মূল মেনু খোলক
বিহু
লেখক লক্ষ্মীনাথ বেজবৰুৱা
কেহোঁকলি (গ্ৰন্থ)ৰ অষ্টম গল্প


     চ'তৰ বিহুলৈ সাতদিনমান থাকোঁতেই মোৰ ঘৰৰ লগুৱা ডেকাল'ৰা কেইটা বিহু-বলিয়া হ'। দূৰণিৰ পথাৰৰ পৰা অহা ঢোলৰ আৰু টকাৰ কোব সিহঁতৰ কাণত পৰিলেই গাত আৰু গোঁসাই নাথাকে। দিনত মোৰ ভয়ত সিহঁত কোনোমতে কুচিমুচি থাকি এধা ডুখৰীয়া মনেৰে গৃহ-কাৰ্যৰ গৰু-বাটেদি চলি থাকে যদিও, কিন্তু ৰাতি মই শোৱাপাটীত পৰিলেই দামুৰি-হেৰোৱা গৰুৱে হেম্বেলিয়াই দামুৰি বিচাৰি ঢাপলি মেলাদি বহু-হাটৰ পথাৰৰ ফালে ঢাপলি মেলে আৰু ওৰে ৰাতি নাচি-বাগি, পুৱা ঘৰলৈ আহি, ভাঙৰ ৰাগী-লগা মানুহৰ দৰে কপৌজপৌকৰে ঘৰৰ কামত হাত দি, মোৰ গালি-শপনি জীণ নিয়াবৰ চেষ্টা কৰে। মই সৰুৰে পৰা শুচি-বায়ুৱা। বিহুৰ নাচৰ নামত শিয়ঁৰি উঠোঁ; বিহুৰ গীতৰ বিপক্ষে কাণত সোপা দিওঁ; বিহুচোৱা মানুহক ককৰ্থনা কৰোঁ।

     উৰুকাৰ দিনা সন্ধ্যা লাগোঁ-লাগোঁ হৈছে। গোঁসাই ঘৰত বন্তি লগাই শঙ্খ-ঘণ্টা বজাবৰ আয়োজন চলিছে। এনেতে মোৰ জুৰমন বোলা লগুৱা ল'ৰাটোৱে ওচৰৰ পথাৰত ঢোলৰ চেও আৰু কালিৰ মাত শুনি, আত্মবিস্মৃত হৈ নিজক চম্ভালিব নোৱাৰি, এটা শিয়ালৰ হোৱা শুনি আনটো য'তে থাওক তৰেপৰা, দেশ-কাল পাত্ৰ উচিত-অনুচিত একো বিবেচনা নকৰি, সেই হোৱাত সৰ্বতোভাৱে যোগদিয়াৰ দৰে, গোঁসাইঘৰৰ কাষতে থকা পুখুৰীৰ পাৰৰ পৰা উকিয়াই দীঘলকৈ টানি গীত ধৰিলে--

                             মিকিৰ বৰচাঙতে বজায় বৰেকাঁহী
                                   ভৈয়ামত বজাইচে ঢোল।
                             চেঙেলীয়া মনকে বান্ধিবই নোৱাৰি,
                                   ছিঙে মৰাপাটৰ ডোল।।

