[ বকলা ]
 

আদিপাঠ।

 

 

মাজছোৱা।

 

 

শ্ৰীকালীনাথ হাজৰিকা

প্ৰণীত

 

প্ৰথম তাঙ্গৰণ।

 

কলিকতা।

“ব্ৰাহ্মমিশ্যন” যন্ত্ৰত শ্ৰীকাৰ্ত্তিকচন্দ্ৰ দত্তৰ
দ্বাৰা ছপা হল।

All rights reserved

১৮১৩ শঁক।

 
[ পৰিচয় ]
 

OPINION OF THE NOWGONG
TEXT-BOOK COMMITTEE.

 Extract from the proceedings of the Nowgong Anglo-Vernacular Text-Book Committee held on 10th June, 1891.
 “Read Adipath, by Kali Nath Hazorika. Resolved that the book may be used as a text-book, but the author must print the first and second parts separately in two different volumes.”

 
[  ]
 

আদিপাঠ।


 

মাজ ছোৱা।

 

 

সংযোগী আখৰ।

 

 

ঙ্ক ফলা

 

ঙ ক ঙ্ক শঙ্কৰ, পঙ্কজ, ভয়ঙ্কৰ, মেজাঙ্কৰি।
ঙ খ ঙ্খ শঙ্খ, টিঙ্খপ, পাঙ্খা।
ঙ গ ঙ্গ সঙ্গ, মঙ্গল, ডাঙ্গৰ, ডিঙ্গি, হেঙ্গুল।
ঙ ঘ ঙ্ঘ উপলঙ্ঘা, সঙ্ঘটন, লঙ্ঘন।
ঞ চ ঞ্চ সঞ্চয়, কিঞ্চিৎ, কাঞ্চন, বঞ্চিত।
ঞ ছ ঞ্ছ বাঞ্ছা, গুলঞ্ছ, বাঞ্ছিত।
ঞ জ ঞ্জ বুৰঞ্জী, পঞ্জিকা, অঞ্জন।
ণ ট ণ্ট  ঘণ্টা, বণ্টন, কণ্টক।
[  ] ণ ঠ ণ্ঠ কণ্ঠ, কুন্ঠিত, উৎকণ্ঠিত, কণ্ঠী।
ণ ড ণ্ড পণ্ডিত, পাণ্ডা, দণ্ড, গণ্ডপ, চণ্ডাল।
ণ ঢ ণ্ঢ সণ্ঢালনি, ষণ্ঢামাৰ্ক।
ন ত ন্ত মান্তি, কান্তি, শান্তি, বন্তি।
ন থ ন্থ পান্থশালা, মন্থন।
ন দ ন্দ দন্দ, সন্দেহ, সান্দহ, চন্দন।
ন ধ ন্ধ কান্ধুলি, বন্ধু, সন্ধিয়া, ৰন্ধা।
ম প ম্প খাম্পা, সম্পদ, চম্পা৷
ম ফ স্ফ লম্ফ, দম্ফ, সম্ফল।
ম ব ম্ব সম্বাদ, প্ৰলম্ব, অম্বিকা, বিম্বাশবদে।
ম ভ ম্ভ দম্ভ, আৰম্ভ, সম্ভৱ।
ঙ ক্ষ ঙ্ক্ষ আকাঙক্ষা।

 

বোকাত গজে বাবে পদুমক পঙ্কজ বোলা যায়
পূজাৰীয়ে পূজা কৰোতে শঙ্খ বজায়।
বেয়া মানুহৰ লগত সঙ্গ নেপাতিবা।
গুৰু জনৰ কথা উপলঙ্ঘা নকৰিবা।
কিঞ্চিৎ কৰিবা, বঞ্চিত নকৰিবা।
[  ] কাৰবাৰ নকৰিলে বাঞ্ছা পূৰ নহয়।
বুৰঞ্জী পঢ়িলে ভাল ভাল কথা জনা যায়।
দিনে ৰাতিয়ে চৌবিশ ঘণ্টা।
লৰাৰ ডিঙ্গিত কণ্ঠী মণিয়ে তুলি ধৰে।
পণ্ডিতে সকলো ঠাইতে আদৰ পায়।
ভিতৰুৱা কথা সণ্ঢালনি কৰা বেয়া।
সকলো জীৱ জন্তুৱে ৰাতি হলে শুই শান্তি লাভ কৰে।
দেৱতাসকলে সাগৰ মন্থন কৰি অমৃত উলিয়াইছিল।
কাৰে সৈতে দন্দ নকৰিবা।
সন্ধিয়া বেলিকা পচিম ফালে আকাশ ৰঙ্গা হয়।
সম্পদ কালত বহুত বন্ধু গোট খায়।
যতন কৰাঁ, তোমাৰ মনৰ কামনা সম্ফল হব।
প্ৰলম্ব নামেৰে এটা অসুৰ আছিল।
দম্ভ কৰি ফুৰা মানুহক কেৱেঁ ভাল নেপায়।
অতিকৈ আকাঙ্ক্ষা কৰা ভাল নহয়।


