[ ১০৮ ]

ফাঁক

সেউজীয়া ঘাঁহেৰে আবৃত আহল-বহল চোতালখনত বেতৰ হেলনীয়া চকী এখনত অনন্ত বৰুৱা বহি আছে। দৃষ্টি তেওঁৰ সন্মুখৰ কংক্ৰীটৰ দেৱাল আৰু অট্টালিকাৰ ওপৰেৰে গৈ আকাশৰ এচমকা শুকুলা মেঘত নিবদ্ধ। মেঘখিনিয়ে যেন এটা ৰূপ লওঁ লওঁ বুলিও ল’ব পৰা নাই, ঠিক পল্লৱৰ দৰেই। গৰমৰ দিন। ভাগ মাহ। প্ৰখৰ ৰ'দৰ শেষত আবেলিৰ সামান্য সকাহ। বস্তুৰ ছাঁবোৰৰ আকৃতি হেৰাই আন্ধাৰত পৰিণত হ'বলৈ ওলাইছে। অনন্তৰ মূৰত এই আকৃতিহীন ছাঁবোৰৰ দৰেই চিন্তাৰ বহু পাক। চিন্তাৰ কেন্দ্ৰবিন্দু একমাত্ৰ পুত্ৰ পল্লৱ। সৰুৰে পৰা সি বেছ চোকা বুদ্ধিৰ আছিল। কিন্তু নিজৰ অধৈৰ্য চঞ্চল স্বভাৱৰ বাবে ক'তো সুনাম আৰ্জিব নোৱাৰিলে। আজি কেইদিনমানৰ পৰা দেখা দিয়া তাৰ আচম্বিত পৰিৱৰ্তনে তেওঁক আৰু বেছিকৈ ভবাই তুলিছে। অনবৰতে উদ্দেশ্যহীন কাৰ্যত ঘূৰি ফুৰা ল'ৰাটোৱে প্ৰায় নিঃসংগৰ দৰে হৈ বন্ধ কোঠাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিছে। নিজৰ ভৱিষ্যৎ সম্পৰ্কে কি ভাবিছে? তাক লৈ কৰা অনন্তৰ অংকবোৰ বাৰু ভুল হ'ল নেকি? তেওঁতো তাৰ এটা শান্তিময় উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিয়েই সকলোখিনি কৰিছিল। কিন্তু? টিভি, ক্ৰিকেট আৰু উদ্দেশ্যহীনভাৱে ঘূৰা এই সকলোবোৰ বাদ দিয়াৰ লগতে লাহে লাহেচোন সি নিজৰ পৰিয়ালৰে বাকী সদস্যবোৰৰ পৰা মুখ লুকুৱাব বিচাৰিছে! কিয়? বন্ধ কোঠাৰ মাজত কিহৰ সন্ধান?

 এচপৰা আন্ধাৰ আহি অনন্তৰ চকীৰ ওচৰ পালে। তেওঁ মূৰ তুলি আন্ধাৰৰ উৎসৰ ফালে চালে— পল্লৱ। মুখেৰে একো নকৈ সি জাপি থোৱা কেইখিলামান কাগজ তেওঁলৈ আগবঢ়াই দিলে।

 -কি এইবোৰ?

 -পঢ়া। মই তোমালোকে ভবাৰ দৰে চলিব নোৱাৰো। সেয়ে সিদ্ধান্ত সম্পৰ্কে একো নক’বা।

 – মানে?

 -মানে মই মোৰ পথ নিৰ্বাচন কৰিছো। মই এই পথেৰেই আগবাঢ়ি যাম।

 -মই বুজা নাই।

 -সেই কাৰণেইতো এইখিনি পঢ়িবলৈ দিছো। ...অঁ, মই অকণমান [ ১০৯ ] ফুৰি আহো। এনেয়ে....।

 বাপেকৰ উত্তৰলৈ অপেক্ষা নকৰি পল্লৱ ওলাই গ'ল। অনন্ত বৰুৱাই অপলকনেত্ৰে কিছু সময় সি যোৱাৰ ফালে চাই থাকি এটা হুমুনিয়াহ এৰিলে। বতাহ লাগি হাতত থকা কাগজখিনিত সামান্য খচ্ মচ্ শব্দ হোৱাত তেওঁৰ মন এইবাৰ কাগজকেইখনত নিবদ্ধ হ’ল। আন্ধাৰ আৰু ঘন হ’ল। বাহিৰত আখৰবোৰ মনিব নোৱাৰি। তেওঁ উঠিল। বাৰাণ্ডাৰ সংলগ্ন ‘ষ্টাডী ৰূম'টোত সোমাই তেওঁ চছমাযোৰ বিচাৰি লৈ লাইটটো জ্বলাই দিলে। বুকুখনে অজান আশংকাত ঢুক্ ঢুক্ কৰিছে। একেটি সন্তান মোৰ! কি বা হয়গৈ! গধুৰ মনেৰে তেওঁ চকীত বহি কাগজৰ জাপ খুলিলে—
‘মৰমৰ দেউতা,