     এই বনগীতটো শুনিয়েই মই ঘৃতাহুতি হলোঁ। বৰকাঁহ বজাবলৈ লোৱা মাৰিডাল হাতত লৈয়েই গোঁসাই ঘৰৰ পৰা ওলাই জুৰমনক মাৰচেৰেক লগাবলৈ মই দিলোঁ খেদা। সি মোক সেইদৰে অহা দেখিয়েই দিলে ল'ৰ। ময়ো উধাতু খাই তাৰ পাছে পাছে লৰিবলৈ ধৰিলোঁ। ফিৰিঙতি ভগাদি ভগা ডেকাল'ৰা তাক মই কেনেকৈ লগ পাওঁ ? লাভৰ ভিতৰত কাঠৰ মূঢ়া এটাত উজুটি খাই ধুপকৰে পৰিলোঁ। ওচৰতে থকা শিল এডোখৰৰ ওপৰত মূৰটো ঠেকেচা খালে। মই ক্ষন্তেকতে অজ্ঞান হৈ পৰিলোঁ। তাৰ পিছত কি হ'ল কওঁ শুনা---

     মই এখোজ-দোখোজকৈ পথাৰৰ বৰগছ এজোপাৰত লত পালোঁগৈ। কাষতে বিহুৰ নাচ আৰু বাজনা চলিছে। বিহুনাচৰ বিৰুদ্ধে মোৰ আগৰ সংস্কাৰ সোপাই উভতি গ'ল। মনটো এনে হ'ল যেন কোনোবাই মোক মাতি নিলে, মই নাচনিয়াৰহঁতৰ লগতে লগ লাগি দুপাক-চাৰিপাক নাচিবই পাৰোঁ। কিন্তু মোক মাতে কোনে! নাচনিয়াৰহঁত নিজৰ নাচ-বাগনত ব্যস্ত; বৰং মোক দেখি সিহঁতে অলপ ভয় আৰু সঙ্কোচৰ ভাবহে দেখুৱাইছে যেন লাগিছে। এনেতে দেখিলোঁ আদহীয়া বয়স ডেই যোৱা বুঢ়ী এজনী কৰবাৰ পৰা আহি মোৰ ওচৰতে থিয় হ'লহি। তাই মোৰ মুখলৈ চাই ক'লে-"দেউতা নাচিবনে? আহক, নাচে যদি মোৰ সৈতেই নাচক।"
মই তাইক ক'লোঁ-তইতো বুঢ়ী; তোৰ নাচিবৰ মন গৈছে নে?
তাই ক'লে-"অ আই! যাবতো। বুঢ়ী হ'লো কি হ'ল, বছেৰেকৰ বিহুৰ দিনা এপাক নাচিও নলম নে ?"
      বুঢ়ীৰ সৈতে নাচিবৰ মোৰ তিনিভাগ মন গৈছে, এভাগে থেৰোগেৰা কৰিছে। এনেতে দেখিলোঁ মোৰ সেই জুৰমন লগুৱাটোৱে দূৰৰপৰা মোৰ ফালে চাই মিচিক্-মিচিককৈ হাঁহিছে। খপকৰে মোৰ মনটো সামিৰি, বঢ়ীক ক'লোঁ- নানাচো যা।
      এই বুলি তাৰ পৰা এফলীয়া কাটি আনমুৱা হৈ লাহে লাহে আন এখন পথাৰৰ বিহু হাটত ওলালোঁগৈ। দেখিলোঁ তিনটা ডেকা ল'ৰাই এজনী ডেকেৰী ছোৱালীক দাংদোলকৈ লৈ লৰ ধৰিছে আৰু পাছে পাছে গোটাচেৰেক মানুহ ধৰ ধৰকৈ খেদি গৈছে। ময়ো একেলৰেই সিহঁতৰ কাষ পাই হুকিমাৰি দি ক'লো--"ৰ! তাইক নমা।"
      মোৰ কথা শুনি সিহঁতে ছোৱালীজনীক নমাই থৈয়েই ফিৰিঙতি ভগাদি ভাগিল। মই ছোৱালীজনীক সুধিলোঁ-"তোক সিঁহতে পলুৱাই লৈ গৈছিল?"
      তাই ক'লে- "নাই যোৱা। মই আপোন খচীতে আহিছিলোঁ।"
      মই।- তেন্তে সিহঁতে তোক এইদৰে দাংদোলাকৈ আনিছিল কিয়?
