'ল। বিলীন হৈ গ'ল আকাশৰ শূন্যতাত। কিন্তু খন্তেক পাছতে সচকিত হৈ পৰিলোঁ মই, বিমানখন পুনৰ উভতি আহিছে। সিহঁতে নিশ্চিতভাৱে মোকেই বিচাৰিছে। বোটৰ ওপৰত থিয় দি কামিজটো হাতত লৈ পুনৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ।[ ৩৯ ] এটা কথা স্পষ্ট— বিমানকেইখনৰ অহা-যোৱাৰ দিশতে আছে মাটি। মই জানো এতিয়া কি কৰা উচিত। কিন্তু কেনেকৈ? নিশা যদিও বোটখন বহুদূৰ আগুৱাই আহিছে, তথাপি এতিয়াও মাটিৰ পৰা বহু দূৰৈত। পাৰ পাবলৈ কিমান ব’ঠা মাৰিব লাগিব নাজানো। ৰ'দৰ তাপে মোৰ ছাল শুকুৱাই পেলাইছে। ঠিক মুৰ্গীৰ ছালৰ দৰে। পেটত ক্ষুধাৰ দহন। আৰু এই সকলোকে অতিক্ৰমি তৃষ্ণাৰ যন্ত্ৰণা। আনকি হুমুনিয়াহ এৰাৰো শক্তি নাই মোৰ।
১২.৩০ মিনিটত, সঠিক সময়টো কিমান চোৱা নাই, দেখিলোঁ পানীত অৱতৰণ কৰিব পৰা এখন বিৰাট ক’লা বিমান পোনে পোনে মূৰৰ ওপৰলৈ উৰি আহিছে। স্পষ্টকৈ দেখিবলৈ পালোঁ সেইখন। দিনটো ইমান ফৰকাল যে মই দেখিবলৈ পালোঁ এজনে কক্পিটৰ পৰা হাওলি বাইন’কুলাৰেৰে সমুদ্ৰৰ বুকুত তালাচ কৰিছে। বিমানখন ইমান তলেৰে মোৰ কাষেৰে উৰি গ'ল যে ইঞ্জিনৰ বতাহ আহি মোৰ মুখত লাগিল। বিমানখনৰ গাত লিখা আখৰবোৰ পঢ়িবলৈ সক্ষম হ'লোঁ। কানাল এলেকাৰ উপকূলৰক্ষীৰ বিমান এইখন।
বিমানখন যেতিয়া কেৰিবিয়ানৰ মাজেৰে উভতি গ’ল, মোৰ আৰু কোনো সন্দেহ নাথাকিল। সিহঁতে মোক দেখা নাপালে। কিন্তু মই অবিৰত কামিজটো জোকাৰি গৈছোঁ আৰু চিঞৰিছোঁ— ‘সিহঁতে মোক বিচাৰি আহিছে।’ উত্তেজনাত উন্মাদৰ দৰে মই বোটৰ ওপৰত জঁপিয়াবলৈ ধৰিলোঁ।
মোৰ সন্ধান পালে
পাঁচ মিনিটৰ ভিতৰত ক’লা বিমানখন বিপৰীত দিশৰ পৰা পুনৰ উভতি আহিল। পূৰ্বৰ দৰে সেই একেই উচ্চতাৰে বাওঁফালে মোৰ ল'লে। সেইফালৰ খিৰিকীত দেখিবলৈ পালোঁ— মানুহ এজনে বাইন’কুলাৰ লৈ সমুদ্ৰ নিৰীক্ষণ কৰিছে। মই পুনৰ কামিজটো জোকাৰিলোঁ। এইবাৰ ধীৰে-সুস্থিৰে। যেন সাহায্য বিচৰা নাই, কেৱল ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মোৰ উদ্ধাৰকাৰীসকলক।