[  ]

স্ক ফলা

 

স ক স্ক ভাস্কৰ, সংস্কাৰ, সংস্কৃত, পুৰস্কাৰ।
ষ ক ষ্ক পুষ্কৰ, দুষ্কৰ, নিষ্কৰ।
ড় গ ড়্গ খড়্গ।
দ গ দ্গ উদ্গতি, সদ্গতি, মুদ্গৰ।
দ ঘ দ্ঘ উদ্ঘাটন।
শ চ শ্চ পশ্চিম, নিশ্চয়।
ব জ ব্জ অব্জ, কব্জা।
ষ ঞ ষ্ণ কৃষ্ণ, উষ্ণ, বিষ্ণু।
ষ ট ষ্ট দুষ্ট, কষ্ট, অষ্টম।
ষ ঠ ষ্ঠ অষ্ঠিলা, ষষ্ঠ, নিষ্ঠুৰ।
স ত স্ত অস্ত, সস্ত, খাস্তাং।
স থ স্থা অৱস্থা, স্থান, প্ৰস্থান।
ব দ ব্দ শব্দ, অব্দ।
ব ধ ন্ধ স্তব্ধ, ক্ষুব্ধ, আবদ্ধ।
স প স্প স্পষ্ট, পৰস্পৰ।
ষ প ষ্প পুষ্প, নিষ্পাপ।
[  ] স ফ স্ফ আস্ফাল।
ষ ফ ষ্ফ নিষ্ফল।

 

ভাস্কৰ নামেৰে এজন পণ্ডিত আছিল।
খাজানা নোহোৱা মাটিক নিষ্কৰ বোলে।
গঁড়ৰ খড়্গ আছে।
সদ্গতি পাবলৈ সকলোৱে বাঞ্ছা কৰে।
পৰৰ দোষ উদ্ঘাটন কৰা অনুচিত।
দুখ কৰিলে নিশ্চয় সুখ হয়।
পানীত জন্মে এই কাৰণে পদুমক অব্জ বোলে।
বিষ্ণুৰ ভকত সকলক বৈষ্ণৱ বোলে।
দুষ্টৰ লগত সঙ্গ নেপাতিবা।
যুধিষ্ঠিৰ বৰ সাধু পুৰুষ আছিল।
বেলিৰ উদয় হলে দিন, অস্ত হলে ৰাতি হয়।
সকলোৰে অৱস্থা সমান নহয়।
কুলিৰ শব্দ শুনিবলৈ মধুৰ।
মেঘৰ গাজনিত সকলো স্তব্ধ হয়।
সুগন্ধি পুষ্প সকলোৰে আদৰৰ বস্তু।
[  ] পঢ়োতে সকলো কথা স্পষ্টকৈ মাতিবা।
জনা মানুহে আপোনাৰ গুণৰ আস্ফাল নকৰে।


 

যকাৰ।

ব্যঞ্জনত য যোগ কৰিলে যৰ এই  ্য গঢ় হয়

ক  ্য ক্য বাক্য, শাক্য, চাণক্য।
খ  ্য খ্য সংখ্যা, খ্যাতি, অখ্যাতি।
গ  ্য গ্য ভাগ্য, আৰোগ্য।
চ  ্য চ্য বাচ্য, অবাচ্য।
জ  ্য জ্য ৰাজ্য, পূজ্য।
ট  ্য ট্য নাট্য, বাট্যাল।
ঠ  ্য ঠ্য শাঠ্য, পাঠ্য।
ড  ্য ড্য জাড্য।
ঢ  ্য ঢ্য আঢ্য।
ণ  ্য ণ্য পুণ্য, অৰণ্য, নৈপুণ্য।
ত  ্য ত্য সত্য, কৃত্য, অপত্য।
থ  ্য থ্য পথ্য, অপথ্য ।
[  ] দ  ্য দ্য বিদ্যা, বাদ্য, পদ্য।
ধ  ্য ধ্য বাধ্য, আৰাধ্য, অসাধ্য, ধ্যান।
ন  ্য ন্য অন্য, বন্য, কন্যা।
প  ্য প্য সাৰুপ্য।
ব  ্য ব্য দিব্য, ব্যাধি, ব্যাস।
ভ  ্য ভ্য সভ্য, অসভ্য, লভ্য।
ম  ্য ম্য ৰম্য, দম্য, সম্যক।
য  ্য য্য ন্যায্য, সাহায্য।
ল  ্য ল্য বাল্য, মাল্য, শল্য।
শ  ্য শ্য অৱশ্য, বৈশ্য।
ষ  ্য ষ্য মনুষ্য, শিষ্য।
স  ্য স্য তপস্যা, ৰহস্য, শস্য।
হ  ্য হ্য সহ্য, বাহ্য, দাহ্য।
ক্ষ  ্য ক্ষ্য ভক্ষ্য, অভক্ষ্য।

