বৰ-কৰতি
গুৰু কৰতি
শ্ৰীকৃষ্ণায় নমঃ


কেকোৰা গাঁতৰ আনিলো পানী। আমুকাৰ মন্ত্ৰমানে কোটি কুটি কাণ মেলো চক্ষু মেলো আৰু মেলো নাক, হাতে মেলো হাত গাণ্ঠি সহস্ৰ শৰীৰ মেলো মুকলি হৈ থাক। হৰাদি সকল গাণ্ঠি মুকলি হৈ থাক। চৌষষ্টি গাণ্ঠি মানে পানী হৈ থাক। মেলো শিলা খোলা গাণ্ঠি মেলিলো হাৰ। ধৰণী গাণ্ঠি আলগৰ গাণ্ঠি নিলগতে মেলো চৌষষ্টি কুকৰ্ম্ম সবে পানীকৃত্য কৰো। ধৰণী ধৰণী বিষ ধৰণী মেলো জগতৰ ঠিক ধৰণী গাঙ্গ মেলো গঙ্গাময়। মেলিলো ধৰণী মুকলি হৈ থাক। গুৰুৱে স্ৰজন্ত গুৰুৱে পালন্ত গুৰু বিনে নাহি কেউ। ইঠাৱৰপৰা প্ৰণামো কৰো,বান্ধ পানীকৃত্য কৰো। কৰতি কৰতি মহা কৰতি। তোমাৰ ডাৰুত তিনি কোণা পৃথিৱী ভৈলা উত্পতি। নৱকুড়ি চুৰ নৱকুড়ি হাৰা, নৱকুড়ি চণ্ড পেলাইলো কাটি। হৰ হৰ সব হৰ, আমুকাৰ দশম দুৱাৰ মুকলি হৈ থাক।।*।। তোমাকে বোলো মন্ত্ৰ আই বান্ধ কাটিবাক গৈলা ধাই। এই কৰতি জাপ্য কৰো মই। নৱকুড়ি চুৰ, নৱকুড়ি হাৰা, নৱকুড়ি গাণ্ঠি পেলাইলো খাই।। জয় কৰতি কৰ গাণ্ঠি কাটি কৰো পানীধাৰ। জয় জয় কৰতি পেলাইলো খাই। আমুকাৰ দশম দুৱাৰ মুকলি হৈ যাই।। এই উছাত শীঘ্ৰে চলে আমুকাৰ বান্ধ শীঘ্ৰে চলে। মৰা শ গোট জীয়াব পাৰে। মৰা শ আগত ভৈল থিয়। দেখি যমৰাজাৰ উৰি গৈলা জীৱ।। যমৰাজাই বোলে যাওঁ কোন ঠাই। উছাত মন্ত্ৰে পাই কাটি পেলাইলে ওভোতাই।। আহিলে উছাত নেথাকিলে ৰৈ। আমুকাৰ দশম দুৱাৰ কাটিলো গৈ।। এই উছাত লৰিল সান্ধ। আমুকাৰ কাটিলো নৱকুড়ি বান্ধ।। নৱকুড়ি শৰ, নৱকুড়ি হাৰা, নৱকুড়ি চুৰ। আমুকাৰ গাৱৰ পৰা আজি কাটি কৰিলো দূৰ। কালি ক্ষেত্ৰৰ বাণ, ৰাম-লক্ষ্মণৰ শৰ আমুকাৰ দশম দুৱাৰ মুকলি হৈ পৰ।। নমো কৰতি মেলিলো আমুকা দশম দুৱাৰ মেলিলো চাতি কৰতি মন্ত্ৰে ওভোতাই পেলাইলো কাটি।। আৰু কৰতি কি কৰা বাটে, নৱকুড়ি শৰ কাটিলো জাণ্টে, আহিলা, কৰতি নাথাকিলা ৰৈ, যি মুখে কাটিলো গৈ। শৰ কাটিলে, আঠ অঙ্গ কাটি আমুকাৰ শৰ দিলে ভাটি। গুৰু মুখ চাই মেলিলো শৰ। যি কৰিলে তাৰ শাৱত পৰ।। গুৰু নাম কৰতি মেলিলন্ত গৈ। তেবেসে কৰতি চলিলো ভোগাই। তোক মোক কতো সাদৰিলে আগে।। আমুকাৰ দশম দুৱাৰ মুকলি হৈ থাক। ওভোতাই বান্ধিলো কুমাৰৰ চাক, গুৰু সেৱা কৰি মেলিলো চন্দ্ৰ সূৰ্য্য মুকলি হৈ থাক। উছাত বাৰ কৰতি কৰিলো চুৰ, আমুকাৰ নৱকুড়ি শৰ নৱকুড়ি হাৰা নৱকুড়ি চূৰ আজি দিলা ভাটি। ইন্দ্ৰ থাক চন্দ্ৰ সূৰ্য্য থাক কৰতি মেলিলো সাত পাক। গুৰুৰ বচন মোৰ ডাক, আমুকাৰ দশম দুৱাৰ মেলো আজিৰ পৰা মুকুলি হৈ থাক।।