      ছোৱালী।- লোকক দেখুৱাই। ময়ে মোক সেইদৰে ধৰি লৈ যাবলৈ সিহঁতক বুধি দিছিলো।
      চোৰৰ পাছে পাছে ল'ৰা মানুহকেইটাই ক'লে- "দেউতা সিহঁতক সৰুৱাবলৈ এই এইবোৰ মিছা কথা কৈছে। আমি এইক লৈ গৈ এইৰ মাক-বাপেকক শোধাই দিম গৈ, নহলে বুঢ়া-বুঢ়ী কান্দি মৰিব। সেই ডেকা ল'ৰা কেইটাৰ ওপৰত কাছাৰীত গোচৰ কৰিব লাগিব দেউতা। দেউতাকো সাক্ষী মানিব লাগিব।"
      এই কথা শুনি মই ছোৱালীজনীক সিহঁতৰ জিম্মাত দি তাৰ পৰা গুচি গ'লো। যাওঁতে দেখিলো, জুৰমনে আকৌ দূৰৰ পৰা মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে। মোৰ নথৈ খং উঠিল। কিন্তু তাক ধৰোঁ কেনেকৈ? খেদা মাৰিলেই ল'ৰ মাৰিব। মনৰ খং মনতে ৰাখি লাহে লাহে যাবলৈ ধৰিলোঁ। এনেতে দেখিলো, আন এখন পথাৰত এজাক মানুহে নাকী সোলোকাই দিয়া দুটা গল-ধন-ধৰা ম'হৰ যুঁজ লগাই দি অতি উছাহৰে ৰং চাইছে। মই ভাবিলো, মাঘৰ বিহুতহে ম'হ যুঁজায়। এই চ'তৰ বিহুত ইহঁতে ম'হ-যুঁজখন পাতিছে কিয়। যি নহওক, ময়ো সিহঁতৰ কাষতে থিয় দিলোঁ। এটা ম'হে পথাৰখনৰ এমূৰে মূৰ পাতি খোপনি পিটি ৰৈ আছে আৰু আনটোৱে সিমূৰৰ পৰা দলিটো অহা দি আহি সেই মূৰত তাৰ মূৰেৰে দুৰ্জয় খুন্দা মাৰি খুন্দাৰ শব্দত পথাৰ গোটেইখন কঁপাই দিছে। তাৰ পিছতে দুইটাই দুইকো শিঙেৰে খুচিবলৈ ধৰিলে আৰু এবাৰ এটাই আনটোৰ পেটত শিঙেৰে খোচ মাৰি দি তাৰ ভুৰ উলিয়াই দিলে। মই ৰিঙিয়াবলৈ ধৰিলোঁ-"হেৰ এৰুৱাদে ! এৰুৱাই দে।"
      কিন্তু আৰু কি হ'ব, সিফালে সাঙেই হ'ল। মনত বৰ বিৰক্তিয়ে ধৰিলে। মানুহবোৰে এনে নিষ্ঠুৰ আমোদৰ খেল পাতি ৰং চোৱা বাবে সিহঁতক গালি পাৰি বিৰক্ত হৈ তাৰ পৰা গুচি গ'লো। উভতি চাই দেখিলো, প্ৰথমখন বিহুৰ ঠাইত মই লগ পোৱা বুঢ়ীজনী মোৰ পাছে পাছে আহিছে। তাই আমৌ মোক নাচিবলৈ নিমন্ত্ৰণ কৰিবলৈকে আহিছে ভাবি, মই তাইক ক'লোঁ, "তই মোৰ পাছ ধৰিছ কিয়? মই নাচিব-তাচিব নোৱাৰোঁ।"
