বনকুঁৱৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"<poem> নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলে নো কোনে কা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
২ নং শাৰী:
 
নিজম দুপৰীয়া সুহুৰিটি মাৰি
মাতিলে নো কোনে কাক?
বিজন বনত কোন ক'ত আছে?
হালিছে গছৰ আগ।
 
গহীন গছত বতাহৰ ছাটি-
পাত কঁপে থৰ থৰ।
হাবিৰ মাজৰপৰা কোনে নো বা
মাতি উঠে 'মৰ মৰ?'
 
নিচুক লতিকা গছক সাৱটি-
প্ৰতি অঙ্গে চুমাচুমি।
পাতৰ আঁৰত থাকি কপৌটিয়ে
কিবা কৰে জুমাজুমি!
 
মৰমৰ গীত জুৰিলে লাজুকি-
মাত ফুটেই বা নাই।
বিৰিখে হাঁহিছে হালিছে জালিছে
নইৰ মুখলৈ চাই।
 
কিবা কথা কয় নৈয়ে কুলু কুলু
ইয়োটো ধেমালি যিহে!
কোনে চায় নিতৌ বনৰ ধেমালি?
মাতিলে নো সিটি কিহে?
 
গছৰ আগত ময়না পখিটী
মাতি সি নিচুক হ'ল।
শুনো শুনো, শুনিবলৈ বাট চাওঁ,
মনতে হেঁপাহ ৰল।
 
সিজুপি বকুল, - এই এৰাবাৰী
কোন কাহানি বা গ'ল!
চিন এই ভেটি তামোল লেটেকু-
হ'ল বহু দিন হ'ল।
 
বাঁহৰ ছাঁয়াত গজালি গজিছে
কোন নো ইয়াত ফুৰে?
জুৰ জুৰ কৰি বতাহ বলিছে
বাঁহৰ মাজে মাজে ঘূৰে।
 
পাতে পাতে কিবা ফুচফুচাইছে
মাৰিছে মিচিকি হাঁহি।
কলাঘুমটীয়া সুখৰ এলাহ
বতাহে সুৰসুৰায়হি।
 
 
"https://as.wikisource.org/wiki/বনকুঁৱৰী"ৰ পৰা অনা হৈছে