বৰ-কৰতি
চক্ৰকৰতি
শ্ৰীকৃষ্ণায় নমঃ

নমো চক্ৰবাণ উতপতি ভৈলা। ত্ৰিদশ কোটি দেৱতাৰ মায়া সংহাৰিবে লৈলা। চৌষষ্টি যোগিনীৰ বিষ, ডাকিনীৰ বিষ খণ্ড খণ্ড কৰিলা। বিষ মন্ত্ৰ বেকত কৰি ভূত-প্ৰেত পিশাচক, দৈত্য-দানৱ কাটি খণ্ড খণ্ড কৰিল।। চক্ৰমাণ মন্ত্ৰ যি পিনে য়াই, আঘেৰ জনা বাটোৱালীৰ বিষ সংহৰি পেলায়।। নমো চক্ৰবাণ গৰ্ভক যাই ব্যাল্লিশ কোটি বিষ ৰোগ ব্যাধি খেদি খেদি খায়। নমো চক্ৰবাণ ধৰিলো ডাটি নৰ-নাৰীৰ ছয় চক্ৰ বিষ ব্যাধি সংহাৰি পেলায়।। নমো চক্ৰমন্ত্ৰ উচ্চাৰণ কৰো। চৌষষ্টি ৰোগ ব্যাধিক সংহাৰণ কৰো। অনাদি অনন্ত পুৰুষে অস্ত্ৰক দিলা। সুদৰ্শন চক্ৰপাট হাতে তুলি লৈলা। চক্ৰক পঢ়ি চক্ৰক নমস্কাৰ কৰি ব্ৰহ্ম মন্ত্ৰ প্ৰহাৰ কৰো।। বং সে হুঙ্কাৰ দ্ৰাবয় মাৰয় শোষয় বিম্বাদ শবদে চক্ৰ ফুৰয়। ছয়ত্ৰিশ কোটি ব্যাধিৰ মিলল প্ৰলয়, অন্তে কাটো অন্তকৰালী মাথা কাটো মাথো বিষালী ছয়চক্ৰ নৰ-নাৰীৰ হৃদয়ৰ বিষ ব্যাধি কাটো ব্ৰহ্মমন্ত্ৰ হানি মাৰো ব্ৰহ্মামন্ত্ৰ বাণ কাটি কৰো ব্যাল্লিশ কোটি ৰোগ নিৰ্যাণ সোহংঙ্কাৰ হুং হুঙ্কাৰ ৰোহঙ্কাৰ। গদা প্ৰহাৰ আঠ অঙ্গ নাৰীৰ বিষ ছয় চক্ৰ ছয় বিষ ব্যাধি কাটি কৰো সংহাৰ। গাৰয় দাৰয় বিদাৰয় শোষয় সবে উচাটয় হৰ হৰ বিষ তৈতে মৰ।।*।। ব্ৰহ্মাৰ তনয় নিধিছি আছিলয়। তেহন্তে নমিল হৰৰ চৰণে নমস্কাৰ কৰি। ধন কুবেৰৰ পাশে যাই চলি।। দুই হানো ঘোৰ ৰূপক ধৰিলা। হৰৰ প্ৰসাদে ধিয়ানতে পাইলা। সেহি বেলা মহাদেৱে স্তুতি কৰি সুদৰ্শন চক্ৰক নমাইলা।। বিম্বাদ শৱদে চক্ৰে দেখিলা। ভূত প্ৰেত পিশাচক খেদি খেদি খাইলা।। সেহি চক্ৰবাণ উচ্চাৰণ কৰো। চৌব্বিশ কোটি ৰোগ ব্যাধি মাৰো পানীকৃত্য কৰি।। কোন কোন ব্যাধিৰ কোন কোন নাউ। চাৰিশ কোটি ৰোগ ব্যাধি যাইব আপুনি পলাই। প্ৰথমতে জ্বৰব্যাধি অতি দৃঢ়তৰ চক্ৰ মন্ত্ৰে কাটি কৰো খণ্ড খণ্ড। চেঙ্গা চেঙ্গেলীয়া মৌবিচনীয়া জাৰো, শূলা গ্ৰহণী শূলকো কাটি চক্ৰবাণ খণ্ড খণ্ড কৰো। জ্বৰখাপৰি, শিলাখাপৰি, পাণ্ডুখাপৰি, খলাখাপৰি, খৰপীড়া, খহনিপীড়া পৰম দাৰুণ চক্ৰমন্ত্ৰে জাৰি কৰো নিৰ্মূল। হৰ হৰ জাৰিলো ৰোগব্যাধি পানীকৃত্য হুই পৰ।।*।। নমো চক্ৰবাণ ধৰিলো ডাটি। পেটকামুৰি, পীতকামুৰি, আন্তকামুৰি, পেলুকামুৰি, ব্যাধি জাৰো।। নমো চক্ৰবাণ ধৰিলোঁ ডাটি হাতীকামুৰি, কুচিয়াকামুৰি, অন্তকামুৰি বাওকামুৰি, পেলুকামুৰি, পেলাইবো কাটি। নমো চক্ৰবাণ ধৰিলো ডাটি। পঘাগুণঠিয়া, পটাপোৱালিয়া, পদুমনলা পেলালো কাটি। হৰ বিষ হৰ ছত্ৰিশ কোটি ব্যাধি ৰোগ জাৰো পানীকৃত্য হুই পৰ।।