বিমানখন আগুৱাই আহিছে। যেন ভাৰসাম্য হেৰুৱাইহে নামি আহিছে তললৈ। যেন একেবাৰে সাগৰৰ পানীৰ ওপৰেৰে উৰি যাব। ভাব হ’ল পানীত অৱতৰণে কৰিব চাগে'। মই সাজু হ'ম। বিমানখন য’ত নামিব, মই তালৈকে ব’ঠা মাৰিম। কিন্তু পিছমুহূৰ্ততে বিমানখন পুনৰ ওপৰলৈ উঠি গ'ল। এপাক দি মূৰৰ ওপৰত অৱস্থান কৰিলে। কামিজটো আৰু জোকাৰিবলৈ বাদ দিলোঁ, অপেক্ষা কৰিলোঁ তললৈ নামি অহালৈ। কিন্তু ওলোটাটোহে ঘটিল— যি দিশৰ পৰা আহিছিল সেই দিশলৈ উভতি গ’ল বিমানখন। যি নহওক মোৰ দুশ্চিন্তাৰ কাৰণ নাই— মই নিশ্চিত, সিহঁতে মোক [ ৪০ ] দেখিছে। ইমান তললৈ আহি, বোটৰ ওপৰেৰে উৰি যোৱাৰ পাছতো মোক নেদেখাকৈ কেতিয়াও থাকিব নোৱাৰে। এইবাৰ মোৰ দুশ্চিন্তা আঁতৰিল, গভীৰ আস্থাৰে, আনন্দমনে বোটত বহি অপেক্ষা কৰিবলৈ ধৰিলোঁ।
এঘণ্টা পাৰ হৈ গ'ল। এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ পেলালোঁ মই। বিমানকেইখন যি দিশৰ পৰা আহিছিল, সেইফালেই নিশ্চয় কাৰটাজেনা। ক'লা ৰঙৰ বিমানখন যিফালে নোহোৱা হ'ল, সেইফালে নিশ্চয় পানামা। মই হিচাপ কৰি দেখিলোঁ। পোনে পোনে ব’ঠা মাৰি আৰু বতাহৰ শক্তিক কামত লগাই যদি আগুৱাই যাওঁ, তেন্তে নিশ্চয় তোলুত উপস্থিত হ'ব পাৰিম। তোলু পৰ্যটকৰ অৱসৰ বিনোদনৰ ঠাই। সেই দুয়ো এলেকাৰ মাজভাগতেই তোলু।
কিন্তু ভাব হ'ল এঘণ্টাৰ ভিতৰত আহি পাব আচল উদ্ধাৰকাৰীৰ দল। কিন্তু এঘণ্টা পাৰ হৈ গ'ল। পৰিষ্কাৰ প্ৰশান্ত সমুদ্ৰ। কিন্তু কোনো আশাৰ ঘটনা নঘটিল। তাৰ পাছত পাৰ হৈ গ'ল দুঘণ্টা, তাৰ পাছত আৰু এঘণ্টা আৰু এঘণ্টা। এটা মুহূৰ্তও লৰচৰৰ নকৰাকৈ বোটত বহি ৰ'লোঁ একেৰাহে। উত্তেজনাত অস্থিৰ হৈ দিগন্তলৈ চাই আছোঁ নিষ্পলক দৃষ্টিৰে। পাঁচ বজাৰ লগে লগে সূৰ্য অস্ত যাবলৈ ধৰিছে, কিন্তু মই আশা এৰি দিয়া নাই। মাথোঁ বাঢ়ি আহিছে অস্বস্তি-অস্থিৰতা। মই নিশ্চিত ক'লা ৰঙৰ সেই বিমানখনৰ পৰা মোক দেখিছে। কিন্তু উদ্ধাৰকাৰীৰ দল আহিবলৈ ইমান সময় লাগিছে কিয়? ডিঙি শুকাই গৈছে। ভীষণ কষ্ট হৈছে উশাহ-নিশাহ ল’বলৈ। দৃষ্টি মাথোঁ দিগন্তৰ
ডেষ্ট্ৰয়াৰ কালডাছ
হাঙৰবোৰ আহে পাঁচ বজাত
সমুদ্ৰৰ বুকুত ত্ৰিছটা ঘণ্টা অতিবাহিত কৰাৰ পাছত এই প্ৰথম কোনো এটা জীৱৰ সৈতে মোৰ এই মুখামুখি। হাঙৰৰ ফিচাই আতংক যোগায়, কিয়নো এইটো হৈছে মাৰাত্মক জীৱ। প্ৰকৃততে ফিচাৰ সমান নিৰীহ একো অংগ নাই। দেখিলে ভাব হয়, কোনো ভয়াৱহ জন্তুৰ অংগ। সেউজীয়া আৰু ৰুক্ষ গছৰ বাকলিৰ দৰে দেখিবলৈ। বোটৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত ভাব হ'ল প্ৰাণীটোৰ সজীৱ গোন্ধ এটাও আছে।