 প্ৰণাম জনালো। চিঠিখন পাই হয়তো আচৰিত হৈছা। ৰ'বা, ধৈৰ্য ধৰা। ভালকৈ পঢ়ি চোৱা আৰু তাৰ পাছত তুমি যি কোৱা....
 মোৰ বিবাহ বিচ্ছেদ হ’ল। উচপ্ খাই উঠিছা? নুঠিবা। এয়া অৱধাৰিত আছিল। মালা, মোৰ পত্নী মালাক বিয়া কৰোৱাই আনি তোমালোকে এজনী সুদক্ষা গৃহিণী-বোৱাৰী পালা। মোৰ লগত জীয়েকক বিয়া দি মালাৰ মাক-দেউতাকেও এটা বৰ ভাল জোঁৱাই পালে। তেওঁলোকৰ ভাষাত হীৰাৰ দৰে জোঁৱাই'। তোমালোকেওতো কোৱা যে মালা আমাৰ কোনোবা জনমৰ জীয়াৰীহে আছিল। ঠিকেই। আমি দুয়ো বৰ ভাল। মালা পাকৈত গৃহিণী, উচ্চ শিক্ষিতা আৰু ৰুচিশীল; বিপৰীতে ময়ো উচ্চ শিক্ষিত, কৰ্মঠ আৰু স্পষ্টবাদী। কিন্তু আমি দুয়ো কেৱল তোমালোকৰ বাবেহে ভাল। আমাৰ মাজত আমাৰ দুয়োৰে ‘ভাল’খিনিয়ে একো পৰিৱৰ্তন আনিব নোৱাৰিলে। মই মালাৰ বাবে সৰ্বোত্তম নহয় আৰু মালা মোৰ বাবে। নহয় নহয়, ভুল নুবুজিবা, মই মালাক বেয়া পোৱা নাই। মাত্ৰ তাইৰ সমস্ত ‘ভাল’ৰ ওচৰত কোনো বিশেষ গুৰুত্ব মই উপলব্ধি কৰিব নোৱাৰো। মোৰ বন্ধুবৰ্গ, তুমি, আমাৰ আন আন আত্মীয়ৰ ওচৰত মই অতি আদৰ্শৱান ল’ৰা। ভাল ল’ৰা। কিন্তু মোৰ এই ‘ভাল’বোৰেও মালাৰ ওপৰত একো প্ৰভাৱ নেপেলায়। আচলতে দেউতা, আমি দুয়ো দুটা মেৰুত অৱস্থান কৰি কেতিয়াও একাত্ম হ'ব নোৱৰাৰ দুখ যেতিয়া উপলব্ধি কৰিলো, তেতিয়াই ভাবিবলৈ লৈছিলো— দুয়ো দুয়োকে ইমান কষ্ট দি এক হৈ থকাৰ অৰ্থ কি? সেয়ে সিদ্ধান্ত ল’লো বেলেগ হোৱাৰ। আইনৰ মতে নহয়, হৃদয়ৰ মতে। আইনৰ মতে বিচ্ছেদ হ’বলৈ হলে আমি দুয়ো আনকি প্ৰয়োজনমতে তোমালোকেও গৈ আদালতৰ [ ১১০ ] মজিয়াত থিয় দিব লাগিব। যিটো আমি নিবিচাৰো। আমি দুয়ো ইজনে সিজনক লোকচক্ষুৰ আগত হেয় হোৱাটোও নিবিচাৰো আৰু একেলগে থকাটোও সম্ভৱ নহয়। সেয়ে সিদ্ধান্ত লৈছো বেলেগ হোৱাৰ। কালি মালা মোৰ ওচৰৰ পৰা গুচি গল। নিজৰ প্ৰয়োজনীয়খিনি মাত্ৰ লগত নিছে। মই কৈছো, ‘আগলৈ প্ৰয়োজন হলে, ইয়াত তোমাৰ কিবা বস্তু থাকিলে আহি লৈ যাবা। মাত্ৰ বস্তু নিবলৈহে হয়তো কেতিয়াবা আহিব, নাহিবও পাৰে। দেউতা, মালা ওলাই যোৱাৰ পৰত খং, বিৰক্তি, দুখ— একোৱেই নাছিল। বৰ সহজভাৱেই তেওঁ ওলাই গ'ল। মাত্ৰ যাবৰ পৰত তোমাৰ আৰু মাৰ যুগ্ম ফটোখন নিবলৈ খুজি কৈছিল— 'নিজৰ মা-দেউতাৰ লগতে এওঁলোককো মই সমান স্থানতে ৰাখিছিলো। প্ৰয়োজন হলে তুমি নতুনকৈ এখন বন্ধাই ল’বা। এইখন মই নিওঁ। ' মই ওজাৰ সন্মুখৰ সাপডালৰ দৰে হৈ ফটোখন গজালৰ পৰা নমাই ধূলি মচি পেপাৰ এখনেৰে বান্ধি হাতত তুলি দিছিলো। অট'ত উঠি যাবৰ পৰত তাই মূৰটো উলিয়াই কৈছিল— ‘মাজে মাজে মন গলে ফোন কৰিবা। কেতিয়াবা হয়তো ময়ো কৰিম। যাওঁ দেই....। ' ধূলি উৰুৱাই অট’খন যোৱাৰ পাছত দেখোন মোৰ মনটো উদাস উদাস লাগিছিল! অকলশৰীয়া ঘৰটোৰ মাজত সোমাই মই যেন শূন্য উপলব্ধি কৰিছো। মালাৰ অবৰ্তমানত চিনেমাৰ ৰীলৰ দৰে মোৰ মন দৰ্পণত মালাৰ প্ৰতিটো কথা বাগৰিবলৈ ধৰিলে। এই মুহূৰ্তত মন দাপোণত মালাৰ সন্ধানৰ জানো কিবা লাভ আছে?