 

সজ বাক্য সকলোৱে ভাল পায়।
বেয়া কাম কৰিলে আখ্যাতি হয়।
আৰোগ্য সকলো সুখৰ মূল।
[  ] অবাচ্য মাত কেতিয়াও নেমাতিবা।
সাধু লোক সকলোৰে পূজ্য।
তোমাৰ পাঠ্য পুথি পাঠ কৰা।
পাৰামানে পুণ্য সঞ্চয় কৰাঁ।
সদাই সত্য কথা কবা।
নৰীয়া হলে পথ্য খাবা।
বিদ্যাৰ সমান ধন নাই।
যতন কৰিলে অসাধ্যো সাধ্য হয়।
কন্যাদান বৰ দান।
ব্যাধৰ শৰত পৰিলে কোনো জন্তুৰ ৰক্ষা নাই।
পাৰামানে বিপদত পৰা মানুহক সাহায্য দিবা।
বাল্যকালতে বিদ্যা শিকিলোৱাঁ।
মন দি শিকিলে অৱশ্যে বিদ্যা হব।
সহ্য গুণ সকলোতকৈ ডাঙ্গৰ গুণ।


[  ]

ৰেফ।

 ৰত ব্যঞ্জন লগ লগালে ৰৰ এই গঢ় হয়। ৰেফৰ যোগত ক, চ, ছ, জ, ত, দ, ধ, ব, ভ, ম, য, ল এই কেইটা আখৰ দুটীয়াকৈ লিখা যায়। ভ দুটীয়া হলে আগৰটো ব আৰু ধ দুটীয়া হলে আগৰটো দ হয়।

 

ৰ্‌ ক ৰ্ক ৰ্ক্ক তৰ্ক, কৰ্ক্কট, কৰ্ক্কৰীয়া।
ৰ্‌ খ ৰ্খ মূৰ্খ, খৰ্খৰীয়া।
ৰ্‌ গ ৰ্গ পাৰ্গত, গৰ্গ, দুৰ্গতি।
ৰ্‌ ঘ ৰ্ঘ অৰ্ঘা, দীৰ্ঘ।
ৰ্‌ চ ৰ্চ্চ কৰ্চ্চন, মূৰ্চ্চা, অৰ্চ্চনা।
ৰ্‌ জ ৰ্জ্জ তৰ্জ্জু, দুৰ্জ্জন, অৰ্জ্জুন।
ৰ্‌ ণ ৰ্ণ কৰ্ণ, বৰ্ণ, বিবৰ্ণ।
ৰ্‌ ত ৰ্ত্ত ধূৰ্ত্ত, তুৰ্ত্তুৰীয়া, মূৰ্ত্তি।
ৰ্‌ থ ৰ্থ পাৰ্থ, যথাৰ্থ, অৰ্থ।
ৰ্‌ দ ৰ্দ্দ নিৰ্দ্দয়, হৰ্দ্দম, কৰ্দ্দৈ।
ৰ্‌ ধ ৰ্দ্ধ বৰ্দ্ধন, গোবৰ্দ্ধন, বাৰ্দ্ধক্য।
ৰ্‌ প ৰ্প সৰ্প, দৰ্প, কন্দৰ্প।
[ ১০ ] ৰ্‌ ফ ৰ্ফ কৰ্ফাল।
ৰ্‌ ভ ৰ্ভ ৰ্ব্ভ নিৰ্ভৰ, গৰ্ব্ভ।
ৰ্‌ ম ৰ্ম্ম ধৰ্ম্ম, কৰ্ম্ম, ফৰ্ম্মুটি।
ৰ্‌ য ৰ্য্য কাৰ্য্য, সূৰ্য্য, আৰ্য্য, দুৰ্য্যোধন।
ৰ্‌ ল ৰ্ল্ল লুৰ্ল্লুৰীয়া, দুৰ্ল্লভ।
ৰ্‌ শ ৰ্শ কাঁৰ্শলা, দৰ্শন।
ৰ্‌ ষ ৰ্ষ বৰ্ষা, কৰ্ষণ, মৰ্ষণ।
ৰ্‌ হ ৰ্হ আৰ্হি, কোৰ্হাল।

 