* আকাশী শৰ, পাতালী সৰ, দেৱশৰ, মনুষ্যশৰ উটিশৰ, ৰামশৰ, লক্ষ্মণশৰ, বায়ুশৰ, কছায়ীশৰ, গাৰোশৰ মিৰিৰ শৰ কাটি কৰো খণ্ড খণ্ড। আকাশহৰা, পাতালী হৰা, পানীহৰা, খোজহৰা, বহ্নিহৰা, অগ্নিহৰা, জলহৰা, আন্তহৰা, দান্তহৰা, কাটি কৰো খণ্ড খণ্ড। কৰতি নাম শুনে ডাটি। নৱকুড়ি শৰ, নৱকুড়ি গাঁঠি আমুকাৰ গাৱৰ ওভোতাই পেলাইলো কাটি। হৰ হৰ বিষ কৰিলে উভতি তাতে পৰ।।*।। ব্ৰহ্ম কৰতি আমুকাৰ গৰ্ভে যাই যত মন্ত্ৰ মানে আমুকাৰ কাটি গাৱৰ পৰা পেলাইল ওভোতাই কৰিলো খণ্ড খণ্ড আমুকাৰ গৰ্ভৰ পৰা বাজ হুই পৰ। যি কৰিলে আমুকাৰ ভিতৰলৈ যাই, আমুকাৰ মন্ত্ৰ আচৰি পেলাই। উছাত কৰতি আমুকাৰ গৰ্ভখান কাটি শুদ্ধ কৰি থওঁ। উছাত কৰতি আমুকাৰ গৰ্ভ এৰি ওভোতাই কাটিলো আমুকাৰ পৰা এই উছাত বুলি জগতে জানে। আমুকাৰ গৰ্ভব্যাধি মন্ত্ৰে কাটি মেলো থানে।. তোমাক বোলো উছাত আই। আমুকাৰ গৰ্ভখান কাটি থওঁ নিলগাই।। উছাত কৰতিখান ওভোতাই ধৰিলে ডাটি। যতেক ঔষধি মানে কাটো আমুকাৰ শান্ত হ্ৰদ মতি উছাত কৰতি চল আমুকাৰ মন্ত্ৰ কাটি কাটি কৰিলো নিৰ্য্যাণ। বত্ৰিশহাৰা আমুকাৰ হাৰা কাটিলো বত্ৰিশ হাৰা আমুকাৰ হাৰা কাটিলো বত্ৰিশ নাড়ী। আমুকাৰ গৰ্ভৰ পৰা চৌষষ্টি মন্ত্ৰমানে আনো আজি উছাত ওভোতাই। কাটিয়া পেলাই আমুকাৰ গৰ্ভ শুদ্ধ কৰো যাই।। আমুকাৰ মন্ত্ৰমানে গৰ্ভত লৈলা ঠাই। আমুকাৰ মন্ত্ৰমানে উছাতে পেলাইলে খাই।। তুলিলন্ত ঔষধ আমুকাৰ হাত এই। ঔষধি কাপিবে কাৰ বাপ গুৰুসেৱা কৰি উছাতে পায়।। আমুকাৰ গাৱখন আজি শুদ্ধ কৰা যায়। ব্ৰহ্মাদেৱে মহামায়া চণ্ডী আমুকাৰ গৰ্ভৰ গুৰুমাক কৰতি দিয়া মেলি। ওভোতা কৰতি চৌষষ্টি মন্ত্ৰে মেলো মোৰ গৰ্ভলৈ আসোক ছানি আমুকাৰ গৰ্ভখান শুদ্ধ কৰো। চন্দ্ৰমেলো সূৰ্য্যসখি আমুকাৰ গৰ্ভখান মেলো আই দধিৰ বচন। পাশ শূলগণ মুকলি হুই পৰ।।*।। শিক্ষাগুৰু কোডাল কৰতি আমুকাৰ দশম দুৱাৰ কাটি কৰো খান খান। গুৰুৰ চৰণে কৰতি মন্ত্ৰ পঢ়োহো আমুকাৰ গৰ্ভখানো আজি মঙ্গলবাৰে শুদ্ধ কৰো, গুৰুৰ বচন মোৰ হাক চৌষষ্টি মন্ত্ৰ মেলো পানী হুই থাক।।*।।


গুৰু কৰতি মন্ত্ৰ সমাপ্ত