 সেইটো আছিল নৱেম্বৰ মাহ। মালা বৰুৱা সকলো কামতে যেনেদৰে পাকৈত, তেনেদৰে হস্তকৰ্মতো। ঠাণ্ডা আগতীয়াকৈ আহিছে যেন দেখি মালাই পূজাৰ পাছতেই আৰম্ভ কৰা ছুৱেটাৰটো লৰালৰিকৈ শেষ কৰি মোক দি কৈছিল— ‘হুঁ। পিন্ধি চোৱাচোন। মা ওচৰতে আছিল। ক'লে— বৰ ভাল হৈছে বোপাই, পিন্ধচোন চাওঁ। মই নিপিন্ধিলো। ক'লো- জোখ-মাপ লৈ লৈয়েই গুঠিছা যেতিয়া ঠিকেই হ’ব। পাছত পিন্ধিম। মই অন্য একো ভবা নাছিলো। মালা ভিতৰি ভিতৰি ক্ষুণ্ণ হৈছিল। তাৰ উমান পাইছিলো মাৰ লগত হোৱা কথোপকথন শুনি। এখন ঘৰৰ প্ৰায়বোৰ কাম নিয়াৰিকৈ শেষ কৰি এটা ছুৱেটাৰ গোঁঠোতে বহু কষ্ট হয়। সেইখিনিৰ লগতে কামটো সমাপন কৰিবলৈ থাকে সীমাহীন ভালপোৱা আৰু দায়িত্ববোধ। মই হেনো সেইখিনি অনুভৱ নকৰিলো। গুঠি শেষ কৰাৰ লগে লগে সৰু ল'ৰা-ছোৱালীৰ দৰে হুলস্থূল কৰি গাত সুমুৱাই নোচোৱাটোৱে জানো তাকেই বুজায়? তাৰ পাছত তাই কোনোদিনে মই ছুৱেটাৰটো পিন্ধিলোনে নাই খৰৰ কৰা নাই। কোনোবা এদিন যদি পিন্ধা দেখিছেও তাই গাত ভালদৰে ‘ফিটিং’ হৈছেনে [ ১১১ ] নাই তাক জানিবৰো আগ্ৰহ কৰা নাই। এইবাৰ মই ক্ষুণ্ণ হʼলো— দিব লাগে দিছে। পিন্ধাৰ পাছত কেনে হৈছে টানি-টুনি চাবতো পাৰে! মুখেৰে কিন্তু একো নক’লো। অৰ্থহীন অভিমান।

 তাৰ পাছত এদিন মই আনদিনাতকৈ সোনকালে অফিচৰ পৰা উভতি আহিলো। মালাই টিভিত ধাৰাবাহিক চাই আছিল। সামান্য আশ্চৰ্য প্ৰকাশ কৰি সুধিলে- আ, আজি দেখোন সোনকালে? কিবা স্পেচিয়েল প্ৰগ্ৰাম?

 - নাই, কি স্পেচিয়েল প্ৰগ্ৰাম থাকিব? অফিচত কাম নাছিল বাবে গুচি আহিলো। একাপ চাহ খাম।

 মা ওচৰতে আছিল। ক'লে— চাহকাপ ময়েই কৰি আনো ৰ। মালাই আকৌ এইখন ছিৰিয়েল চাই বৰ ভাল পায়। চাওক। তুমি খাবা নেকি মালা?