পাঁচ বাজিল। আবেলিৰ শান্ত সমুদ্ৰ। ধীৰে ধীৰে আৰু কেইবাটাও হাঙৰ আগুৱাই আহিছে। বোটৰ চতুৰ্দিশে পিয়াপি দিবলৈ ধৰিলে। তাৰ পাছত পোহৰ একেবাৰে শেষ হ'ল। কিন্তু স্পষ্ট উমান পাইছোঁ সিহঁত এতিয়াও ঘূৰা-পকা কৰি আছে। শান্ত পানীত ফিচাৰে খলকনি তুলিছে।
পৰৱৰ্তী দিনসমূহত মই পাঁচ বজাৰ পাছত বোটৰ ওপৰত বহাটো বন্ধ কৰি দিছিলোঁ। পাছৰ দিনবোৰত বুজি উঠিছিলোঁ যে হাঙৰে সময় মানি চলা জন্তু। ঠিক পাঁচটাৰ পাছতে সিহঁত আহি ওলায়, আন্ধাৰ নামিলেই আঁতৰি যায়।
আবেলি পৰিষ্কাৰ সমুদ্ৰত দেখা গ'ল এক অপূৰ্ব দৃশ্য। বোটৰ কাষলৈ আগুৱাই আহিছে অজস্ৰ ৰঙীণ মাছ। হালধীয়া, সেউজীয়া, নীলা, ৰঙা, পটি থকা, গোলাকাৰ, সৰু মাছ। ৰাতি নোহোৱালৈকে সিহঁতৰ বোটৰ কাষে কাষে সাঁতুৰি থাকিল। মাজে মাজে দেখা গ'ল সিহঁতৰ উজ্জ্বল জিলিকনি। তাৰ মাজতে দেখা গ'ল তেজৰ সোঁত। পানীত মিহলি হ’বলৈ ধৰিছে। হাঙৰৰ কামোৰত টুকুৰা-টুকুৰ হোৱা মাছৰ টুকুৰাবোৰ ভাঁহি গৈছে। দেখি মোৰ মন বিষাদময় হৈ পৰিল।
ক্ষুধা, তৃষ্ণা আৰু অস্থিৰতাৰ মাজত সমুদ্ৰত দ্বিতীয় ৰাতি। মই যেন পৰিত্যক্ত মানুহ। তথাপি মনত আশা লৈ আছোঁ। কোনোবা আহি উদ্ধাৰ কৰিব। সেই ৰাতিয়ে সংকল্প বান্ধি ল'লোঁ – মনোবল আৰু শৰীৰত অৱশিষ্ট শক্তিৰ ওপৰতে মই জীয়াই থাকিব লাগিব।
এটা কথাত মই অবাক হৈছোঁ— দুৰ্বল হলেও মই কিন্তু ভাগি পৰা নাই। চল্লিছটা ঘণ্টা কটাইছোঁ অনাহাৰে। দুদিন-দুই ৰাতি শোৱা নাই। দুৰ্ঘটনাৰ আগৰাতিও জাগি আছিলোঁ। তাৰ পাছতো মই ব’ঠা মাৰিবলৈ সক্ষম।
পুনৰ আকাশলৈ দৃষ্টি দিলোঁ সপ্তৰ্ষি বিচাৰি। সেইপিনে চকু থৈ মই ব’ঠা মাৰি [ ৪২ ] গ'লোঁ। কোমল বতাহ বলিছে। পানীৰ আৱাজত বুজিছোঁ— মই আগুৱাই গৈ আছোঁ। বঠা মাৰি মাৰি অৱশেষত ভাগৰি পৰিলোঁ, বিশ্ৰাম ল’বলৈ ইচ্ছা গ'ল। কিন্তু নাই, পুনৰ সজোৰে মুঠা মাৰি ধৰিলোঁ ব’ঠাত, পৰম আশাৰে। পাৰ মই পাবই লাগিব। এতিয়া মাজনিশা। তথাপি মাৰি গৈ আছোঁ ব’ঠা।
এজন সংগী
দুপৰ নিশা। ঠিক দুই বজাৰ পাছত মই একেবাৰেই বিপৰ্যস্ত হৈ পৰিলোঁ। ব’ঠা দুপাট দেহৰ ওপৰত থৈ শুবলৈ চেষ্টা কৰিলোঁ। পিয়াহত মই কাহিল হৈ পৰিছোঁ। মই ইমানে ক্লান্ত যে মূৰটো ব’ঠাৰ ওপৰত থৈ যেন মৰিবলৈহে নিজকে এৰি দিলোঁ আৰু ঠিক তেতিয়াই দেখিবলৈ পালোঁ জেম মাঞ্জাৰাৰ্ছক। ডেষ্ট্ৰয়াৰৰ ডেকত বহি বন্দৰৰ পিনে আঙুলিয়াই দেখুৱাইছে। বোগোটাৰ জেম নৌবাহিনীৰ সকলোতকৈ পুৰণি বন্ধু। মোৰ আনবোৰ বন্ধুলৈকো মনত পৰিল। সিহঁতৰ বা কি হ’ল? বোটত উঠিবলৈ সক্ষম হ’ল নে নাই? ইমান সময়লৈ মোৰ কেতিয়াও জেমৰ কথা মনলৈ অহা নাছিল। কিন্তু তাক এতিয়া চকু মুদি দেখিবলৈ পালোঁ। সি হাঁহিছে। বন্দৰলৈ আঙুলিয়াইছে। জাহাজৰ ডাইনিং হলত বহি আছে মোৰ মুখামুখিকৈ। হাতত প্লেটভৰ্তি ফল আৰু কণীভজা।
