[ ১০ ]

আভাস।

সকলো জাতি মানুহৰ মাজত নিজ মাত্ৰি ভাসা আদৰনিয়। সেয়ে জিমান কি খিন আৰু অসোভিত নহওক, তেও আপোন ভাসা বুলি নেৰে। ৰন বিগ্ৰহ, ৰাজ্য ভগা আৰু নতুন ৰাজ্য পতা, এনে দুঘটনাৰ পৰা, বা নানা বিদেসি ভাসা সিকাতে মাত্ৰি ভাসাক গুচাব নোআৰে।। আমাৰ এই অচম দেসত ইয়াৰ প্ৰমান দেখা গৈচে। পুৰ্বে আহোম ৰজা সকলে এই দেস জই কৰি, স স বচৰ ভোগ কৰিলে। তেওঁ বিলাকৰ ভাসা খামতি জাতিৰ সমন্ধিয় এক ভাসা আচিল; কিন্তু এনে অতি আচৰিত জে ৰজা সকলব ভাসাই অচমিয়া ভাসাৰ একো হানি নকৰি, এতিয়া প্ৰাই সেই ভাসা আপুনি লোপ হল। এই দৰে, মান আৰু মচলমানৰ সৈন্যে বাৰে বাৰে এই দেসত ৰন কৰি দেসৰ বহু উতপাত কৰিলে; তথাপি ভাসাৰ একো লৰ নহল। আৰু বৰ্তমান কালত এই দেস ইংলণ্ডিয় সকলৰ অধিন হোআত, তেওঁবিলাকে অচমিয়া ভাসাৰ প্ৰতি বিসেস সহাই নহৈ, বঙ্গালি ভাসাক নিজ মাত্ৰি ভাসা বুলি, গবৰ্নমেণ্টৰ সকলো কৰম আৰু স্কুল আদিতো সেই ভাসাকে বেৱহাৰ কৰে। তাতে আমাৰ অচমিয়া মানুহ এভাগে জিবিকাৰ উপাইৰ নিমিতে বহু স্ৰমেৰে বিদেসি ভাসা সিকে; আৰু কিচু বঙ্গালি কথা লিখিব বজিব পাৰিলে, কাচাৰিলৈ গৈ, তাত বঙ্গালি অচমিয়া দুয়োকে মিহলাই আৰজি আদি লিখি জিবিকাৰ উলিয়াই। কাচাৰি ঘৰত দিনৰ দিণ্টো হিন্দুস্থানি, বঙ্গালি আৰু কেতিয়াবা কেতিয়াবা কিচু অচমিয়া কথাও মিহলাই কাম কাজ কৰে; কিন্তু আপোন ঘৰ পৰিয়াল পোআ মাত্ৰে, সুধ ৰুপে নিজ মাত্ৰি ভাসাৰে আলাপ কৰে। এই দৰে প্ৰাই ৩০ ত্ৰিচ বচৰ গল, কিন্তু অসমিয়া ভাসা ব্ৰহ্মপুত্ৰ নদিৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একে দৰে চলি আচে, আৰু আগলৈকো চলিব।

এতেকে, এই দেসৰ উনতিৰ নিমিতে নিজ মাত্ৰি ভাসা উতম কৰিব লাগে। পূৰ্বে বঙ্গালি আদি অনেক ভাসা অতি খিন আচিল; কিন্তু এতিয়া উত্তম কৰা হৈচে; এই ৰুপে আমাৰ এই দেসি গ্যানি লোক সকলেও নিজ মাত্ৰি ভাসাক উতম কৰিব পাৰে; বিসেসকৈ জি সকলে ইংৰাজি ভাসাৰে ন ন গ্যান বিদ্যা সিকিচে, তেওঁবিলাকে একে আলচেৰে সেই গ্যান বিদ্যাৰ দ্বাৰাই অচমিয়া ভাসাৰে নানা বিধ স্কুলৰ পুথি চাপিলে দেসত গ্যান বিদ্যা বাহিব, আৰু ক্ৰমে ক্ৰমে ভাসাও উতম আৰু সকলোৰে মান্যৱন্ত হৈ জাব।

সকলো পুথিৰ মাজত অভিধান অতি প্ৰয়োজনিয়। অনেক ইংৰাজি লোকে অচমিয়া ভাসা সিকিবলৈ ইচা কৰে, আৰু অনেক অচমিয়া লোকেও ইংৰাজি ভাসা সিকিবলৈ স্ৰম কৰি আচে। সকলোৰে উপকাৰৰ নিমিতে অচমিয়া ভাসাৰে এই প্ৰথম অভিধান সমাপ্ত কৰিলোঁ। ইয়াত [ ১১ ]

১৪০০০ চৈধ্য হেজাৰ মান সব্দ আচে, তাৰ অৰ্থ অচমিয়া আৰু ইংৰাজি, এই দুই ভাসাৰে দিয়া হল। উতম উতম পণ্ডিত, আৰু জনা লোকৰ সহাই লৈচিলোঁ, আৰু অনেক বচৰৰ পৰা সব্দ গোটাই, তাৰ অৰ্থ লিখা হৈচে; তাতো কোনো কথাৰ সন্দেহ লাগিলে, অন্য অনেক জনা লোকে সৈতে বিচাৰ কৰা গল; তেও ইয়াত জি অসুধ ওলাই, পণ্ডিত সকলে তাত দোস নধৰি, আমাক জনালে বৰ উপকাৰ মানিম; আৰু পুনৰ্বাৰ চাপোঁতে তাক সংসোধন কৰা জাব ।

 ইংৰাজি আৰু অচমিয়া ভাসাৰে, এই পুথিৰ দুতিয় ভাগো আৰম্ভন কৰা
গৈচে। ইতি॥

এম ব্ৰন্সন।
জিলা নগাওঁ আচাম,
সন ১৮৬৭ ইং তাং ১২ আগষ্ট।
}