 তাই চকু টিভিত নিবদ্ধ কৰি ক'লে— নাখাওঁ।

 মায়ে মোক চাহ আনি দিলে। মোৰ প্ৰয়োজন পূৰ হ’ল। কিন্তু মনটোত অভিমান হ’ল ছিৰিয়েলখন ইমানেই প্ৰিয়নে যে তাৰ আগত মোৰ এই ‘সোনকালে অহা'টোৰো কোনো মূল্য নাই! মনে মনে ভাবি আছিলো যে চাহ খাই মই মালাক লৈ ওলাই যাম সন্ধিয়াৰ আন্ধাৰত। এনেদৰে আন্ধাৰৰ মাজত আমি বহুদিন ফুৰা নাই। কিন্তু তাইৰ ছিৰিয়েলত মনঃসংযোগ আৰু মালাৰ পৰিৱৰ্তে মায়ে চাহ আনি দিয়া দেখি মনটোৱে ইমান বেছি বিদ্ৰোহ কৰিলে যে চাহ খাই উঠি মই এক মুহূৰ্তও ঘৰত নাথাকি ওলাই আহিছিলো। পাছত অইন কাৰোবাৰ আগত মালাই আক্ষেপ কৰি কোৱা শুনিছিলো—‘সোনকালে অহা দেখি মনটো ভাল লাগি গৈছিল। কিমান দিন যে মই তেওঁৰ স’তে ফুৰিবলৈ ওলাই যোৱা নাই! সোনকালে আহিছে যেতিয়া তেওঁতো মোৰ কথা ভাবি মোক এপাক ফুৰাবলৈ নিবলৈকে সোনকালে আহিছে বুলি ক'ব পাৰিলেহেঁতেন!' মালাৰ মনৰ ভাব মই শুনিলো যদিও প্ৰত্যুত্তৰত মই একো নক'লো; কাৰণ তেতিয়া কিবা কোৱা মানেই অযথা বাক-বিতণ্ডা। মনে মনে থাকিলো। আৰু এনেকৈয়ে হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব বাঢ়ি গৈ থাকিল। আমি দুয়ো বুজিলো, কিন্তু আত্ম-অভিমানত ওফন্দি থাকি আমাৰ এজনেও এই দূৰত্ব শেষ কৰিবলৈ যত্নপৰ নহ'লো। মাজে মাজে এই নীৰৱ দূৰত্বক একোটা ৰূঢ় শব্দৰ প্ৰয়োগেৰে আমি প্ৰকাশ কৰিবলৈ ধৰিলো। ঘৰৰ কোনেও টলকিব নোৱৰাকৈয়ে দুয়ো দুয়োৰে প্ৰতি আক্ৰোশ প্ৰদৰ্শন কৰোঁতেও আমি ক'ব নোৱৰাকৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিলো, যাতে কথাটো তোমালোকৰ চকুত নপৰে। [ ১১২ ] যোৱাবাৰ পূজাত বহু আলহী আহিছিল আমাৰ ঘৰলৈ। সকলোৱে মোৰ নৱ বিবাহিতা পত্নীক ভাল বুলি শলাগিছিল। বিভিন্ন কথাৰ মাজতে এজনীয়ে মালাক সুধিছিল— পূজাত তোমাক দাদাই কি দিলে বৌ?

 -কোনে? দাদাৰাই? ব্ৰহ্মাণ্ড ওলট-পালট হ'ব।

 -ইস্! মিছা নামাতিবা। এনেকৈ কৈছা যেন দাদাই তোমালৈ একোৱেই নানে? সঁচাকৈয়ে কোৱাচোন....।

 মালাই সেমেনা-সেমেনি কৰি কৈছিল—নহয়। মানে আনে আৰু কিবা কিবি। এইবাৰ একো অনা নাই। আনিব চাগৈ।

 -তুমি সঁচাই কৈছা? ইস্, দাদাটো এতিয়াও বাৰু ইমান ‘বেল' হৈ আছেনে? আমাৰ লক্ষ্মী বৌজনীক পূজাৰ গিফ্‌ট এটা দিওঁতেই ইমান দেৰি? ৰ'বা, মই ক'ম তাক....।

 মোৰ পেহীৰ ছোৱালী নন্দাই মালাৰ স’তে ওপৰৰ কথাখিনি পাতি পাছত মোক কিবা ক'ম বুলি কৈছিল যদিও পূজাৰ উখল-মাখলত সেয়া কোৱা হৈ নুঠিল। পৰিৱৰ্তে অষ্টমীৰ দিনা ৰাতি, যেতিয়া শুবলৈ যোৱাৰ আগতে সদায় মই বাতৰি কাকত দুখন মনোযোগেৰে পঢ়ো, তেতিয়াই মালাই কৈছিল—সকলোৱে সুধি আছে পূজাত কি লৈছো বুলি। তুমিতো মোক কিবা এটা আনি দিব পাৰা!