তৰ্ক কৰিলে বুদ্ধি চোকা হয়।
ৰদত মাটি শুকাই কৰ্ক্কৰীয়া হয়।
মূৰ্খ মানুহে সময় ব্যয় কৰিবলৈ উপায় নেপায়।
গৰ্গ নামেৰে এজনা ঋষি আছিল।
হীৰা অতি মহাৰ্ঘ বস্তু।
ৰদৰ ধকে ধৰিলে মানুহ মূৰ্চ্চা যায়।
কৰ্ণ আৰু অৰ্জ্জুন দুজনা মহাবীৰ আছিল।
ধূৰ্ত্ত মানুহে ছল পালেই ঠগিবলৈ বিচাৰে।
যথাৰ্থ বন্ধু অতি দুৰ্ল্লভ।
[ ১১ ] নিৰ্দ্দয় মানুহ পশুৰ নিচিনা।
পাৰামানে মানুহৰ সুখ বৰ্দ্ধন কৰিবা।
অহঙ্কাৰী মানুহে দৰ্প কৰি ফুৰে।
ভয় খালে মানুহে কৰ্ফাল খায়।
সদাই ধৰ্ম্ম কৰ্ম্মলৈ মন দিবা।
সূৰ্য্যই পৃথিবীক পোহৰ দিয়ে।
চকুৰে সকলো দৰ্শন কৰা যায়।
ভূমি কৰ্ষণ কৰাই কৃষকৰ ঘাই কাম।
সদাই সন্ত লোকৰ আৰ্হি লৈ চলিবা।


ৰকাৰ।

 ব্যঞ্জনত ৰ যোগ কৰিলে তাৰ গঢ়    ্ৰ এনে হয়।

 

ক ৰ ক্ৰ ক্ৰ চক্ৰ, বক্ৰ।
খ ৰ খ্ৰ তুখ্ৰং।
গ ৰ গ্ৰ গ্ৰহ, নিগ্ৰহ, অনুগ্ৰহ।
ঘ ৰ ঘ্ৰ ঘ্ৰাণ, আঘ্ৰাণ।
জ ৰ জ্ৰ বজ্ৰ, বজ্ৰপাত।
[ ১২ ] ত ৰ ত্ৰ সত্ৰ, ত্ৰাণ।
দ ৰ দ্ৰ ৰূদ্ৰ, ভদ্ৰ, সুভদ্ৰা।
প ৰ প্ৰ প্ৰণাম, প্ৰথম, প্ৰলয়, প্ৰিয়।
ব ৰ ব্ৰ তীব্ৰ, ব্ৰজ।
ভ ৰ ভ্ৰ ভ্ৰমণ, ভ্ৰম, ভ্ৰুকুটি।
ম ৰ ম্ৰ নম্ৰ, ম্ৰিয়মান।
শ ৰ শ্ৰ শ্ৰাৱণ, শ্ৰৱণী, শ্ৰম।
স ৰ স্ৰ অজস্ৰ, স্ৰোত।
হ ৰ হ্ৰ হ্ৰদ।

 

মানুহৰ সুখ দুখ ৰথৰ চক্ৰৰ দৰে ঘূৰি থাকে।
সকলো কাম তুখ্ৰংকৈ কৰিবা।
যুদ্ধ বিগ্ৰহ হলে দেশৰ পয়মাল হয়।
সুগন্ধি ফুলৰ ঘ্ৰাণে সকলোকে মোহিত কৰে।
বজ্ৰপাত হলে কাণ তাল মাৰি যায়।
এই সংসাৰৰ সকলো বিচিত্ৰ।
সুভদ্ৰা এজনা অৰ্জ্জুনৰ ভাৰ্য্যা আছিল।
প্ৰাণপণে বিপদত পৰা লোকক উদ্ধাৰ কৰিবা।
[ ১৩ ] কাকো অপ্ৰিয় কথা নকবা।
মনৰ গতি বৰ তীব্ৰ।
ভ্ৰম নোহোৱা মানুহ কোন আছে?
শ্ৰম নকৰাকৈ অজস্ৰে কোনেও খাবলৈ নেপায়।
আপুনি হোৱা ডাঙ্গৰ পুখুৰিক হ্ৰদ বোলে।

 

নকাৰ।

 

গ ন গ্ন অগ্নি, লগ্ন, মগ্ন।
ঘ ন ঘ্ন বিঘ্ন, কৃতঘ্ন।
ণ ন ণ্ন বিষণ্ন।
ত ন ত্ন ৰত্ন, যত্ন, পত্নী।
ন ন ন্ন অন্ন, প্ৰসন্ন, উৎপন্ন।
প ন প্ন স্বপ্ন।
ম ন ম্ন নিম্ন।
শ ন শ্ন প্ৰশ্ন।
স ন স্ন স্নান।
হ ন হ্ন আহ্নিক, পূৰ্ব্বাহ্ন, অপৰাহ্ন।
ক্ষ ন ক্ষ্ন তীক্ষ্ন।

