বনকুঁৱৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
৪৭ নং শাৰী:
গাত গা লগাই কপৌ দুটিয়ে
মুখতে মুখ দি আছে।
অকণি বুকুত ইটিক সুমাই
সিটিয়ে মৰম যাচে।
অকণি ছোৱালী- যক্ষিণী কন্যা
এফেৰি ফুলৰে পাহি
জানৰ কাষত পানী খুৱাইছে
হৰিণা পোৱালি লাহি।
চমকি চায় ৰই থাকে থৰে-
কুমাৰীৰ মুখলৈ চাই,
'কিনো নো চাইছ!' বুলি ছোৱালীয়ে
গালত হাঁহি চৰায়।
দুখোজতে লৰি পালেগৈ ঘূৰি
যক্ষিণী কুমাৰী মাজ,
আঁহতৰ তলে নাচিচে দুজনী
পিন্ধি বনফুল সাজ।
মুকলি চুলিৰে নাম গায় ঘূৰি
চাপৰি টুক্ টুক্ টুক্।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।
খিল্ খিল্ হাঁহি গ'ল দিহাদিহি
চিঙ্গে ফুল কতোজনী।
কপৌৰ বাঁহলৈ উৰি গ'ল কোনো,
দিলে গৈ চুমা একণি।
খোপাত পিন্ধিছে বনৰ পখিলা,
আটাই আপোনা ধন।
বন ফুলৰ মৌ পিছে কোনোৱে বা,
শান্ত হ মানুহ মন।
কি দেখিছ মৌ শ্যামল পাটীত
ছঁয়াত বা কিনো চাম।
নীল চুলি মেলাইছে কোনে নো বা-
মুখনি উজল শ্যাম।
মৰকত মণি জিলিকে শিৰত-
দেৱী হ'ব বনকুঁৱৰী।
মুকুতাৰে অঁৰা লগতে ইজনা
জলৰ দেৱী নীয়ৰী।
চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,
খোপাত আৰিছে মালা,
আগতে অলেখ বনফুল ৰাশি
ৰূপেৰে গোন্ধেৰে ভৰা।
জুৰজুৰ কৰি আনিলে বতাহে
উৰাই কেতেকী পাহি,
মলমলাই গ'ল দিশ বিদিশ
মাতিলে বতাহে হাঁহি-
"মৰম ভিখাৰী, বিচাৰিছোঁ দেৱী
প্ৰাণৰ অমিয়া মাধুৰী।"
মিচিকনি মাৰি হাঁহি দান দিলে
দুয়ো প্ৰকৃতি কুঁৱৰী।
অথিৰ বায়ুৰ শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ-নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ।
|