 বাতৰি কাকতৰ পৃষ্ঠা লুটিয়াই মই কৈছিলো— কিবা লাগিলে তুমিয়েই আনি নোলোৱা কিয়? পইচা দেখোন সকলোখিনি তোমাৰ হাততেই আছে! কি লাগে তুমি আনি ল’বা আকৌ!

 -নালাগে, মোক একোৱেই নালাগে। ভগৱানে মোক যি দিলে সেয়াই আটিছে—বুলি তাই ধমহকৈ আঁঠুৱা দাঙি বিছনাত সশব্দে শুই পৰিল। মই ভাবি নাপালো। দৰমহাৰ সকলোখিনি পইচা মই মালাৰ হাততে দিওঁ। খৰচৰ ক্ষেত্ৰত মই কেতিয়াও হিচাপ ধৰাও নাই। তেনেস্থলত তাইক কিবা লগা থাকিলে তাই আনি নলয় কিয়? ঘৰৰ সকলোৰে, আনকি পাৰ্টটাইম কাম কৰা বাইজনীৰ কাপোৰ-কানিও মালায়েই কিনে। এইবোৰ বজাৰ কৰোঁতে তাই অকলেই যায়। অকল কাপোৰ-কানিহেনে? মোৰ আণ্ডাৰৱেৰ, পাৰফিউম, ছেভেন অ’ ক্লকৰ পেকেট, ছেভিং ক্ৰীম, হেয়াৰ ডাই, ব্ৰাছ, পেষ্ট— সকলোবোৰ মোৰ একান্ত ব্যক্তিগত বস্তুও ঘৰত মজুত থকাকৈ তাই আগতীয়াকৈ আনি থয়। তেন্তে নিজৰ বাবে কিয় নানে? মইতো কোনোদিনে সেইবোৰ কিনাও নাই আৰু নাজানোও।

 মালাৰ ঠেহবোৰ যেন দিনক দিনে বেছি হৈ গৈ থাকিল। মই ভাবিলো— [ ১১৩ ] বিশেষ গুৰুত্ব নিদিলে পাছত নিজে নিজে ঠিক হ’ব। এদিন অফিচত মোৰ বৰ দৰকাৰী মিটিং এখন আছিল। মিটিঙৰ শেষত উদৰ পূৰাই খোৱাৰ ব্যৱস্থা হোৱা দেখি ঘৰলৈ ফোন কৰিলো। মায়ে ফোন ধৰিলে। মই ক'লো যে অফিচত খাই যাম, মোলৈ ভাত থ’ব নালাগে আৰু ঘৰ গৈ পাওঁতে অলপ দেৰি হ’ব। মিটিং শেষ কৰি সন্ধিয়া সাতমান বজাত ঘৰলৈ আহিলো। দেখিলো— মালা ঘৰত নাই। সুধি জানিব পাৰিলো— ছাদৰ ওপৰত আছে। কি কৰিছে বা?

 হাত-মুখ ধুই কাপোৰ সলাই ছাদৰ ওপৰলৈ গলো। ছাদত থকা পকাৰ বেঞ্ছখনত মালাই আকাশলৈ মুখ কৰি শুই আছে। মই মাতিলো— মালা!

 তাই মোলৈ চালে। মই আশা কৰিছিলো তাই মোক দেখিয়েই টানি কাষতে বহিবলৈ ঠাই আজৰাই দিব। নিদিলে। তাই যেনেদৰে আছিল তেনেদৰেই থাকিল। আকৌ মাতিলো— এই, টোপনি নেকি?

 -নহয়। তাইৰ ৰসহীন গোটা মাত।

 -তেন্তে? সাৰ-সুৰ নাই যে?

 - গান গাই নাচি ফুৰিবলৈ মোৰ বৰ সুখ হৈছে নহয়। তাই মোৰফালে পিঠি দি শুলে। মই আহত হলো। তাইৰনো দুখ কি? মা-দেউতা আৰু ঘৰৰ বাকী সকলোৰে তাইক বৰ মৰম কৰে। ধন-সম্পত্তিৰ কোনো নাটনি নাই। তেন্তে? ক'লেহে জানিম। থাওক, যি কৰে কৰি থাকক ভাবত অকণমান পৰ ৰৈ থাকি মই তললৈ নামি আহিলো। ৰাতি ভাত খাৰৰ পৰত মায়ে তলৰ পৰা চিঞৰিলে— মালা মালা,নামি আহা, ভাত হ’ল। অলপ সময় পাছত তাই নামি আহিল। লাইটৰ পোহৰত দেখা পালো, তাইৰ দুয়োটা চকু ৰঙা পৰি উখহি আছে। মা ব্যস্ত হৈ পৰিল– কি হ'ল? কি হ’ল অ’ মালা? তুমি কান্দিছা?