 

অগ্নিয়ে সকলোকে পোৰে।
শুভকৰ্ম্মৰ অনেক বিঘ্ন।
[ ১৪ ] তুমি সদাই প্ৰসন্ন থাকিবা, বিষন্ন নহবা।
যত্ন কৰিলে ৰত্ন পায়।
স্বপ্নত দেখা কথা সঁচা নহয়।
নিম্ন দিশলৈহে পানী যায়।
প্ৰশ্নৰ উচিত উত্তৰ দিবা।
নিতে স্নান কৰিবা।
দিনৰ আগ বেলাক পূৰ্ব্বাহ্ন বোলে।
লৰাকালত বুদ্ধি তীক্ষ থাকে।


 

মকাৰ।

 

ক ম ক্ম ৰুক্মিণী, ৰুক্ম।
গ ম গ্ম বাগ্মী।
ত ম ত্ম আত্মা।
দ ম দ্ম পদ্ম, ছদ্ম।
ন ম ন্ম জন্ম, সম্মত, সন্মান।
ল ম ল্ম শাল্মলী, বাল্মীকি।
শ ম শ্ম শ্মশান।
ষ ম ষ্ম ভীষ্ম, গ্ৰীষ্ম।
স ম স্ম স্মৰণ, স্মৃতি।
হ ম হ্ম ব্ৰহ্ম, ব্ৰাহ্মণ।
[ ১৫ ] ক্ষ ম ক্ষ্ম সূক্ষ্ম, লক্ষ্মী।

 

ৰুক্মিণী শ্ৰীকৃষ্ণৰ সৰ্ব্ব প্ৰধান ভাৰ্য্যা আছিল।
বাগ্মীলোকে বৰকৈ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে।
আত্মা তুষ্ট হলে সকলো তুষ্ট হয়।
পদ্ম ফুল অতি মনোহৰ।
অযুগুত কথাত সন্মত নহবা।
বাল্মীকি নামে এজন মুনি আছিল।
মৰিশালিক শ্মশান বোলে।
ভীষ্মদেৱ বৰ জ্ঞানী আছিল।
অধ্যাপকৰ উপদেশ স্মৰণ ৰাখিবা।
ব্ৰাহ্মণক ফলি মোহৰ কৰি নিষ্কৰকৈ দিয়া মাটিক ব্ৰহ্মোত্তৰ বোলে।
ধৰ্ম্মস্য সূক্ষ্মা গতিঃ।


লকাৰ।

 

ক ল ক্ল ক্লেশ, শুক্ল, ক্লান্ত।
গ ল গ্ল গ্লানি।
প ল প্ল বিপ্লৱ।
শ ল শ্ল শ্লাঘা, আত্মশ্লাঘা।
[ ১৬ ] হ ল হ্ল প্ৰহ্লাদ, আহ্লাদ।

 

ক্লেশ সহ্য নকৰিলে একো কাৰ্য্য সিদ্ধি নহয়।
পৰৰ গ্লানি কৰা অনুচিত।
ৰজা নোহোৱা দেশত বিপ্লৱ ঘটে।
যি আত্মশ্লাঘা কৰে তাৰ মূৰ্খালি প্ৰকাশ পায়।
প্ৰহ্লাদ বিষ্ণুৰ প্ৰধান ভকত আছিল।


বকাৰ।

 

ক ব ক্ব ক্বাথ, পক্ব, সুপক্ব।
জ ব জ্ব জ্বৰ।
ণ ব ণ্ব অণ্বয়।
ত ব ত্ব সত্বৰ।
দ ব দ্ব বিদ্বান, দ্বাৰ, দ্বাৰা।
ধ ব ধ্ব ধ্বনি, ধ্বংস, সাধ্বী।
ন ব ন্ব অন্বেষণ।
শ ব শ্ব নিশ্বাস, বিশ্বাস, বিশ্ব, ঈশ্বৰ।
স ব স্ব স্বৰ, স্বয়ং, স্বাদ।
হ ব হ্ব বিহ্বল, আহ্বান।
ক্ষ ব ক্ষ্ব ইক্ষ্বাকু।

 

সুপক্ক ফল বৰ সোৱাদ।
[ ১৭ ] জ্বৰ হলে ঔষধ খাবা।
শুভকৰ্ম্ম সত্বৰে কৰাই ভাল।
বিদ্যাৰ দ্বাৰা মানুহৰ মন পোহৰ হয়।
দুটা বস্তু ইটে সিটে ঠেকা খালে ধ্বনি উঠে।
পৰৰ দোষ অন্বেষণ কৰি ফুৰা বেয়া।
ঈশ্বৰ স্বয়ম্ভু।
সাধুলোক বিপদতো বিহ্বল নহয়।


