শঙ্খ চক্ৰ গদা পঙ্কজ-পাণি গৰুড় আসন
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। শঙ্খ-চক্ৰ-গদা-পঙ্কজপাণি গৰুড়সন বনমালী গোপাল।
পীতাম্বৰধৰ, শ্যাম-সুন্দৰ হৰি ভকতজনৰ ভয়হাৰী দয়াল।।
পদ।। পৰমানন্দ পৰম পুৰুষোত্তম
পৰম কৰুণাৰস-সিন্ধু গোপাল।
কমলাকান্ত কমলদল-লোচন
ভকতজনৰ নিজবন্ধু দয়াল।।
জগদানন্দ জগতজনজীৱন
যদুকূল-কুমুদিনী-ইন্দু গোপাল।
মাধৱ দাস-দীন মূৰুখ-মতি মাগয়
ভকতি-ৰতি এক বিন্দু দয়াল।।