ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ

[ ৫৬ ]

আঠ

এটা মাছৰ বাবে
হাঙৰৰ সৈতে যুদ্ধ

 বিগত সাতটা দিন পাৰৰ ফালে নগৈ সমুদ্ৰৰ মাজলৈ আঁতৰি গৈ আছোঁ— এই দুশ্চিন্তাই মোৰ যুঁজ দিয়াৰ শক্তি নোহোৱা কৰি পেলালে। কিন্তু মৃত্যু কাষলৈ আহিলে হেনো আত্মৰক্ষাৰ প্ৰবৃত্তি বাঢ়ি যায়। সম্ভৱতঃ শেষত মোৰো সেয়ে হ’ল। বহুকেইটা কাৰণত আজিৰ দিনটো বাকী দিনবোৰৰ তুলনাত বেলেগ আছিল। সমুদ্ৰ শান্ত, সূৰ্যৰ পোহৰো উজ্জ্বল আৰু পৰিষ্কাৰ। মৃদু বতাহে বোটখনক ধীৰে ধীৰে আগুৱাই নিছে। সূৰ্যৰ তাপো উপভোগ্য হৈ উঠিছে।

 আজি মাছবোৰেও যেন অন্য ৰূপ লৈছে। পুৱাৰে পৰাই সিহঁত বোটৰ কাষে কাষে সাঁতুৰি ফুৰিছে। স্পষ্টকৈ দেখিবলৈ পাইছোঁ— নীলা, ৰঙা, বাদামী সকলো ৰঙৰ, সকলো আকৃতিৰ মাছ। এনে লাগিল যেন বোটখন এটা একুয়াৰিয়ামৰ ভিতৰতহে ভাঁহি ফুৰিছে।

 নাজানো— সাত দিন ধৰি অনাহাৰে এনেদৰে সমুদ্ৰত থকাৰ পাছত বাচি থাকিবলৈ মানুহ অভ্যস্ত হৈ পৰেনে নাই। মাছবোৰ যেন মোৰ যাত্ৰাৰ সহচৰ, বিশ্বস্ত সংগী। মোৰ সাদিনীয়া পুৰণি বন্ধু।

 আজিৰ এই পুৱা আকৌ চিন্তা কৰিলোঁ যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’বই লাগিব। যদিও মই নিশ্চিত, বোটখন য'ত আহি উপস্থিত হৈছে, সেই ঠাইত কোনো জাহাজ নাই। আনকি গঙাচিলনীবোৰো দিশহাৰা।

 তথাপি ভাব হ’ল সাতটাকৈ দিন এনেদৰে দিক্‌বিদিক হেৰুৱাই উটি-ভাঁহি ফুৰাৰ পাছত সমুদ্ৰত অভ্যস্ত হৈ পৰিছোঁ মই। মৃত্যুভয়ৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। জীয়াই থাকিবলৈ মোৰ আৰু কোনো ব্যাকুলতা নাই। এটা সপ্তাহ প্ৰবল ঢৌ আৰু বতাহৰ মাজত জীৱন পাৰ কৰি দিছোঁ। গোটেই জীৱনটো এই বোটতে অতিবাহিত কৰা অসম্ভৱ নেকি?