অনেক প্ৰকাৰৰ সংযোগী অক্ষৰ।

 

ল ক ল্ক বল্কল, কল্কি।
ল গ ল্গ ফাল্গুন, ফল্গুোৎসৱ।
ল প ল্প গল্প, অল্প, শিল্প।
গ দ গ্দ বাগ্দান।
গ ধ ন্ধ দুগ্ধ, মুগ্ধ।
দ ধ ন্ধ বুদ্ধি, শ্ৰদ্ধা।
ক ত ক্ত শক্তি, ভক্তি, যুক্তি।
ক ক ক্ক ধিক্কাৰ।
প ত প্ত সপ্তম, তপ্ত, তৃপ্তি।
ত ত ত্ত উত্তম, মত্ত, দত্ত।
দ ভ দ্ভ উদ্ভণ্ডালি, অদ্ভুত, উদ্ভৱ।
চ চ চ্চ উচ্চাৰণ।
[ ১৮ ] চ ছ চ্ছ ইচ্ছা।
জ জ জ্জ সজ্জন, জগজ্জন।
ত থ ত্থ অশ্বত্থ, অশ্বত্থমা।
দ দ দ্দ উদ্দেশ, নিৰুদেশ।
জ ঞ জ্ঞ জ্ঞান, জ্ঞাতি, যজ্ঞ, আজ্ঞা।
ত ত্ব ত্ত্ব তত্ত্ব।
জ জ্ব জ্জ্ব উজ্জ্বল।
ত ত্ৰ ত্ৰ পুত্ৰ।
দ ব্য দ্ব্য সদ্ব্যৱহাৰ।
ন ত ন্ত্ৰ মন্ত্ৰ, তান্ত্ৰিক।
ন ত্ব ন্ত্ব সান্ত্বনা।
ন ধ্য ন্ধ্য সন্ধ্যা।
ন ন্য ন্ন্য সন্ন্যাসী।
ম প্ৰ ম্প্ৰ সম্প্ৰতি, সম্প্ৰদান।
ম ভ্ৰ ম্ভ্ৰ সম্ভ্ৰম, সম্ভ্ৰান্ত।
ব ভ্ৰ ব্ভ্ৰ অব্ভ্ৰ।
ষ ক্ৰ ষ্ক্ৰ দুষ্ক্ৰিয়া, নিষ্ক্ৰিয়া।
ষ প্ৰ ষ্প্ৰ দুষ্প্ৰবৃত্তি, দুষ্প্ৰাপ্য।
স ত্ৰ স্ত্ৰ অস্ত্ৰ, শস্ত্ৰ, স্ত্ৰী, বস্ত্ৰ।
দ ধ্ব দ্ধ্ব ঊৰ্দ্ধ্ব।
[ ১৯ ] ষ ট্ৰ ষ্ট্ৰ উষ্ট্ৰ, লোষ্ট্ৰ।

 

গছৰ বাকলিক বল্কল বোলা যায়।
লৰাবিলাকে গল্প শুনি মুগ্ধ হয়।
বাগ্দান কৰাৰ আগেয়েই উত্তম ৰূপে গমি চাবা।
দুগ্ধ বৰ শক্তি দিয়া বস্তু।
মানুহৰ ইচ্ছাৰ তৃপ্তি নাই।
সকলো কথাৰ তত্ত্ব বুজিবলৈ যত্ন কৰিবা।
জ্ঞানীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
অশ্বত্থমা দ্ৰোণাচাৰ্য্যৰ পুত্ৰ আছিল।
সজ কথাত শ্ৰদ্ধা কৰিবা।
ভগৱন্তক চিত্তে সৈতে ভক্তি কৰিবা।
উদ্ভণ্ডালি কৰা লৰাক কেৱেঁ ভাল নেপায়।
পঢ়োঁতে আখৰবিলাক ফুটাই উচ্চাৰণ কৰিবা।
জ্ঞানী লোকে শাস্ত্ৰৰ আলোচনা কৰে।
বস্ত্ৰ মানুহৰ প্ৰধান লাগতীয়াল বস্তু।
সকলে কামৰে একোটা উদ্দেশ থাকে।
সুপুত্ৰে বংশ উজ্জ্বল কৰে।
সময়ৰ সদ্ব্যৱহাৰ কৰিবা।
শোকত বিহ্বল হোৱা মানুহক সান্ত্বনা কৰিবা।
মান্যৱন্ত লোকক সম্ভ্ৰম কৰিবা।
[ ২০ ] বালিচন্দাক অব্ভ্ বোলে৷
চন্দ্ৰই ৰাতি পোহৰ দিয়ে৷
দুষ্প্ৰবৃত্তিক মনত ঠাই নিদিবা৷
পৰৰ দ্ৰব্য লোষ্ট্ৰৱৎ পৰিত্যাগ কৰিবা৷


