সহায়:ট্ৰান্সক্লুচন

সহায় আৰু নিৰ্দেশাৱলী ট্ৰান্সক্লুচন
কিতাপ এখন মূল নামস্থানলৈ কেনেকৈ আনিব

ট্ৰান্সক্লুচন (transclusion) কি? সম্পাদনা কৰক

পৃষ্ঠা নামস্থান"ৰ পৰা মূল নামস্থানলৈ পাঠ্য অনাৰ প্ৰক্ৰিয়াটোৱেই ট্ৰান্সক্লুচন। পৃষ্ঠা নামস্থানত (যেনে- পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২১) পাঠ্যৰ মুদ্ৰণ সংশোধন কৰা হয়। মূল নামস্থানত পঢ়ুৱৈয়ে সেই পাঠ্য পঢ়ে (যেনে- ডেচ্‌দিমোনা কাব্য)।

মুদ্ৰণ সংশোধন বা তেনে কামৰ লগত সম্পৰ্ক নথকা সাধাৰণ পঢ়ুৱৈৱে মূল নামস্থানহে পঢ়িবৰ বাবে খুলিব। কিন্তু ইয়াৰ পৰা পৃষ্ঠা নামস্থানলৈও সংযোগ থাকিব। গতিকে পৃষ্ঠা নামাস্থানত কিবা সালসলনি কৰিলে সেয়া মূল নামস্থানতো দৃশ্যমান হ'ব।

ট্ৰান্সক্লুড কেতিয়া কৰিব সম্পাদনা কৰক

মূল নামস্থানলৈ পাঠ্য ট্ৰান্সক্লুড কৰা উপযুক্ত সময় হৈছে যেতিয়া সকলো পৃষ্ঠাৰ বৈধকৰণ হয় আৰু (সেউজীয়া পৃষ্ঠাৰ স্থিতি গতিকে মুদ্ৰণ সংশোধন সমাপ্ত বুলি ধৰা হয়।

কেতিয়াবা মুদ্ৰণ সংশোধনত সহায় হ'বলৈ আৰু চূড়ান্ত সংস্কৰণ কেনেকুৱা হ'ব চাবলৈ আগতেই কোনোৱে ট্ৰান্সক্লুচন কৰে। এই ক্ষেত্ৰত মুদ্ৰণ সংশোধন সমাপ্ত হোৱালৈ ৰৈ নাথাকে। মূল নামস্থানতহে মানুহে কিতাপখন পঢ়িব কাৰণে সেয়া আসোঁৱাহমুক্ত আৰু পৰিষ্কাৰ হ'ব লাগে। গতিকে ভাল অৱস্থাত থকা পাঠ্য ট্ৰান্সক্লুড কৰিলেহে ভাল।

সৰল ট্ৰান্সক্লুচন সম্পাদনা কৰক

ট্ৰান্সক্লুচন আৰম্ভ কৰিবলৈ:

  1. পাঠ্যৰ চূড়ান্ত সংস্কৰণৰ শিৰোনামেৰে নতুন পৃষ্ঠা এটা আৰম্ভ কৰক।
  2. পৃষ্ঠা সম্পাদনালৈ যাওক।
  3. তলত দেখুওৱাৰ দৰে কেৱল ট্ৰান্সক্লুচন সংকেত সুমুৱাওক।
  4. পৃষ্ঠাটো সাঁচি থওক।

এটা পৃষ্ঠাত কিমান পৃষ্ঠাৰ পাঠ্য ট্ৰান্সক্লুড কৰিব তাৰ ওপৰত সংকেত নিৰ্ভৰ কৰিব।

ট্ৰান্সক্লুচন সংকেত
পৃষ্ঠাৰ সংখ্যা ব্যৱহাৰ কৰিবলগীয়া সংকেত
এটা <pages index="ফাইলৰ নাম" include="X" header="1" />
দুই বা অধিক <pages index="ফাইলৰ নাম" from="X" to="X" header="1" />

