যশোমতী পেখিতে নয়ন জুৰায়
।। ৰাগঃ ললিত।। তালঃ পৰি।।
ধ্ৰুং।। যশোমতী পেখিতে নয়ন জুৰায়।
জগ-জন-জীৱন ভকত-পৰম-ধন
হাসি হাসি চৰণ ঘসায়।।
পদ।। কৱহু বৈঠিয়েকহো পেখিয়ে যশোৱা মাই
হাম্ফুলি ধৰয় ঘনে ঘন।
ভাষতু মাই মাই কৰু খেন বেন
যশোৱা পেখিতে ঝুৰে মন।।
যশোৱা সুন্দৰী কুঁচকহো ধৰি হৰি
বয়ন কৰ তন পান।
হাসিয়ে যশোৱা মাই চুম্বয় ঘনে ঘন
দীন মাধৱে গুণ গান।।