আমাৰ গাঁও

(আমাৰ গাওঁৰ পৰা পুনঃনিৰ্দেশিত)

শুৱনি আমাৰ গাঁওখন অতি,
শুৱনি গছেৰে ভৰা;
ডাল ভৰি ভৰি ফল ফুল লাগে,
কত পাওঁ তল সৰা।

শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।

চালত কোমোৰা, লাও, জিকা, ভোল,
ভঁৰালত জহা ধান;
গোহালিত গৰু পুখুৰীত মাছ,
বাৰীত তামোল পাণ।

গছৰ ডালত শুৱনি চৰায়ে,
শুৱনি সংগীত গায়;
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়।

ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ;
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
ঘৰে ঘৰে দেখো সুখ।

ভাওনা সবাহ গীত ভাল পোৱা,
মধুৰ মুৰুলী তান;
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্ৰাণ।