বুজা ভুল

তুমিতো নাহিলা আৰু
প্ৰাণৰ কথাটি প্ৰাণতে লুকাই
কম কম বুলি কিয় বাট চাই
মিছাতে মৰিছোঁ বাৰু?

তেতিয়া বুলিলা যাম
শেষৰ বেলিকা নাহিলা যেতিয়া
আৰুনো সখীটি আহিবা কেতিয়া
ক'ত বাৰু বাট চাম?

আহে আৰু যায় দিন
মোৰ সুখৰ দুখৰ নিজৰা ব’ই
ব্যৰ্থ আশাৰ বতৰা ক’ই
কতনো লুকাল চিন?

এতিয়া আছেনে ভৰি
তাহানিখনৰ স্মৃতিৰ ফুল
হিয়াৰ কতনা নভগা দুল
মিছা অভিমান কৰ?

আজিতো নতুন তুমি?
যোৱা কথা গ'ল নালাগে দুনাই
হিয়া ভুকুৱাই কান্দিব শুনাই
বেদনা জ্বলিব উমি!

ঘিণ কৰা নেকি মোক?
ভয়কৰা নেকি চুমাৰ পৰশ
আকুল হিয়াৰ বিপুল হৰষ?
বুজিছোঁ তোমাৰ শোক।

মিছাতে কৰিছা ভয়
দুটি হিয়া যদি এটি হ'ই যায়
আন এটি আৰু নালাগে দুনাই
তাকেতো বুজিছোঁ মই।

দুটি মাথোঁ সখী অভিন্ন হৃদয়
জগত চানেকী তুমি আৰু মই
অভিমান কৰি নাথাকা মিছাতে
চকুৰ আঁতৰ হই।

আহাচো দুনাই সোণ!
নালাগে সুধিব কোন?
হিয়াৰ মাজত তোমাৰ হিয়াই
জ্বলিব পূৰ্ণিমাৰ জোন।।