 মাছবোৰে পানীৰ ওপৰভাগত সাঁতুৰি ফুৰিছে। সমুদ্ৰ এতিয়াও পৰিষ্কাৰ আৰু [ ৫৭ ] শান্ত। চাৰিওফালে ইমান সুন্দৰ আৰু লোভনীয় মাছ— যেন হাত আগবঢ়ালেই ধৰিব পাৰি। ক’তো হাঙৰ চকুত পৰা নাই। পানীত ভাঁহি আছে এটা উজ্জ্বল নীল বৰণীয়া মাছ, কমেও ২০ চেণ্টিমিটাৰ দীঘল, বক্ৰাকাৰ দেহ। মাছটো ধৰিবলৈ সতৰ্কতাৰে হাতখন আগবঢ়াই দিলোঁ। লগে লগে পানীত আলোড়ন তুলি অদৃশ্য হৈ গ'ল মাছবোৰ। কিন্তু খন্তেক পাছত পুনৰ ভাঁহি উঠিল। হাতেৰে মাছ ধৰাটো প্ৰায় দুঃসাধ্য কাম। অতি ক্ষিপ্ৰ হ’ব নোৱাৰিলে সফল হোৱা নাযাব। পানীৰ তলত হাতৰ শক্তি কমি যায়। ক্ষিপ্ৰতাও নাথাকে। জাকৰ মাজত নিৰ্দিষ্টকৈ এটা মাছক বাছি ল'লোঁ। পুনৰ চেষ্টা চলালোঁ ধৰিবলৈ। আৰু ধৰিবলৈ সক্ষম হ'লোঁ। কিন্তু অকল্পনীয় তড়িৎ গতিৰে সি হাতৰ পৰা সৰকি গ'ল। মই ধৈৰ্যসহকাৰে পুনৰ অপেক্ষা কৰাত লাগিলোঁ।

 আন্দাজ কৰিব পৰা নাই যে ইয়াত হাঙৰ থাকিব পাৰে। কিলাকুটিপৰ্যন্ত সুমুৱাৰ পাছত ভাব হ’ল, যদি হাঙৰ থাকে, তেন্তে একে কামোৰত হাতখন ছিগি লৈ যাব পাৰে। পুৱা দহ বজালৈ মাছ ধৰাৰ চেষ্টা অব্যাহত ৰাখিলোঁ। কিন্তু একেবাৰেই ব্যৰ্থ। মাছবোৰে মোৰ আঙুলিত খুঁটিবলৈ ধৰিছিল। এটা স্বচ্ছ ৰূপালী মাছ। কমেও ডেৰ ফুট দীঘল, ক্ষুদ্ৰ ক্ষুদ্ৰ চোকা দাঁত। হঠাৎ কামোৰ মাৰি দিলে মোৰ আঙুলিত। ওলাই আহিল তেজ।

 বোটৰ ওপৰত হাঙৰ

 হয়তো মোৰ আঙুলিৰ পৰা ওলোৱা তেজৰ গোন্ধৰ বাবেই আহি ওলাল হাঙৰবোৰ। মুহূৰ্তৰ ভিতৰত সিহঁতে পৰস্পৰৰ মাজত ‘যুঁজ’ আৰম্ভ কৰি দিলে। ইমানবোৰ হাঙৰ একেলগে কেতিয়াও দেখা নাছিলোঁ মই। ডলফিনৰ দৰে লফিয়াইছে, মাছবোৰ খেদি ফুৰিছে আৰু গিলিছে গোটে গোটে। ভয় খাই মই বোটৰ মাজলৈ আহি সিহঁতৰ এই ধ্বংসলীলা চাবলৈ ধৰিলোঁ।

 হঠাৎ এটা হাঙৰে পানীৰ ওপৰপৃষ্ঠলৈ উঠি আহি ফিচাৰে এনেদৰে কোব মাৰিলে যে বোটখন কঁপি উঠিল। পানীত এসোঁতা যেন তুলি পুনৰ অদৃশ্য হৈ পৰিল হাঙৰটো। এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটৰ ওপৰত। মই হাতত তুলি ল'লোঁ ব’ঠা এপাট। তেনেতে হাঙৰৰ খেদা খাই বোটৰ ওপৰত জঁপিয়াই উঠি আহিল এটা সেউজীয়া বৰণৰ মাছ। দীঘলে প্ৰায় আধা মিটাৰ। দেহৰ সমস্ত শক্তিৰে মই তাৰ মূৰত সজোৰে আঘাত কৰিলোঁ।

 এনেধৰণে বোটৰ ভিতৰত মাছ মৰা মামুলি কথা নহয়। বোটখন দুলিবলৈ ধৰিলে। আৰু অলপ বেছি হ’লেই হয়তো লুটি খাই গ'লহেঁতেন। বিপজ্জনক পৰিস্থিতি। বুদ্ধিভ্ৰষ্ট হ’লে নহ’ব। যদি অন্ধৰ দৰে কাম কৰিবলৈ লওঁ, নিমিষতে বোটখন ডুব যাব পানীত।