কিতাপৰ নাম আৰু পৃষ্ঠা সংখ্যাৰ ওপৰত ভিত্তি কৰি ৰঙা পাঠ্য সলাব।

  • সূচী পৃষ্ঠাৰ নাম আৰু স্কেন ফাইলত থকা নামটোৰেই ফাইলৰ নাম দিব।
  • স্কেন ফাইলত থকা কোনটো পৃষ্ঠা ট্ৰান্সক্লুড কৰিব খুজিছে সেয়া X ৰে বুজোৱা হৈছে। এইবোৰ স্কেন ফাইলত থকা সংখ্যাহে (পৃষ্ঠা নামস্থানত থকা পৃষ্ঠা সংখ্যা); মূল কিতাপত ছপা হোৱা পৃষ্ঠা সংখ্যা নহয়।

যেনে: ধৰক আপুনি সূচী:উদাহৰণ গ্ৰন্থ.djvu ৰ এটা পাঠৰ পৰা ট্ৰান্সক্লুড কৰিব খুজিছে। স্কেন ফাইলত ইয়াৰ পৃষ্ঠা ২০ৰ পৰা ৩৫ লৈ আছে (যেনে পৃষ্ঠা:উদাহৰণ গ্ৰন্থ.djvu/২০, পৃষ্ঠা:উদাহৰণ গ্ৰন্থ.djvu/২১, ... পৃষ্ঠা:উদাহৰণ গ্ৰন্থ.djvu/৩৫)। সংকেতটো এনেকুৱা হ'ব:

<pages index="উদাহৰণ গ্ৰন্থ.djvu" from="20" to="35" header="1" />.

মেনুৱেল শীৰ্ষক সম্পাদনা কৰক

সৰল ট্ৰান্সক্লুচনে এক "মেজিক হে'ডাৰ"ৰ সহায়ত সূচী পৃষ্ঠাৰ পৰা তথ্য লৈ মূল পৃষ্ঠাৰ ওপৰত নিজে নিজে এটা শীৰ্ষক দিয়ে। যদি ইয়াত কিবা সমস্যা পায় বা নিজে সলাব খোজে তেন্তে মেনুৱেলী শীৰ্ষক দিয়াৰ উপায়ো আছে।

মেনুৱেলী শীৰ্ষক দিবলৈ:

  1. পাঠ্যৰ চূড়ান্ত সংস্কৰণৰ শিৰোনামেৰে নতুন পৃষ্ঠা এটা আৰম্ভ কৰক।
  2. পৃষ্ঠা সম্পাদনালৈ যাওক।
  3. তলত দেখুওৱাৰ দৰে শীৰ্ষক সংকেত সুমুৱাওক।
  4. শীৰ্ষকৰ ক্ষেত্ৰবোৰ পূৰণ কৰক।
  5. তলত দেখুওৱাৰ দৰে ট্ৰান্সক্লুচন সংকেত সুমুৱাওক।
  6. পৃষ্ঠা সাঁচক।

ট্ৰান্সক্লুচন সংকেতৰ ওপৰত দিবলগীয়া মেনুৱেল শীৰ্ষক সংকেত এনেকুৱা:

{{header
 | title      = 
 | author     = 
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | notes      = 
}}

শিৰোনাম আৰু লেখকৰ ক্ষেত্ৰ খালি নাৰাখিব।

ট্ৰান্সক্লুচন সংকেতখিনি ওপৰৰ উদাহৰণত দিয়াৰ দৰে প্ৰায় একেই, মাত্ৰ "header" এইখিনি সুমুৱাব নালাগে। (সংকেতৰ এই অংশই "মে'জিক শীৰ্ষক" সৃষ্টি কৰে।) তলত এটা উদাহৰণ দিয়া হৈছে:

ট্ৰান্সলুচন সংকেত (শীৰ্ষক অবিহনে)
পৃষ্ঠাৰ সংখ্যা ব্যৱহাৰ কৰিবলগীয়া সংকেত
এটা <pages index="ফাইলৰ নাম" include="X" />
দুই বা অধিক <pages index="ফাইলৰ নাম" from="X" to="X" />