      তাই হাঁহি ক'লে, মই নাচিবলৈ মাতিবলৈ অহা নাই। মই মাথোন দেউতাক ক'বলৈ আহিছোঁ যে জিলাৰ বৰচাহাক কৈ এই গোকাট ম'হ-যুঁজবোৰ বন্ধ কৰাব নোৱাৰে নে? এতিয়া সৌ যি ম'হ খোচত মৰিল সেইটো মোৰ জোঁৱাই ল'ৰাটোৰে ম'হ। মই তাক ইমান হাক দিছিলোঁ, সি মোৰ কথা নুশুনি এতিয়া পালে পোটোকা। তিনি কুৰি ৰূপৰ ম'হটো থিতাতে গ'ল!" মই এই বিষয়ে কি পাৰোঁ কৰিম বুলি শলাগি যাবলৈ ধৰিলোঁ।
      অলপ গৈ দেখিলো, এজাক ডেকা ল'ৰাই এজাক গৰুৰ গাত মাহ-হালধি সানি নৈত গা ধুৱাবলৈ নিছে। ইটোৱে-সিটোৰে গাত "লাও খা", বেঙেনা খা, বুলি চকলাচকলে লাও, বেঙেনা আৰু কেৰেলা মাৰিছে। মোৰ পিঠিতো দুচকলমান পৰিল। মোৰ গাত কোনে লাও-বেঙেনা মাৰিচে বুলি উভতি চাই দেখোঁ, সেই নাচনিয়াৰ বুঢ়ীজনীয়েই। মোৰ খং উঠি তাইক কাৰণ সুধিলত তাই হাঁহি হাঁহি ক'লে--"দেউতাইনো আকৌ খংটো কৰিছে কেলৈ? বছেৰেকৰ গৰু বিহুৰ দিনা এইদৰে দুচকল-এচকল লাও-বেঙেনা গালৈ মাৰিলে, বছেৰেকলৈকে সকলো অপায় অমঙ্গল গুচে।"
      মোৰ ওপৰত নাচনী বুঢ়ীৰ ইমানটো 'দৰদ' দেখি আৰু তাই মোৰ মঙ্গলৰ নিমিত্তেই তেনে কৰিছে বুলি আৰু একো নামাতি যাবলৈ ধৰিলোঁ। কিন্ত আকৌ দেখিলো অলপ দূৰৈত ৰৈ মোৰ জুৰমন লগুৱাই মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে। মই খঙত তাক কি কৰিম, একোকে ভাবি নাপাই যাবলৈ ধৰিলোঁ।
      ইয়াৰ পিছত বাউহতীয়া হৈ বাওঁপকীয়াকৈ বাওতলী এখনেদি গৈ বহ গাঁৱত ওলালোগৈ। দেখিলো, বহত গছ এজোপাৰ তলত বৰবৰ গোটাচেৰেকেৰে প্ৰথম মানুহ ঘৰত, তিনিটা ঢেঁকীৰে ছজনী জীয়াৰী-বোৱাৰীয়ে মিলি চিৰা, সান্দহ আৰু পিঠাগুৰি খুন্দিছে। মোক দেখি সিহঁতে লাজ বা সঙ্কোচ একোকে নকৰি ঢেঁকীৰ চাবে চাবে জাঁত জাঁত কৰে নাম গাইছে। ডেকা মানুহ এটাই বুটি কোৰ এখনেৰে আগ চোতালখন চুৰুকি চিকুণাব লাগিছে। কাষতে চালি এখনৰ তলত বহি বুঢ়ী এজনীয়ে হেঁচা পিঠা ভাজিবলৈ খোলা পাতিচে। মোক দেখিয়েই বুঢ়ীজনীয়ে মাতিলে-"মোৰ বহনা! মোৰ দেউতা! আহক, এইখিনিতে বহক। ভাজি দিওঁ, পিঠা এডোখৰকে আমাৰ বিহুৱান বুলি খাই যাওক।"

      বুঢ়ীৰ মুখলৈ চাই মই অবাক হ'লোঁ; কাৰণ সেইজনীয়েই মোৰ আগৰ চিনাকি সেই নাচনী বুঢ়ী। তাইক সুধিলোঁ-তই দেখোন মোৰ পাছে পাছে আহিছিলি। এতিয়া মোৰ আগেয়েই এইখিনি পালিহি কেনেকৈ?
