মৰমে যেতিয়া চুমে

মোৰ কবিতাই
কোন আকাশৰ
                   আকাশী গঙ্গা অলকানন্দা ছুব ?
কোন সৰগৰ
অমিয়া নিজৰা
                   ৰূপ কোঁৱৰৰ অৰূপ বতৰা দিব ;
কোন কামিনীৰ
কামনাৰ ৰঙা
ধুনীয়া ধৰাত থুলে থুলে হায়
 কাঞ্চন ফুলাই যাব?
তাৰ কথা তুমি
মনতো নানিবা
                   এটি কথা মাথো কোৱা
মোৰ কবিতাৰ
প্ৰাণে প্ৰাণে আছে
মোৰ কবিতাৰ
গানে গানে নাচে
                   সুৰৰ কঁপনি, হিয়াই হিয়াক চোৱা
                   তুমি দিয়া মোক ‘ব্যাথাৰ লগৰী'
             আৱেগত নাচি
সপোনত হাঁহি
কাণে কাণে কব কথা
‘অমৰণ সোণ'
আমাৰ মৰম
আমাৰ দৰদ
আমিয়ে বুজিম
আমাৰ “বুকুৰ ব্যাথা” ।।