 -নাই, কিয় কান্দিম? চকুত ধূলি পৰিছিল। ওপৰত বতাহ...।

 মায়ে সন্দেহেৰে মোলৈ চাইছিল। তেওঁ হেনো মালাই ফাঁকি দিয়া বুলি জানিছে। মই কি কৰিম? অনাহকত কাৰোবাৰ কান্দিবৰ মন গলে মোৰ উপায় নাই। অফিচৰ পৰা দেৰিকৈ আহিম বুলি মইতো আগতে জনাইছিলোৱেই।

 ৰাতি ভাত খাই শুবলৈ যোৱাৰ আগতে দৈনন্দিন কৰ্মৰ শেষ ভাগত বাতৰি কাকত পঢ়া কামটো কৰি শুবলৈ গ'লো। হঠাৎ জৈৱিক তাড়না উপস্থিত হোৱাত সংগিনীৰ ফালে দৃষ্টি দি দেখিলো— বিছনাত পেট পেলাই বাগৰি বগা কাগজ এখনত আঁক-বাঁক কৰি আছে। চালো। ২৪ সংখ্যাটো কেইবাবাৰো লিখি কোনোবাটো বৃত্তৰ মাজত আৰু কোনোবাটো পূৰণ চিনৰ তলত সুমুৱাই থৈছে। [ ১১৪ ]

সুধিলো কিনো?

 তাই মুখেৰে একো নামাতি কাগজখিলা মোৰ ফালে আগুৱাই দিলে। মই চাই একো নুবুজি সুধিলো— ২৪ মানে কি?

 - এটা তাৰিখ। তাতে কি হ'ল?

 -একো নাই। আজি ২৪ তাৰিখ। এপ্ৰিলৰ। তাকেই লিখিছো। মন গৈছে বাবে।

 -তুমি পাগল হ’লা নেকিহে?

 হঠাৎ বাউলী ৰূপ লৈ মালাই বিছনাৰ পৰা জঁপিয়াই উঠি চেপা মাতেৰে খঙতে ক'বলৈ ধৰিলে— অঁ, মই পাগলী হৈছো। হয়। মই পাগলী। এই পাগলী মানুহজনীক লৈ সংসাৰ কৰিবলৈ তোমাৰ অসুবিধা হ'ব। সেয়ে মোক এৰি দিয়া, মই গুচি যাওঁ। মই তোমাৰ লগত নাথাকো।

 মোৰো খং উঠিল। কʼলো—এৰি দিবলৈ মইতো তোমাক বান্ধি থোৱা নাই! যোৱাগৈ য’লৈকে মন যায় ত’লৈকে— বুলি লাইট অফ কৰি মই শুই পৰিলো। মালা সেইদিনা মোৰ বিছনাত নুশুলে। কাষতে থকা সৰু বিছনাখনত থাকিল। এনেয়েও আজি কিছুদিনৰ পৰা এখন বিছনাত শোৱা আৰু নোশোৱাৰ মাজত বিশেষ পাৰ্থক্য নাছিলেই। হৃদয়ৰ দূৰত্ব বাঢ়ি গ'লে শৰীৰ ওচৰত থাকিলেও আকৰ্ষণ অনুভৱ কৰা নাযায়।

 পিছদিনা পুৱা সাৰ পাই টেবুল ঘড়ীটোৰ ফালে চালো। লগে লগে চকু পৰিল ঘড়ীটোৰ ওচৰতে থোৱা আমাৰ যুগ্ম ফটোখনলৈ। তলত লিখা আছে— ২৪ এপ্ৰিল, ২০০৭। অহ্ হ’, মোৰ মুখেৰে এটা আফ্‌চোচৰ ধ্বনি ওলাই আহিল। পিছ মুহূৰ্ততে ভাবিলো— এইটোনো কি ডাঙৰ কথা? মানুহৰ এটা দিনত বিয়া হয়। হয়েই। সেই দিনটো লৈ ইমান চেন্টিমেণ্টেল হোৱাৰ কি দৰকাৰ? তেনেকুৱা দিনটো জীৱনৰ প্ৰতিটো দিনেই হ'ব বুলি ভাবিব পাৰি! মালাই গা ধুই সোমাই আহিছিল। কালিৰ তাইৰ আচৰণৰ উহ পাইছিলোৱেই। সেয়ে মাতিলো— এই, এইফালে আহাচোন।

 - কিয়?

