শুনলো যশোৱা মাই বচন হামাৰি
।। ৰাগঃ বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। শনলো যশোৱা মাই বচন হামাৰি।
কি পুণ্য কৰিয়া পাইলা তনয় মুৰাৰি।।
পদ।। সুৰাসুৰ মুনি যাৰ চৰণ ধিয়ায়।
সহস্ৰ বয়ন সদা যাৰ গুণ গায়।।
চাৰি বেদে বিচাৰি নপাৱে যাৰ অন্ত।
তোৰ ঘৰে ধেনু ৰাখে হেনে ভগৱন্ত।।
নিত্য নিৰঞ্জন শিৱ পুৰুষ পুৰাণ।
ই তিনি ভুৱনে যাৰ নাহিকে সমান।।
কোটি ব্ৰহ্মাণ্ডৰ পতি নাথ নাৰায়ণ।
সো হৰি বয়নে তুহো কয়লি চুম্বন।।
তিনি গুণ হীন প্ৰভু যোহি দামোদৰ।
কোটি ব্ৰহ্মাণ্ড বৈঠে যাহেৰ উদৰ।।
যাৰ মায়াপাশে বন্দী ই তিনি ভুৱন।
যাৰ মায়াপাশে বন্দী ই তিনি ভুৱন।
সো হৰি উড়লে তুমি কয়লি বন্ধন।।
যাৰ নামে লৈলে সুখে তৰে পাপীজন।
সোহি প্ৰভু তোৰ কোলে চড়ি খাইল তন।।
কহয় মাধৱ দীন শুন হেৰ মাই।
তুহু সম ভাগ্যৱতী আৰ কেহ নাই।।