এজন সঁচা মানুহ/অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদ
[ ১৯ ]
অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদ
দেশক ভালপোৱা, জাতিক ভালপোৱা জ্যোতি প্ৰসাদৰ স্বদেশ প্ৰেম কেৱল গীত আৰু নাটকতে আৱদ্ধ নাছিল। নিজৰ জাতিৰ মৰ্য্যদা বিশ্বৰ চকুত দেখুৱাবলৈ সকলো ফালৰ পৰা উঠি পৰি লাগিছিল। তাৰ আহিলা হিচাপে তেওঁ বোলছবিৰ কামত হাত দিলে। তেওঁ বোলছবি ব্যৱসায হিচাপে কৰিবলৈ লোৱা নাছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল মহান অসমীয়া জাতিৰ পৰিচয় ডাঙি ধৰাৰ। তেৱে অসমত বোলছবি উলিওৱা প্ৰথম জন মানুহ।
১৯৩৩ চন। জুন মাহ। জেলৰ পৰা মুক্ত হৈ তেঁও দেউতাকৰ ওচৰলৈ আহিল। দেউতাক তেতিয়া ভোলাগুৰি চাহ বাগিচাত। জ্যোতি প্ৰসাদক কাষত পাই দেউতাকে বৰ ভাল পালে। প্ৰথম পুত্ৰ হিচাপে দেউতাকক কামত সহায় কৰাটো উচিত হব বুলি জ্যোতি প্ৰসাদেও ভাবিলে৷ বাগানৰ অপৰূপ দৃশ্যই জ্যোতি প্ৰসাদক আকৰ্ষিত কৰিলে। তেওঁৰ মনটো মুকলি আকাশৰ তলত প্ৰাকৃতিক দৃশ্য আৰু আকৰ্ষণীয় পৰিবেশৰ মাজত সোমাই পৰিল। কেৱল কামতে ব্যস্ত নেথাকি বিদেশত প্ৰশিক্ষণ লোৱা বোলছবি কৰা নিয়মবোৰ তেওঁৰ পৰীক্ষা কৰি চাবলৈ মন গ'ল।কথাটো তেওঁ দেউতাকক জনালে৷ দেউতাকে
[ ২০ ] শুনি ৰং পালে আৰু তেওঁক উৎসাহ দিলে। জ্যোতি প্ৰসাদে চিন্তা কৰি কাহিনী বিচাৰি উলিয়ালে। পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচিত ‘জয়মতী’ আৰু লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'জয়মতী’ দুয়োখনৰ পৰা কাহিনী ঠিক কৰি ল'লে।
চাহ বাগিচাৰ কলঘৰতে এটা অস্থায়ী ‘ষ্টুডিঅ’ খুলিলে। নাম দিলে ‘চিত্ৰবন’। দেউতাক পৰমানন্দ আগৰৱালা দেৱেই সেই চিত্ৰগৃহটি উদ্বোধন কৰিলে৷
বোলছবিত ভাওঁলোৱা শিল্পীসকল থাকিবৰ কাৰণে জ্যোতি প্ৰসাদে সৰু সৰু খেৰী ঘৰ কিছুমান সাজি উলিয়ালে৷ এইদৰেই বোলছবিৰ কাম আৰম্ভ কৰিব ধৰিলে। পিছে সমস্যাই দেখা দিছিল ভাওঁ লোৱা ছোৱালীক লৈ। বোলছবিত ভওঁলোৱা ছোৱালী বিচাৰি পোৱাটো তেতিয়া ইমান সহজ কথা নাছিল। তেওঁ তাৰ বাবে বৰ কষ্ট কৰিব লগা হ’ল। লুইতৰ ইপাৰে-সিপাৰে গাঁৱে-ভূঁৱে ছোৱালী বিচাৰি চলাথ কৰিলে। নতুনকৈ কিনি লোৱা মটৰ গাড়ী দুদিনতে আধা পুৰণি হ’ল গৈ। পিছলৈ মটৰ গাড়ীৰ শব্দ শুনিলে ছোৱালী গাড়ী আহিছে বুলি সকলোৱে হৈ চৈ কৰিবলৈ ললে। পোণ প্ৰথম এনে কাৰ্য্য দেখি সকলো আগ্ৰহিত হ’ল আৰু আচৰিতো নোহোৱাকৈ নেথাকিল৷