      বুঢ়ীয়ে হাঁহি উত্তৰ দিলে, আপুনি বাওঁপকীয়া হৈ বাওঁতলীয়েদি ঘূৰি আহিল দেখি ভালেখিনি পলম হ'ল। মই বাট পোনাই আহিলোঁ। এইটোৱেই মোৰ ঘৰ। তিনটা ঢেঁকীত খুবলিৰ কাষত সেইতিনিজনী মোৰ বোৱাৰী আৰু নেজত সেই তিনিজনী জী। মোৰ তিনিটা পোৰ এটাই সেয়া চোতাল চুৰুকিছে, দুটাই গৰু-গাইক গা ধুৱাবলৈ লৈ গৈছে। মোৰ দেউতা! মোৰ বহনা। আহক! এই ডুখৰি পীৰাতে বহি জিৰাওক আৰু পিঠা এডোখৰকে খাওক। আজি বিহুৰ দিনা আপুনি আলহী, আপোনাক এনেই যাবলৈ দিব নোৱাৰো, দিলে গৃহস্থঘৰৰ অধৰম হ'ব।
      বুঢ়ীৰ এই সাদৰি কথাত বোৱাৰীয়েক জীয়েকহঁতেও যোগ দিলে। মই দেখি আচৰিত মানিলো, যে মোৰ আগত বুঢ়ীৰ বোৱাৰীয়েক জীয়েকহঁতৰ স্বাধীন আৰু মুক্ত বাব। বৰং মোৰ সঙ্কোচ হৈছে, সিহঁতৰ সমূলি নাই। বুঢ়ীজনী কিন্তু অতি অদ্ভূত। তাই কেনেবাকৈ মোৰ মনৰ ভাব আৰু দোধোৰ-মোধোৰ অৱস্থা বুজিব পাৰি ক'বলৈ ধৰিলে-"দেউতা, আপোনাসকল ডাঙৰ মানুহ, ইংৰাজী লিখা-পঢ়া জনা। আমি অসভ্য গাঁৱলীয়া; ইংৰাজী পঢ়া-শুনাৰ শুঙকে নাপাওঁ। কিন্তু একেষাৰ কথা মই ডাঙৰীয়াত জনাওঁ। আমি বনৰ ফুল, ঈশ্বৰৰ আপডালত বনতে বাঢ়িছোহঁক, মিচা-বেইচা, মিচা লাজ, মিছা সঙ্কোচ কাক বোলে আমি নাজানোহঁক। আপোনাসকল কুম্পানীৰ, বাগিচৰা ফুল, কত ৰকৰ কৰি কত চিত্ৰ-বিচিত্ৰ কৰি আপোনালোকক মলীয়াই সজাই পানী দিছে, আপদাল কৰিছে। এদিনত অযত্নতে, অলপ কথাতে আপোনালোকে জঁয় পৰি শুকাই যায়। আমি সেই বিধৰ নহওঁ।"

এনেতে দেখিলোঁ ছওজনী বোৱাৰীয়েক-জীয়েকে ঢেঁকী এৰি মাকৰ কাষত বহিলহি। একোজনী যেন একো পাহি তগৰ ফুলহে। কাৰো মুখত সঙ্কোচৰ ভাব নাই। এটাই কেউজনী প্ৰফুল্লময়ী। হঠাত্ বুঢ়ীয়ে মোক সুধিলে—“মোৰ বয়স কিমান কওকচোন?” মই ক’লো-“দুকুৰি মান হ’ব।”
মোৰ কথা শুনি জীয়েক-বোৱাৰীয়েকহঁতৰ মাজত হাঁহিৰ ৰোল উঠিল। সিহঁতে ক’লে-“আমাৰ আইৰ এই ফাগুণত তিনি কুৰি ৯ বছৰ উকলি গৈছে।”
মই ক’লো—অসম্ভৱ।