 -এনেয়ে। আহাচোন, এটা চুমা খাওঁ।

 -নালাগে। তাই উচাৎ মাৰি আঁতৰি গ'ল। এনেকৈয়ে এদিন উচাৎ মাৰি মোৰ গাৰ কাষৰ পৰা আঁতৰি যোৱা মালাই [ ১১৫ ] পাছত মোৰ জীৱনৰ পৰাই আঁতৰি যাবলৈ মোৰ অলক্ষিতে সংকল্প কৰিলে। মই। গম পায়ো তাইক ৰখাবৰ যত্ন নকৰিলো। কিয় নকৰিলো— মই এতিয়াও বুজা নাই।
 চাকৰিৰ বদলি সূত্ৰে মই এই নতুন ঠাইখনলৈ আহিলো। মোৰ স’তে মালাক জোৰকৈ পঠিয়াই দিয়া হ'ল— তাই তোমালোকক এৰি আহিব বিচৰা নাছিল। মায়েহে বেছি জোৰ কৰি তাইক পঠিয়াই দিলে। নতুন ঠাইত নতুন ঘৰত বয়বস্তুবোৰ থান-থিত লগাই থাকোতে মাৰ কথা ওলাল। মই ক'লো— দেখিলা, শাহুৱেৰাৰ কিমান মৰম? বোৱাৰীয়েকক অকলে থাকিবই নিদিয়ে।
 —এহে, কমখন মৰমনে? অকলে থাকিবই নিদিয়েনে পুতেকৰ আল ধৰিবলৈ নিকিনা বান্দী এজনী পঠিয়ালে? তাইৰ মুখত সম্পূৰ্ণ তাচ্ছিল্যভৰা মাত। মোৰ খং উঠি গ'ল— তোমালোক মাইকী মানুহবোৰৰ নিচিনা ঠেক চিন্তাৰ জীৱ এই পৃথিৱীত আৰু নাই। ঘৰত অকলে থাকি বৰ হ’বা বুলি মায়ে তোমাক মোৰ লগলৈ পঠিয়ালে, আৰু তুমি...?
 —লগ? ঘৰত মই অকলশৰীয়া? আৰু ইয়াত?.... ইয়াত মোৰ লগ ক'ত?
 —কিয়, মই? দিনৰ পাঁচ ঘণ্টামান সময়হে অফিচত থাকিম। বাকীখিনি সময়তো....!
 —বাৰু বাৰু। বহুত পালো তোমাৰ সংগ। অফিচৰ বাহিৰৰ সকলোখিনি সময়েই কেৱল তুমি মোকেই দিয়া নহয়....!
 —তোমাৰ অসন্তুষ্টি দিনক দিনে বাঢ়ি গৈছে মালা।
 —তুমি কমাবৰ যত্ন কৰিছা জানো?
 —মই কিয় কৰিম? তোমাৰ মনৰ বেমাৰ হৈছে, তুমি নিজে ভাল কৰা।
 —অ’ এবা। ময়েইতো ভাল কৰিম। এই বেমাৰ মই ভাল কৰিবই লাগিব।
 তাৰ পাছৰ পৰা দুয়োৰে মাজত মাত-বোল প্ৰায় বন্ধই হৈ গ'ল। নিতান্তই প্ৰয়োজনীয় কথাকেইটাৰ বাহিৰে দুয়ো যেন দুটা যন্ত্ৰ মানৱত পৰিণত হলো। দৈনন্দিন কাম-কাজবোৰ দুয়োৰে ভাগে ভাগে পৰাবোৰ নীৰৱে কৰি যাওঁ— একেলগে টিভি চাওঁ, বাতৰি কাকত পঢ়ো, একেলগে ভাত খাওঁ, একেলগে শোওঁ কিন্তু দুয়োৰে মাজত এটা স্পষ্ট ফাঁক হৈ পৰিল। এই ফাঁকটো দিন যায় মানে [ ১১৬ ] বেছি বহল হৈ গৈ থাকিল আৰু তাৰ মাজেৰে সৰি পৰি শেষ হৈ গ'ল আমাৰ মাজৰ মৰম-ভালপোৱা আৰু সন্মানবোৰ। মই আগতেও কৈছো— এই ফাঁকটোৰ, দূৰত্বটোৰ উপলব্ধি আমি দুয়োৱে কৰিছিলো। মাত্ৰ সেই সম্বন্ধে আমি দুয়োৱে বহি একো আলোচনা নকৰিলো। কৰা হলে হয়তো....!