বিভিন্ন বাদ্য, খোল–তাল, বেহেলা, নাটৰ বচন আদিৰে ভোলাগুৰি চাহবাগিছাৰ দিনবোৰ মুখৰিত হৈ উঠিল। বাগানৰ বনুৱা, বাবু সকলো সাঙোৰ খাই পৰিল। জ্যোতি প্ৰসাদৰ ঘৰৰ লোক সকলেও সহযোগিতা কৰিলে। মাতৃ কিৰণময়ী দেৱীয়ে জ্যোতি প্ৰসাদক এনে অভিনৱ কামত মুদ্ধ হৈ আশীৰ্বাদ কৰিলে। দেউতাকে জ্যোতি প্ৰসাদক সকলো দিশত সহায় আৰু উৎসাহ যোগাইছিল। ভাতৃ কমলা প্ৰসাদ আগৰৱালা বাদ্যসংগীত বজোৱাত পাকৈত আছিল৷ তেওঁ এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।
‘জয়মতী’ বোলছবিত যাতে অসমীয়া কৃষ্টি – কলা শুদ্ধভাৱে প্ৰদৰ্শন হয় তাৰ বাবে জ্যোতি প্ৰসাদে চেষ্ট কৰিছিল। তাৰ বাবে কষ্টও
[ ২১ ] কৰিব লগা হৈ পৰিছিল। ল’ৰা ৰজা বহা সিংহাখনখনৰ সিংহ কেইটা নগাঁও জিলাৰ পুৰণি গুদামৰ লেৰেলা নামৰ খনিকৰ এজনৰ হতুৱাই সজাইছিল। নগাঁৱৰে আমগুৰি সত্ৰৰ পৰা ১৫ শতাব্দীৰে এখন পিতলৰ শৰাই সংগ্ৰহ কৰিছিল। শৰাইখন ইমান ডাঙৰ আছিল যে তাত অনায়াসে চাৰিজন ডাঙৰ মানুহ বহিব পাৰিছিল৷ সেইদৰে ৰজাদিনীয়া হেংদাং, আৰোৱান চমতা, কেকোৰা দোলাত আৰি দিয়া দাপোন, শৰাই, জাপি, যাঠি, ৰুপৰ হোকা, সোণ ৰূপৰ অসমীয়া অলংকাৰ বাৰ্মিজ জাপি আদি সংগ্ৰহ কৰি আনিছিল। ইয়াৰ বাহিৰেও সেই সময়ৰ ঘৰ বাৰী, সাজ-পোছাক, কাঁহি-বাতি আদিও প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল। তাৰ কাৰণে পুৰণি পুথি-পাজি আদি পঢ়ি, প্ৰত্নতত্ববিদ, সাহিত্যিক সকলক লগ ধৰি আলোচনা কৰি লৈছিল৷ বোলছবি খনৰ সংগীত পৰিচালনা,নৃত্য-পৰিচালনা জ্যোতি প্ৰসাদে নিজেই কৰিছিল। তেওঁ নিজেই নৃত্য প্ৰদৰ্শেেনা কৰিছিল৷ ভাৰতৰ ভিতৰত প্ৰথম আৱহ সংগীত দিয়া বোলছবি ‘জয়মতী’য়ে প্ৰথম। ই সঁচাকৈয়ে গৌৰৱৰ কথা।
জয়মতীৰ কাম চলি থাকোতেই জ্যোতি প্ৰসাদৰ মাতৃৰ ১৯৩৩ চনৰ ‘দেৱালী’ ৰ দিনা মৃত্যু হয়। মাতৃৰ বিয়োগত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিল। বহুদিন তেওঁ মনৰ দুখত কাকো নমতা নোবোলাকৈ অকলে অকলে নীৰৱে থাকিল। তেওঁ আছিল মাকৰ আশাৰ ৰত্ন। মাকৰ কাৰনেই তেওঁ বিদেশত গৈ শিক্ষা লব পাৰিছিল৷ তেওঁ গীতৰ আধাৰ আছিল মাকৰ সুৰীয়া কণ্ঠৰ অৱদান। মাক আছিল তেওঁৰ বাবে মহিমাময়ী দেৱী স্বৰূপা।
