টোপনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
২৭ নং শাৰী:
কৰনো পাইছিলো         ইমানবোৰ টোপনি
কুমলীয়া বয়সত?-
সন্ধিয়া হ'ল কি           টোপনি আহিল,
য'তে-ততে লোটসোট।
হাত বঢ়ালেই           টোপনি আহিল
নবঢ়ালেও আহি থিয়,
কৰনো সস্তা           টোপনি সেইবোৰ
এতিয়া নাপাওঁ কিয়?
বয়সে বান্ধিলে           জ্ঞানৰ ভঁৰাল
ধনৰ ভঁৰাল কামে,
পুৰণি টোপনিৰ           ভঁৰাল মোৰ উদং,
মাথোন সি থিয় হৈ নামে-
জ্ঞানৰ ভঁৰাল,           ধনৰ ভঁৰাল,
কত পৰিশ্ৰমৰ বিত,
তাৰে টোপনি           মোলাব খুজিও,
টোপনি নাপাওঁ কিঞ্চিত্।
টোপনি চলিল,            শান্তি আঁতৰিল,
স্বাস্থ্য ললে তাৰ পাছ;
টোপনি শুকুৱা           ধনৰ বিলত
পৰি আছোঁ যেন মাছ।
হেৰা জ্ঞানী হেৰা           ধনেৰে চহকী
টোপনি ক'ত পাম কোৱা?
এদাঁৰ নভগা           টোপনি বেছি মোৰ
ধনৰ ভঁৰালটি লোৱা।
 
"https://as.wikisource.org/wiki/টোপনি"ৰ পৰা অনা হৈছে