 এদিন সন্ধিয়া চাহ খাবৰ পৰত মালাই ক'লে— ফাঁকটো বৰ ডাঙৰ হ’ল।

 -হুঁ। চাহৰ কাপত চুমুক দি খিৰিকীৰে দিনান্তলৈ চাই ক’লো।

 কিছুপৰ ৰৈ মালাই ক'লে— কালিলৈ মই ইয়াৰ পৰা যামগৈ।

 অলপ আচৰিত হৈ সুধিলো— ক'লৈ? মাৰাৰ ঘৰলৈ?

 - ওহোঁ, আঁতৰৰ এখন ঠাইলৈ। মই ইয়াত থাকিব নোৱৰা হৈছো। বৰ কষ্ট অনুভৱ কৰিছো।

 -ময়ো। বৰ কষ্ট পাই আছো....। সঁচাকৈয়ে যাবানে?

 - অঁ।

 – ঘূৰি আহিবা?

 -নাহো।

 -কিবা দাবী?

 -নাঃ। নাই।

 -আদালতৰ দৰকাৰ হ’ব?

 – নাঃ। নালাগে। ... তুমি আৰু মই। এই দুটা মানুহৰ বিশ্বাস আৰু বুজাবুজিৰ মাজত আদালত, আইন— এইবোৰ কিয়?

 - মই যদি অইন কাৰোবাক বিয়া কৰাওঁ?

 - আপত্তি নাই। অকণো নাই। মাতিবা। আহিম।

 - তুমি?

 -মই নকৰাওঁ। .... বিয়া জীৱনত এবাৰহে হয়....।

 -ময়ো নকৰাওঁ। এনেয়েহে কৈছিলো। ... কেই বজাত ওলাই যাবা?

 -তুমি অফিচৰ পৰা অহাৰ পাছত।

 - সন্ধিয়া?

 -ৰাতি সাত বজাত ট্ৰেইন। .... আজি ভাত কিহেৰে খাবা?

 -তোমাৰ যি মন যায় ৰান্ধিবলৈ।

 বৰ জুতি লগাকৈ মই ভালপোৱা কেইবাখনো ব্যঞ্জন ৰান্ধি মালাই মোলৈ [ ১১৭ ] ভাত বাঢ়ি দিছিল। মই খাবলৈ বহিলো। দুগৰাহমান খায়েই মনত পৰিল—মালাকো লগতে খাবলৈ ক'ব লাগিছিল। তাইলৈ চালো। পাকঘৰৰ দুৱাৰৰ চৌকাঠত ভেজা দি অপলক নেত্ৰে মোলৈ চাই আছে। চকুৱে চকুৱে পৰাত তাই সাউতকৈ ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ পৰাই সুধিলে— কিবা লাগিব?
 —নালাগে। তোমাৰ বাঢ়িব পাৰা। আনা। মালাই ভাত অলপ আনি মোৰ পৰা দূৰত বহি নিস্তেজভাৱে খাবলৈ বহিল। ইতিমধ্যে মোৰ খোৱা হৈছিলেই! কি কাৰণত নাজানো, সেইদিনা মোৰ অকণো টোপনি নাহিল। মালাৰো টোপনি অহা নাই। দুয়ো উজাগৰে থাকিও অকণমান সময়ৰ বাবেও একাত্ম হোৱা নাই। তাই চাগৈ এটা নতুন পুৱালৈ চাইছিল। হ'বও পাৰে, নহ'বও। পাৰে।
 অলপ আগতে মালা ওলাই গ'ল। ঘৰটো ৰিঙা ৰিঙা লাগিছে। তাই যোৱাৰ পাছত ৰাতিটো আৰু আজিৰ দিনটো মই সম্পূৰ্ণ কৰ্মহীনভাৱে কটালো। গাটোত যেন বৰ ভাগৰ লাগিছে। ভাত খাবৰ মন যোৱা নাই। ৰাতি শুবলৈ আহি বাতৰি কাকত পঢ়াৰ পৰিৱৰ্তে আজি প্ৰথমবাৰলৈ লিখিবলৈ বহিছো। এই নিয়মটো আগতে ভংগ কৰা হ'লে মালা চাগৈ আঁতৰি নগ'লহেঁতেন।
 আজিলৈ ইমানেই।

ইতি,
তোমাৰ পুত্ৰ’

একেলেথাৰিয়ে কাগজকেইখিলা পঢ়ি অতাই অনন্ত বৰুৱাই কিছুপৰ কুঞ্চিত কৰি বহি থাকিল। লাহে লাহে তেওঁৰ কপালৰ ৰেখা নাইকিয়া হৈ পৰিল। সেই সময়ত গেট খুলি সোমাই অহা পল্লৱক দেখি তেওঁৰ মুখত এটা মধুৰ হাঁহি বিৰিঙি উঠিল। বন্ধ কোঠাৰ মাজত পল্লৱে তেন্তে ইয়াৰেই সন্ধান কৰিছিল!!