বেসায়ো ভাৰস্তে হাট
- ।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
- ধ্ৰুং।। বেসায়ো ভাৰস্তে হাট, আউৰ বেলি নাটে।
- চলিলে নিকট ভয়ো ভৰা দিয়ো ঝাণ্টে।।
- ধ্ৰুং।। বেসায়ো ভাৰস্তে হাট, আউৰ বেলি নাটে।
- পদ।। ভাৰত হাটত আছে অনেক দোকানি।
- নিচিনি কিনিলে পুনু মিলিবে বিঘিনি।।
- যৈতে তৈতে নথাকয় হৰিনাম যত্ন।
- মহন্ত দোকানি ৰাখে কৰি মহা ৰত্ন।।
- সাধু দোকানিৰ সংগে কৰিয়া যতন।
- যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।।
- ভাৰত হাটত নৰ-নাৱ পচি যায়।
- হুয়ো সাৱধান কৃষ্ণকিঙ্কৰ গায়।।
- পদ।। ভাৰত হাটত আছে অনেক দোকানি।