সাত বাৰ।

 ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি৷

দুই পক্ষ৷

 শুক্ল আৰ কৃষ্ণ৷ পোন্ধৰ দিনে এক পক্ষ৷ যেতিয়া জোন সন্ধ্যাৰে পৰা ওলায় আৰু ক্ৰমে বাঢ়ি গৈ থাকে, সেয়ে শুক্ল পক্ষ৷ যেতিয়া সন্ধ্যাৰ সময়ত আন্ধাৰ থাকে, ৰাতি জোন ওলায় আৰু ক্ৰমে কমি গৈ থাকে, তাকে কৃষ্ণ পক্ষ বোলে৷ শুক্ল পক্ষৰ শেষ দিন পূৰ্ণিমা, কৃষ্ণ পক্ষৰ শেষ দিনা অমাৱস্যা হয়৷

বাৰ মাহ৷

 বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুণ, চত৷

ইংৰাজী মাহৰ নাম৷

 জানুৱাৰি, ফেব্ৰুৱাৰি, মাৰ্চ্চ, এপ্ৰিল, মেই, জুন, জুলাই, আগষ্ট, চেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ৷ [ ২১ ] 

ছয় ঋতু।

 গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শিশিৰ, বসন্ত।

গ্ৰীষ্ম।

 বহাগ, জেঠ এই দুমাহ গ্ৰীষ্মকাল অৰ্থাৎ জহ। এই সময়ত ৰদৰ তাপ বৰ চোকা হয়। গা ঘামে আৰু পিয়াহ লাগে। জীৱজন্তুবিলাকে ৰদত তত্ নেপাই অত্ৰাহিত হৈ ছা আৰু পানী বিচাৰি ফুৰে। দক্ষিণৰ পৰা বতাহ বৈ মাজে ২ ধুমুহা আৰু বজ্ৰপাত হয়। আম, জামু, কঁঠাল আদি সোৱাদ ফলবিলাক পকে। এই সময়ত দিন দীঘল আৰু ৰাতি ছুটি হয়। বাৰিষা কৰিবলগীয়া খেতিৰ আৰম্ভৰ এইয়ে সময়। কঠিয়া পৰা, কুঁহিয়াৰ ৰোৱা, দ মাটি চহোৱা প্ৰভৃতি কাম কৰিবৰ আৰু জলকিয়া, বেঙ্গেনা, ধপাত প্ৰভৃতিৰ গুটি পচাবৰ সময়। এই সময়ত আহুধান দাবৰ আৰু ছপাবৰো সময় হয়।

বৰ্ষা।

 আহাৰ আৰু শাওণ এই দুমাহ বাৰিষা। এই সময়ত আকাশ মেঘেৰে ঢকা থাকে, সদাই [ ২২ ] বৃষ্টি হয় আৰু মেঘৰ গৰ্জ্জন শুনা যায়। নৈ, খাল, পুখুৰিবিলাক পানীৰে ভৰে। বাটপধূলিবিলাকত বোকা হয়। কেতেকী আৰু কদম আদি ফুলৰ গোন্ধত চাৰিও দিশ মলমলায়। মাটিকঁঠাল, মধুৰিয়াম প্ৰভৃতি সোৱাদ ফলবিলাক পকে। এই সময়ত খেতিয়কবিলাকৰ শুৰ্ত্তি শান্তি নেথাকে। হাল বোৱা, কোৰ ধৰা, ৰোৱা, তোলা প্ৰভৃতি কামত পুৱাগধূলি সিহঁত ব্যাপৃত থাকিব লাগে।

শৰৎ।

 ভাদ আৰু আহিন এই দুই মাহ শৰৎকাল। এই সময়ত আকাশ পৰিষ্কাৰ আৰু ৰদ টান হয়। আলিপধূলিবিলাকৰ বোকা শুকায়। নৈপুখুৰিৰ পানীবিলাক নিৰ্ম্মল হয়। চন্দ্ৰ আৰু তৰাবিলাকৰ জেউতি বাঢ়ে। পদুম আৰু ভেঁট ফুলি জলাশয়ৰ শোভা বঢ়ায়। হাঁহ, বগ প্ৰভৃতি চৰাইবিলাকে মহানন্দে সাঁতুৰি আৰু চৰি ফুৰে। তাল, নাৰিকল প্ৰভৃতি ফল পকে। শৰৎকালত পথাৰ-জোৰা ধান দেখি চকুৰ বৰ তৃপ্তি হয়। এই কালত সকলো প্ৰকাৰৰ মাছ আৰু শাক আৰ্জ্জিবৰ সময়। [ ২৩ ]