১৯৩৪ চনৰ ১৮ অক্টোবৰৰ দিনা মাকৰ মৃত্যুৰ নবছৰৰ পিছতেই জ্যোতি প্ৰসাদৰ পিতৃৰো বিয়োগ ঘটে। মৃত্যুৰ আগমুহূৰ্তত জ্যোতি প্ৰসাদক ওচৰলৈ মাতি দেউতাকে ক্ষীণ স্বৰে কলে –“জয়মতী উলিয়াবি ”। চিৰদিনে উদগনি দি অহা দেউতাকে শেষ সময়তো উদগনি দিয়েই চিৰ বিদায় ল’লে।
[ ২২ ] মনৰ দুখ মনতে লৈ জ্যোতি প্ৰসাদে পুনৰ বোলছবিৰ কামত হাত দিলে। বহু কষ্ট, বহু সাধনাৰ পিছত ‘জয়মতী’ সম্পূৰ্ণ হৈ উঠিল। শেষ কাম সম্পাদনাৰ কাৰণে তেওঁ গৈ লাহোৰ পালেগৈ। কিন্তু তেওঁ তাত গৈ দেখিলে বোলছবি খনৰ সৰহখিনি ঠাইতে মানুহৰ মাত উঠাই নাই। তেওঁ বৰ বিমোৰত পৰিল৷ নতুনকৈ বোলছবিখন কৰাৰো সম্ভৱ নহয়। ইফালে টকা পইচাৰো তেওঁ অভাৱত পৰিব লগা হৈছিলগৈ। অৱশেষত ঠিক কৰিলে মাতবিলাক অনুকৰণ কৰি তেওঁ নিজেই দিব। তেওঁ সেই কামত লাগি গল। সচাকৈয়ে সময়ত মাতবোল নহোৱা ‘জয়মতী’ বোলছবি মাতকথাৰে ভৰপূৰ হৈ পৰিল। জ্যোতি প্ৰসাদে শান্তিৰ উশাহ ললে।
১৯৩৫ চনৰ ২০ মাৰ্চত কলিকতাৰ ‘ৰৌনাক’ নামৰ ছৱি ঘৰত ‘জয়মতী’ বোলছৱি খন প্ৰথম প্ৰদৰ্শিত হল৷ তাৰ পিছত ২০ মাৰ্চৰ দিনা গুৱাহাটীৰ ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰত’ প্ৰদৰ্শন হয়। এইদৰেই অসমীয়া বোলছৱি জগতত ‘জয়মতী’ য়ে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিলে।
এফালে ‘জয়মতী'ৰ সফলতাত জ্যোতি প্ৰসাদৰ অন্তৰ আনন্দৰে ভৰি গল সঁচা কিন্তু আনহাতে মাক আৰু দেউতাকৰ স্মৃতিয়ে তেওঁক বিযাকুল কৰি তুলিলে।
‘জয়মতী’ বোলছবি ওলোৱা বহুদিন পিছতো কোনেও দ্বিতীয় এখন অসমীয়া বোলছবি কৰিবলৈ নোলোৱাত জ্যোতি প্ৰসাদ চিন্তিত হৈ পৰিল। বোলছবিৰ দৰে সুন্দৰ কলা এটাক অসমীয়াসকলৰ প্ৰাণত সাচঁ বহুৱাবৰ কাৰণে তেওঁ দ্বিতীয়খন বোলছবি কৰিবলৈ গাত ললে। আৰু এদিন দ্বিতীয়খন বোলছবি 'ইন্দ্ৰমালতী’ ও তেওঁ সম্পূৰ্ণ কৰি উলিয়ালে। প্ৰথম অসমীয়া বোলছবিৰ জন্মদাতা খ্যাতি ৰখা জ্যোতি প্ৰসাদৰ এই বৰঙণিৰ ওচৰত অসমীয়া সমাজ সদায় নতশিৰ হৈ থাকিব।
১৯৩৭ চনত ভোলাগুৰি চাহবাগিচাত মেনেজাৰ হিচাপে থকা
[ ২৩ ] সময়ত জ্যোতি প্ৰসাদে ‘জোনাকী’ নামৰ এটি চিত্ৰগৃহ নিৰ্মাণ কৰি নতুন দিশ এটা সৃষ্টি কৰে।
১৯৪০ চনত তেজপুৰত সংগীত বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়ায়৷ এইদৰে তেওঁ জনসাধাৰণৰ হিতৰ বাবে নিজৰ টকা-পইচা ব্যৱহাৰ কৰাৰ ফলত সময়ত নিজে অভাৱতো পৰিব লগা হৈছিল৷