বুঢ়ীয়ে ক’লে- নহয় দেউতা। অসম্ভৱ নহয়। মোৰ বয়স সেয়ে। বছৰৰ লেখে মানুহক বুঢ়া নকৰে, মনেহে কৰে। নগৰীয়া মানুহৰ জীৱন অস্বাভাবিক, সেইদেখি আপোনালোক সোনকালে বুঢ়া হয়। মই এতিয়াও ল’ৰা-চোৱালীৰ দৰে নাচো, হাঁহি-ধেমালি কৰি আনন্দত ফুৰোঁ, সেইদেখি মই এইদৰে আছো। আজি আপোনাক সেই গছৰ তলত নাচিবলৈ লগ ধৰোঁতে আপুনি মোক যে কেনেবা যেন পাইছিল সেইটো মই বুজিছিলো। আপোনালোকে ইংৰাজী পঢ়ি ইংৰাজী সভ্যতা শিকি তাকে ভাল বুলি সাৰোগত কৰি লৈছে, সেইদেখি চাহাব-চাহাবনীয়ে নাচিলে আপোনালোকে বেয়া নেদেখে, বৰং সেই নাচত আপোনালোকে সুবিধা পালে যোগ দিবলৈকো ৰাজী। বিলাতৰ ফালৰ কত ৰকম নিলাজ নাচক আপোনালোকে শিক্ষাৰ গুণত নিলাজ বুলি ভাবিবকেই নোৱাৰে, কিন্তু আমাৰ সাতামপুৰুষীয়া বিহুৰ ফেৰা আপোনাসকলৰ চকুৰ কুটা, দাতৰ শাল।

মই আচৰিত মানিলো যে এই বুঢ়ীজনী কোন? গাঁৱলীয়া এই কেনেকৈ শিক্ষিত মানুহৰ দৰে কথা কৈছে?
বুঢ়ীয়ে অলপ পৰৰ মূৰত মাত লগালে- মোৰ গিৰিহঁত ঢুকাবৰ আজি আঠ বছৰ হ”ল। এই পো-জী-বোৱাৰীহঁকে লৈ ঈশ্বৰৰ কৃপাত এক প্ৰকাৰ ভালেই আচো।
এনেতে বুঢ়ীৰ ৰাংঢালী বোৱাৰীয়েক এজনীয়ে বুঢ়ীৰ ফালে চাই ক’লে—“আই! আপুনি এই ডাঙৰীয়াতো বিয়াত সোমাওক।“
এই কতা শুনি ছওজনীয়ে কিৰীলি মাৰি হাঁহি দিলে।
বুঢ়ীয়েও সেই হাঁহিত যোগ নিদি থাকিব নোৱাৰিলে তথাপি বোৱাৰীয়েকৰ পিঠিত লাহেকৈ থাপৰ এটা মাৰি ক’লে- “এই বান্দৰীজনীৰ কথাখন শুনকহঁক।”
মই লাজতে ৰঙা পৰিলোঁ। এনেতে দূৰত আকৌ দেখিলো মোৰ সেই জুৰমন লগুৱাই মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে। কটা কি দুষ্ট! মোৰ পাছে পাছে পেটাই শনিগ্ৰহ ফুৰাদি ছিদ্ৰ চাই ফুৰিছে। যি থাকে কপালত এবাৰ লাঠুৱাক ধৰিব পাৰিলে গোৰহা কিলৰ জাউৰি লগাম। ইয়াকে থিৰাং কৰি একে চাবেই সিহঁতৰ মাজৰপৰা মই উঠিলোঁ।
চকু মেলি চাওঁ, মোৰ শোৱাপাটীতে মই পৰি আচোঁ। মোৰ মূৰত বেণ্ডেজ (ফটাকানি) বন্ধা। ওচৰতে ডাক্তৰ আৰু দুজন মানুহ। মই সুধিলোঁ, মই কত আছো। ডাক্তৰে ক’লে, “আজি তিনিদিনৰ মূৰত আপুনি জ্ঞান পাইছে; পৰশুই দিনা উজুটি খাই পৰি মূৰত টান পাইচিল। ভয় নাই এতিয়া আপুনি ভাল হৈছে; কিন্তু মনে মনে শুই থাকিব লাগিব, কথা ক’ব নোৱাৰে।”
     

বাঁহী-১৪শ বছৰ, ১ম সংখ্যা, ১৯২৫ চনত প্ৰকাশিত।

(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)