সহায় আৰু নিৰ্দেশাৱলী বৈধকৰণ
মুদ্ৰণ সংশোধনৰ পৰীক্ষা কৰি বৈধকৰণ কৰা।

এটা পৃষ্ঠা বা এখন সম্পূৰ্ণ কিতাপৰ মুদ্ৰণ সংশোধন কৰাৰ পাছত ইয়াক আকৌ ভুলৰ বাবে পৰীক্ষা কৰিব লাগে। এনে কৰিলে মূল কৰ্মৰ লগত ৱিকিউৎসৰ পাঠ্য প্ৰায় মিলি যায়। ইয়াকে "বৈধকৰণ" বা "validation" বোলে।

বৈধকৰণ কি? সম্পাদনা কৰক

সহজ ভাষাত ক'বলৈ গ'লে আনৰ কাম পৰীক্ষা কৰি তেওঁৰ শুদ্ধতাৰ নিশ্চয়তা দিয়াটোৱেই বৈধকৰণ। ই মুদ্ৰণ সংশোধনৰ শেষ পদক্ষেপ। কোনো ব্যৱহাৰকাৰীয়ে এটা পৃষ্টাৰ মুদ্ৰণ সংশোধন কৰাৰ পাছত আন এজনে এইটোৰ বৈধকৰণ কৰিব লাগিব।

বৈধকৰণ বুটাম সম্পাদনা কৰক

সাধাৰণতে পৃষ্ঠা: নামস্থানত কোনো পৃষ্ঠা সম্পাদনা কৰিলে সম্পাদনা ক্ষেত্ৰৰ তলত এনেকুৱা দেখা পাব:

 
পৃষ্ঠা স্থিতিৰ বুটামসমূহৰ স্ক্ৰীনশ্বট।

পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰাৰ পাছত ই বৈধকৰণৰ বাবে সাজু হয়। তেতিয়া সম্পাদনা ক্ষেত্ৰৰ তলত এনেকুৱা দেখা পাব:

 
বৈধকৰণ (সেউজীয়া) বুটামৰ সৈতে পৃষ্ঠা স্থিতিৰ বুটামসমূহ।

সাৰাংশৰ ঠিক তলতে একেবাৰে সোঁহাতে থকা বুটামটোৱেই "বৈধকৰণ" বুটাম।

বৈধকৰণ কেনেকৈ কৰিব সম্পাদনা কৰক

  1. মুদ্ৰণ সংশোধন কৰি থোৱা পৃষ্ঠা এটালৈ যাওক (এই শ্ৰেণীত পাব)।
    • সূচী পৃষ্ঠাৰ ইয়াৰ পৃষ্ঠা সংখ্যা হালধীয়া হৈ থাকিব।
    • পৃষ্ঠাটোৰ ওপৰত "এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে" বুলি লিখা থাকিব। ইয়াতো হালধীয়া ৰং থাকিব।
  2. সম্পাদনা বুটামটোত ক্লিক কৰিব।
  3. সোঁহাতে থকা স্কেন ছবিৰ লগত বাওঁহাতৰ মুদ্ৰণ সংশোধন কৰি থোৱা পাঠ্য ৰিজাই চাব।
    • যদি কিবা ভুল দেখা পায় তেন্তে:
      1. শুধৰণিৰ বাবে প্ৰয়োজনীয় সালসলনি কৰক।
      2. পৃষ্ঠাৰ স্থিতি মুদ্ৰণ সংশোধন কৰা হোৱা নাই (গুলপীয়া) বা সমস্যাজৰ্জৰ (নীলা)লৈ সলনি কৰক। সম্পাদনা সাৰাংশ এনে কৰাৰ কাৰণ উল্লেখ কৰিব। আন এটা পৃষ্ঠা বৈধকৰণৰ চেষ্টা কৰিব।
    • যদি পৃষ্ঠাটো শুদ্ধ বা আপুনি সকলো ঠিক কৰিছে তেন্তে অব্যাহত ৰাখক।
  4. পৃষ্ঠাৰ স্থিতি সলাবলৈ বৈধকৰণ (সেউজীয়া) বুটামটো বাছনি কৰক। সম্পাদনা সাৰাংশত "/* Validated */" লিখা দেখা পাব।
  5. পৃষ্ঠাটো সাঁচি থওক।
  6. পৃষ্ঠাটোৰ এতিয়া বৈধকৰণ হৈছে।
    • এতিয়া পৃষ্ঠাটোৰ ওপৰত "এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে" বাৰ্তা দৃশ্যমান হ'ব। এইটো সেউজীয়া ৰঙত জিলিকি থাকিব।
    • আপুনি সূচী পৃষ্ঠা চালে পৃষ্ঠা সংখ্যাটোও সেউজীয়া হৈ থাকিব।

বৈধকৰণৰ নিয়ম সম্পাদনা কৰক

  • পৃষ্ঠা বৈধকৰণ কৰিবলৈ আপুনি পঞ্জীভুক্ত ব্যৱহাৰকাৰী হ'ব লাগিব।
  • বৈধকৰণৰ বাবে আপুনি প্ৰৱেশ (লগ্‌‌ ইন) কৰিব লাগিব।
  • আপুনি নিজে মুদ্ৰণ সংশোধন কৰা পৃষ্ঠা এটা বৈধকৰণ কৰিব নোৱাৰে। অৰ্থাৎ বৈধকৰণৰ বাবে দুজন সদস্যৰ প্ৰয়োজন।
  • কেৱল মুদ্ৰণ সংশোধন কৰা (হালধীয়া) পৃষ্ঠাহে বৈধকৰণ কৰিব পাৰি। আন স্থিতিৰ পৃষ্ঠাৰ বৈধকৰণ কৰিব নোৱাৰি।

সহায়ক লিংক সম্পাদনা কৰক