মোকে কি না মতি দিলে গোপাল
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। মোকে কিনা মতি দিলে গোপাল
তুমি অগতিৰ গতি।
এ ভৱভঞ্জন তোমাৰ চৰণ
সেৱিতে নকৰো ৰতি।।
পদ।। আগম পুৰাণ শুনি যতমান
তোমা বিনে নাহি কয়।
তোমাৰ চৰণ কৈলে সুমৰণ
ভৱ নিবাৰণ হয়।।
এতেক জানিয়া মই মতি পামৰ
নাসোৱা তোমাৰ পাৱ।
এ ভৱ সাগৰে মজিলো পামৰে
ভৰায়া শালৰ নাৱ।।
দূৰিত সাঞ্চিলো আপুনি বঞ্চিলো
নাশিলো মনেৰ সঙ্গে।
অমিয়া বুলিয়া বিষয় গৰল
মই পাপী ভক্ষিলো ৰঙ্গে।।
তোমাৰ ভকতি অমিয়া মাধুৰী
তাৰে নাকৈলো আশা।
জানিলো যমেৰ যাতনা ভুঞ্জিয়া
নাশিলো এ বুদ্ধিনাশা।।
তুমি প্ৰিতম আতমা পৰম
সুহৃদ এ নিজ দেৱ।
শাসন নাশন কাৰণ আৱৰ
তুমি বিনে নাহি কেৱ।।
জানিয়া তোমাৰ অভয় অৰুণ
চৰণে শৰণ লৈলো।
কহয় মাধৱ তোমাৰ দাসেৰ
দাস অনুদাস ভৈলো।।