আঃ মই সপোন দেখিছোঁ নেকি? কিন্তু চকু মেলিলেই সকলো নোহোৱা হৈ যায়, মুদিলেই পুনৰ দেখিবলৈ পাওঁ জেমক। হুবহু সেই দৃশ্য। ঠিক কৰিলোঁ, তাৰ সৈতে কথা পাতিম। প্ৰথমে কি সুধিলোঁ মনত নাই। সিনো কি উত্তৰ দিলে সেয়াও মনত নাই। আমি যেন দুয়ো ডেকৰ ওপৰত বহি কথা পাতিছোঁ। তাৰ পাছত হঠাৎ ঢৌৰ প্ৰচণ্ড খুন্দা। এঘাৰ পঞ্চাছৰ পৰা সেই সৰ্বনাশী ঢৌ। মই জাঁপ মাৰি থিয় হ'লোঁ। সমস্ত শক্তিৰে চেষ্টা চলালোঁ— যাতে পৰি নাযাওঁ। আকাশখন ক’লা গৈছে। ইমানে ক্লান্ত যে শুবও পৰা নাই। অন্ধকাৰে মোক আৱৰি ধৰিছে। বোটৰ আনটো মূৰৰ পিনে যোৱাৰো ইচ্ছা নহ'ল মোৰ। সপোনৰ আৱেশত মই তেতিয়াও ডুবি আছোঁ। জেমক দেখিবলৈ পালোঁ। নীলা পেণ্ট আৰু কামিজ, মূৰত কাণৰ পিনে হেলনীয়াকৈ পিন্ধা টুপী— য'ত লিখা আছে — ‘এ আৰ চি কালডাছ।’
‘হেল্লো?’, ভূমিকা নোহোৱাকৈ সুধিলোঁ— 'তুমি পানী ঠিকমতে খাইছানে?’ সি সুধিলে।
‘আমি দেখোন কাৰটাজেনা পালোঁহি আৰু।’ উত্তৰ দিলোঁ মই— ‘মই ৰেমন হেৰোৰাৰ সৈতে ষ্টাৰ্ন ডেকত বিশ্ৰাম লৈছিলোঁ।’
এয়া কোনো ভৌতিক কাণ্ড নহয়। মই ভয়ো খোৱা নাই। মোৰ নিজকে অদ্ভুত লাগিছিল অকলে অকলে। গমেই পোৱা নাছিলোঁ যে ইমানপৰে বোটত আৰু এজন [ ৪৩ ] নাৱিক আছে।
‘তুমি খোৱা নাই কিয়?' জেম মাঞ্জাৰাৰ্ছে মোক সুধিলে।
‘সিহঁতে মোক খাবলৈ দিব খোজা নাই। মই আপেল আৰু আইচক্ৰীম খুজিছিলোঁ। নিদিলে। নাজানো ক’ত লুকুৱাই থৈছে সেইবোৰ।’
জেম মাঞ্জাৰাৰ্ছে উত্তৰ নিদিলে। এক মুহূৰ্তৰ বাবে মৌনতা। সি ঘুৰি গৈ পুনৰ কাৰটাজেনাৰ দিশে আঙুলিয়াই দেখুৱালে। পাৰত যেন পোহৰৰ তিৰবিৰণি দেখিবলৈ পালোঁ।
‘আমি পালোঁহি।’ স্বগতোক্তিৰ দৰে মুখেৰে নিগৰি পৰিল কথাখিনি। এক দৃষ্টিৰে চাই ৰৈছোঁ। পাৰৰ পোহৰলৈ কোনো আৱেগ অবিহনেই, কোনো আনন্দ অবিহনেই, যেন এটি স্বাভাৱিক সমুদ্ৰ যাত্ৰাৰ ওৰ পেলাই উভতি আহিছোঁ। মই জেমক ক'লোঁ— ‘আৰু কিছুপৰ ব’ঠা মাৰিব লাগিব।’ কিন্তু এইবাৰ সি কাষত নাই। বোটত মই অকলে। বন্দৰৰ পোহৰ কণাবোৰ ৰশ্মিলৈ পৰিৱৰ্তন হ’ল। সমুদ্ৰত নিসংগতাৰ তৃতীয়দিনা এয়া প্ৰথম সূৰ্যৰ পোহৰ।