[ ৫৮ ] ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্‌ফটাইছে সি।

 আঘাতপ্ৰাপ্ত মাছৰ ছট্‌ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন।

 সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব।

 কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং [ ৫৯ ] মানেই যে বিষ। নাজানো এই মাছৰ মাংস বিষাক্ত হয় নে নহয়। জানিবলৈ মোৰ ইচ্ছাও নাই। মোৰ পেট কলমলাই উঠিছে মাছৰ টুকুৰা এটাৰ আশাত।

 বেচেৰা শৰীৰ

 যেতিয়া খাবলৈ হাতত সঁচাকৈয়ে একো নাথাকে, তেতিয়া ক্ষুধা সহ্য কৰা যায়। কিন্তু যেতিয়া এই সতেজ মাছটো চাবিপাটেৰে কাটিবলৈ চেষ্টা কৰিছোঁ তেতিয়া অসহ্যকৰ হৈ উঠিল ক্ষুধা। বুজিলোঁ, এইটো যদি সঁচাকৈয়ে খাবলৈ বিচাৰোঁ, তেন্তে মই আৰু অধিক দৃঢ় হ'ব লাগিব। লাহেকৈ থিয় দিলোঁ। মাছৰ ফিচাত গচকি ধৰি ফুলেৰে ব’ঠাৰ হাতলপাট সুমুৱাই দিলোঁ। মাছটো তেতিয়াও জীৱিত। মূৰত আৰু এবাৰ কোব এটা শোধালোঁ। ঢাকি ৰখা কঠিন অংশটোকে আঁজুৰি ছিঙি পেলাবলৈ চেষ্টা কৰিলোঁ। আঙুলি তেজেৰে ৰাঙলী হৈ পৰিছিল। মাছৰে তেজ নে মোৰেই তেজ ধৰিবই নোৱাৰিলোঁ। মোৰো হাত কাটিছে। আঙুলিৰ ছাল এৰি গৈছে। মাছটোৰ তেজৰ গোন্ধ পাই পুনৰ অস্থিৰ হৈ পৰিল হাঙৰবোৰ। বিৰক্তিত এবাৰ ভাবিলোঁ— হাঙৰৰ মাজলৈকে দলিয়াই দিওঁ নেকি মাছটো। যিদৰে গঙাচিলনীটো দিছিলোঁ।

 মই হতাশ আৰু অসহায়। মাছটোকো কাটিব পৰা নাই।

 অৱশেষত মাছটোৰ কোমল ঠাই এটুকুৰা বিচাৰি উলিয়ালোঁ। দুয়ো ফুলৰ মাজত আঙুলি সুমুৱাই ভিতৰৰ অংগবোৰ বাহিৰ কৰি আনিবলৈ চেষ্টা চলালোঁ। ভিতৰৰ অংগবোৰ কোমল। মানুহে কয়, হাঙৰৰ ফিচাত হেঁচুকি দিলে মুখেৰে পেট, পাকস্থলী সকলো ওলাই আহে। মই কাৰ্টাজেনাত দেখিছিলোঁ, ওলোমাই থোৱা হাঙৰৰ মুখৰ পৰা কিদৰে ক’লা ক’লা নাড়ী-ভুৰুবোৰ ওলাই আহিছে।

 সৌভাগ্যবশতঃ মাছটোৰ পেটৰ ভিতৰখিনি হাঙৰৰ দৰেই কোমল। আঙুলিৰে খামুচি বাহিৰলৈ টানি উলিয়াবলৈ বেছি সময় নালাগিল। পেটৰ ভিতৰত এসোপা কণী। চাফা কৰি লৈ প্ৰথম কামোৰটো দিলোঁ। ছাল ভেদ কৰিব নোৱাৰিলোঁ। দ্বিতীয়বাৰ কামোৰ দিলোঁ আৰু জোৰেৰে। মুখখন বিষাই উঠিল। লাহে লাহে ঢিলা হ’ল। গোটেই টুকুৰাটো মুখত ভৰাই চোবাবলৈ ধৰিলোঁ।

