<poem>

কাৰখানাৰ বনুৱা
      নতুন দিনৰ ৰণুৱা
            নতুন মনৰ মনুৱা মই

জয় হাতুৰিৰ জয়, জয় বটালিৰ জয়

      কোৰ কটাৰিৰ জয়

জয় ভাগৰৰ

      ভোক পিয়াহৰ জয়  
       

কপালৰ পৰা ভৰিত পৰা

      ঘাম টোপালৰ জয় ৷


কাৰখানাৰ বনুৱা

      নতুন দিনৰ ৰণুৱা
             নতুন মনৰ মনুৱা মই ৷


মই চলোৱা

       ৰেলগাড়ীৰ

মই বনোৱা ট্ৰাক লৰীৰ

       জয় বকুৱাৰ হাত-ভৰিৰ
              দিনটো খটা আধাপেটিৰ জয় ৷


      নতুন গানৰ
      নতুন প্ৰাণৰ
            নতুন হাঁহিৰ সুন্দৰৰেই, জয়......

হাতুৰিৰে

বটালিৰে

কোৰেৰে, কটাৰিৰে, বিশ্বজিনা আমাৰ মৰমৰে

পাৰমাণবিক, বৈজ্ঞানিকৰ আৱিষ্কাৰৰে

       শিল্পী কবিৰ গান ছবিৰে শুদ্ধ জ্ঞানৰে নতুন
                                              যন্ত্ৰ-তন্ত্ৰ-মন্ত্ৰৰে
               কৰিম আমি
                      পৃথিৱী মনোময়
       নতুন হাঁহিৰ সুন্দৰৰেই জয় ৷

কাৰখানাৰ বনুৱা

       নতুন দিনৰ ৰণুৱা
               নতুন মনৰ মনুৱা মই ৷৷