*।। নমো চক্ৰবাণ উচ্চাৰণ কৰো। সূৰ্য্যশূলা, নাভীশূল, গৰ্ভশূল, উখাহশূল মাৰি সংহাৰণ কৰো।। হৰ বিষ হৰ, চৌষষ্টি বিষ মাৰো পানীকৃত্য হুই পৰ।।*।। পাতালফুটি পৰিল পানী। মাছ কাছ কৰে ভাটি উজনি, গণ্ডুষত কৰি ধৰিলো জল। পানীকৃত্য কৰো বিষৰ বল। কুৰিয়া, ঢেকনিয়া, ঢেকেয়া টুবলীয়া, পেট আভোগ গুণ্ড গুণ্ড পীড়া গৰ্ভত ৰাস চক্ৰ মন্ত্ৰেৰে জাৰো পানীকৃত্য হুই পৰ।।*।। ডালহৰা পানীহৰা বজ্ৰ কটকটি, জিনজিনি, সিৰসিৰি, চটফটি, ধপধপি, পোৰণি, দেৱনি, বিষনি, কোপনি, চক্ৰ মন্ত্ৰে জাৰি কৰিলো পানী, ফুট ব্ৰহ্মবাণ ফুট, সৰ্বাঙ্গৰ বিষ টুটু, হুং হুংঙ্কাৰ চৌচক্ৰ, চৌধাৰ কাটো চক্ৰ বিষ নাই আৰ। ব্ৰহ্মা মহেশ্বৰে দিলেক বাণ। ব্ৰহ্মা অস্ত্ৰে বিষৰ কৰো নিৰ্য্যাণ। উতঙ্গ সোহং সৰ্ববিষ নোহং তঙ্গখাৰ তোসৰং চক্ৰে কাটো সৰ্বাঙ্গৰ বিষ নাই আৰাওঁ বিভঙ্গ পানী জাৰিলো বিষক কৰিলো পানী, ব্ৰহ্মা মহেশ্বৰৰ ডাক বিষ্ণুৰ বাণী চাৰিশ কোটি ব্যাধি জাৰি কৰো নিৰ্য্যাণ। হৰ বিষ হৰ, চৌষষ্টি ৰোগ ব্যাধি পানীকৃত্য হুই পৰ।।*।। আমুকাৰ গাৱত বেদনা কৰস যেৱে মহাদেৱৰ ত্ৰিশূলত পৰি মৰস তেৱে।। ৰোগীৰ গাৱত থাক, শ্ৰীৰাম বাণত পৰি মৰ। যেৱে কৰস মহাদেৱৰ মাথাত কামোৰস। বিষ্ণুৰ দোহাই, ব্ৰহ্মাৰ দোহাই ঈশ্বৰীৰ দোহাই। ৰোগীৰ গাৱত থাকি খাৱস। ভীমৰ গদাত পৰি ভস্ম হোৱস। যেৱে শৰীৰত ৰোগীৰ বেদনা কৰস। পাশুপত্ৰ অস্ত্ৰত পৰি ভস্ম হোৱস।। আঠ অঙ্গ বত্ৰিশ শৰীৰ গৰ্ভৰ চৌচক্ৰৰ নৰ-নাৰী, তেজ, মাংসৰ, অস্থিৰ বিষ ব্যাধি পৰি সুদৰ্শন চক্ৰত পৰি ভস্ম হোৱস। চৌষষ্টি ৰোগ ব্যাধি চণ্ড আমুকাৰ অঙ্গ এৰি নযাৱস যেৱে। অনাদি ঈশ্বৰৰ কৰ্মত পৰি ভস্ম হোৱস তেৱে।। যেৱে ৰোগীৰ শৰীৰত বেদনা কৰস। পদুমনী কন্যাৰ আন্ত কামোৰস। সুদৰ্শন চক্ৰত মৰ।। উৰি গল শগুণী গজি গল পাখী, কোন কোন শগুণীৰ কোন কোন জাতি। ডালত পৰি শগুণীয়ে গুণে মনে মনে। ত্ৰিদশ কোটি দেৱতা কাণ পাতি শুনে। মাৰলুকি বাপেৰ লুকি। ডালত পৰি কুৰুৱা মাৰিলে উকি। চৌকোটি বিষ পৰি বোলে ফাট দিয়া বসুমতী পাতালে লুকাওঁ। কোন কোন বিষৰ কোন কোন জাতি। মই জানো তোৰ জনম জাতি।। গলবেৰা, হেঙ্গাৰা, গলণ্টিকা, বেৱা, বলধা, এৰেন্ধাবাল, পৃণ্ডৰা বাঘমুৱা, শিয়ালগলা, ভাঙ্গোইটা ভাঙ্গোমাটি ভাঙ্গি যাও চৌকোটি বিষৰ গাঁঠি জাৰি পানী কৰো। হৰ বিষ হৰ আমুকাৰ ৰোগ ব্যাধি সমস্তে গু হুয়া পৰ।।*।। এহি বাক্য লৰস যেৱে, মহাদেৱৰ ত্ৰিশূলত পৰি মৰস তেৱে।।*।।

চক্ৰ কৰতি সমাপ্ত