হেমন্ত।

 কাতি আৰু আঘোণ এই দুই মাহ হেমন্তকাল। এই সময়ত হিম পৰে আৰু অলপ অলপ জাৰ হয়। ৰাতি আৰু পূৱা কুঁৱলীৰে এন্ধাৰ হৈ থাকে। ৰাতিৰ পৰিমাণ বাঢ়ে আৰু দিনৰ পৰিমাণ কমি যায়। পথাৰৰ ধান পকি বৰ শোভা হয়। আঘোণৰ শেষৰ পৰা লাহি, শালিধান দাবৰ সময়।

শিশিৰ।

 পুহ আৰু মাঘ এই দুমাহ জাৰ। এই সময়ত পানী বৰ চেঁচা হয়। জুইৰ আৰু ৰদৰ তাপ বৰ ভাল লাগে। ৰাতি জাৰ গুচাবৰ কাৰণে মানুহে নিহালি, কঁঠা, কম্বল, আৰু দিনত এৰিয়া আৰু কপাহি বৰকপোৰ আদি জাৰৰ কাপোৰ ব্যৱহাৰ কৰে। চন্দ্ৰ আৰু তৰাবিলাকে ভালকৈ পোহৰ দিব নোৱাৰে। ৰাতি ধুঁৱলীকুঁৱলী দেখা যায়। দিন ছুটি, ৰাতি দীঘল হয়। মাহ সৰিয়হবিলাক পকে আৰু তুলি ছপাবৰ সময় হয়।

বসন্ত।

 ফাগুণ আৰু চত এই দুমাহ বসন্ত। দক্ষিণৰ পৰা ৰিব ৰিব বতাহ বয়। আকাশ নিৰ্ম্মল, চন্দ্ৰ [ ২৪ ] আৰু তৰাবিলাক উজ্জ্বল হয়। গছলতা সকলোৱে ৰস ধৰে আৰু বাঢ়ে। কোনোৰ গজালি মেলে, কোনো ফুলে, কোনো কলিয়ায়। চৰাইবিলাকে মনৰ আহ্লাদেৰে নানা সুৰেৰে গান কৰিবলৈ ধৰে। সকলো জীৱজন্তুৰ মন প্ৰফুল্ল হয়।

দহ দিশ।

 পূব, পশ্চিম, উত্তৰ, দক্ষিণ, ঈশান, বায়ু, নৈঋত, উৰ্দ্ধ্ব, অধঃ। ৰাতিপুৱা যিফালে বেলি ওলায় তাক পূব, যিফালে বেলিটো মাৰ যায় তাক পশ্চিম বোলে। পূব ফালে মুখ কৰি ঠিয় হলে বাঁও হাতৰ দিশক উত্তৰ আৰু সোওঁ হাতৰ দিশক দক্ষিণ বোলে। উত্তৰ আৰু পূবৰ মাজৰ চুকটোক ঈশান, পশ্চিম আৰু উত্তৰৰ মাজৰটোক বায়ু, দক্ষিণ আৰু পশ্চিমৰটোক নৈঋত, পূব আৰু দক্ষিণৰটোক অগ্নি বোলে।

পাঁচ ইন্দ্ৰিয়।

 চকু, কাণ, নাক, জিবা, আৰু ত্বক।

আঠ ধাতু।

 সোণ, ৰূপ, লো, তাম, পিতল, সীহ, ৰাঙ্গ, ৰহ।


অন্ত।

[ ২৫ ]

শুধৰণী।

পিঠি শাৰী অশুদ্ধ শুদ্ধ
১৮ ১২ - ন, দ্ৰ, ন্দ্ৰ, ইন্দ্ৰ, চন্দ্ৰ।
২০ অব্ভ অব্ভ্
,, আৰ আৰু
[ ২৬ ]

জাননী।


 

 তলত লিখা পঢ়াশালিত চলা পুথিবিলাক মোলৈ লেখিলে পোৱা যাব।

পুথিৰ নাম। মূল্য। ডাকমাচুল।
শুভঙ্কৰী (গণিত, মৌখিক অঙ্ক আৰু পৰিমিতি) - -
ধাৰাপাত পাঁচ পইচা -
আদিপাঠ, আগছোৱা, - -
আদিপাঠ, মাজছোৱা, - -
হাতৰ লেখাৰ আদৰ্শপুথি, - -

 ১০ টকা বা তাতকৈ সৰহ ধনৰ পুথি নগদ দি বা ভেল্যু পেয়েব্‌ল্‌ ডাকত নিলে শতকৰা ২০ টকাকৈ কমিশ্যন দিয়া যাব।

শ্ৰীকালীনাথ হাজৰিকা,
তেজপুৰ, আসাম।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )