কেতেকীৰ গোন্ধ যদি
কেতেকীৰ গোন্ধ যদি
ভালকে নাপাৱ
পদুমৰ গোন্ধ জানো পাবি ....
ৰঙা জবাব যদি
মৌ ভাল নাপাৱ
বগা জবাব মৌ খাবি ৷
পুৱতিৰ তৰা যদি
চালে চকু নুজুৰাই
সন্ধিয়াৰ তৰাটো চাবি
সোঁ বাটে গলে যদি
মোক লগ নাপাৱ
বাওঁ বাটেদিয়েই যাবি ৷৷