 কিন্তু সোৱাদ অসহ্যকৰ। কেঁচা মাছৰ গোন্ধ এনেই সহ্য কৰিব নোৱাৰি। এই মাছ টুকুৰাৰ গোন্ধ আৰু উৎকট। সামান্য পাথৰৰ দৰে, তেলতেলীয়া। ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে কোনোবাই কেঁচা মাছ খাব পাৰে। কিন্তু মুখৰ ভিতৰত সুমুৱাই মাছ টুকুৰা চোবাই থকাৰ সময়ত মোৰ বিশ্বাস হ’ল যে সঁচাকৈয়ে আজি মই কিবা এটা খাবলৈ পাইছোঁ।

 যি নহওক, অৱশেষত খাবলৈ পাই ভালেই লাগিল। আৰু এটুকুৰা চোবাবলৈ [ ৬০ ] ধৰিলোঁ। প্ৰথমে মোৰ ভাব হৈছিল যে এটা সম্পূৰ্ণ হাঙৰকে খাই পেলাব পাৰিম। কিন্তু দুটুকুৰামান খোৱাৰ পাছতে পেট ভৰি গ'ল। এটা মুহূৰ্ততে সাত দিনৰ ভয়ংকৰ ক্ষুধা পূৰ হৈ গ'ল। দেহত বল ঘূৰাই পোৱা যেন লাগিছে এতিয়া। যেন প্ৰথম দিনটোৰ দৰে বলৱান। আগতে জনা নাছিলোঁ যে কেঁচা মাছে পানীৰ তৃষ্ণাও দূৰ কৰে। এতিয়া দেখিলোঁ মাছটোৱে মোৰ ক্ষুধা আৰু তৃষ্ণা দুয়োটাই দূৰ কৰিছে। এতিয়া মোৰ মনত আশাৰো সঞ্চাৰ হ’ব ধৰিছে। বেছ কিছুদিনলৈ খাদ্য সঞ্চিত হ’ল এতিয়া। এই আধা মিটাৰ দীঘল মাছটোত মই মাত্ৰ দুটাহে কামোৰ দিছোঁ।

 মাছটোক কামিজটোৰে মেৰিয়াই বোটখনৰ তলৰ ফালে থৈ দিলোঁ— যাতে সতেজ হৈ থাকে। কিন্তু পাছত প্ৰথমে ধুই ল’বলৈ ফিচাত ধৰি বোটৰ একাষলৈ আনিলোঁ। হাঙৰৰ কথা মনলৈ নাহিল। মাছটো সাগৰৰ পানীত নমাই দিয়াৰ লগে লগেই এটা হাঙৰৰ ভয়ংকৰ খুন্দা অনুভৱ কৰিলোঁ। সৰ্বশক্তিৰে মই মাছটো ধৰি থাকিলোঁ। কিন্তু হাঙৰটোৰ খুন্দাত মই পৰি গ'লোঁ বোটৰ ওপৰত। তথাপি মই এৰি দিয়া নাই মাছটো। ধৰি আছোঁ প্ৰাণপণে। সেই মুহূৰ্তত মোৰ অলপো খেয়াল হোৱা নাই যে হাঙৰে এটা কামোৰত মোৰ হাতখনেই ছিঙি লৈ যাব পাৰে।

 দুৰ্ভাগ্য! মোৰ হাত খালী কৰি হাঙৰটোৱে চিকাৰ লৈ পলাই গ'ল। খং-হতাশাৰে ব’ঠাপাট লৈ বোটৰ কাষত থকা হাঙৰটোৰ মূৰতে মাৰ এটা শোধাই দিলোঁ। জাপ মাৰি উঠিল সি। নিৰ্ভুল কামোৰ তাৰ— ব’ঠাপাট অনায়াসে ভাঙি খাই পেলালে সি।