"পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
ভাগৱত-তত্ত্ব
   
  +
নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্। পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ। মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুক মুখে আসি ভূমিত ভৈল বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়াক ফল-অমৃত।। বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল – পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া। গৃহীতচেতা ৰাজর্ষে আখ্যানং যদধীতৱান।। তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান। যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
অর্থাৎ – সকলে উপনিষদ ধেনু দোগ্ধা ভৈল তাৰ নন্দুসুত তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়। দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত সুবুদ্ধিসকলে সন্তোষে পান কৰয়।। (ঘোষা) হিন্দুৰ এই প্রসিদ্ধ পুৰণি শাস্তৰ কৰ্ম্ম, জ্ঞান, ভক্তি, দর্শন, বিজ্ঞান, যুক্তি, বিশ্বাসৰ সামঞ্জস্যকৃত সন্মিলন। পৃথিৱীৰ কোনো সভ্য জাতিৰ কোনো শাস্ত্রই কৰ্ত্তব্য পৰমাত্মাৰ বিষয়ে গীতাৰ দৰে বিশদভাৱে শিক্ষা দিব পৰা নাই। এইবোৰ বিষয়ত গীতাৰ দৰে অদ্বিতীয়। গীতা কোনো এটা নতুন ধৰ্ম্মৰ আৱিষ্কাৰক নহয়। কৃষ্ণাৱতাৰৰ আগলৈকে হিন্দুৰ ইহকাল আৰু পৰকালৰ বিষয়ে অশেষ চিন্তা, গৱেষণা, আধ্যাত্মিক দর্শন, জ্ঞান, বিজ্ঞান ইত্যাদিৰ সংক্ষিপ্ত, সৰ্ব্বশ্রেষ্ঠ, অত্যুজ্জ্বল অথচ সুগভীৰ সাৰবিবৃতি গীতা। এই সকলোবোৰৰ সাৰতত্ত্বক কেন্দ্রীভূত কৰি, আধ্যাত্মিক, ঐহিক, পাৰলৌকিক, ধৰ্ম্ম নীতি, আচৰণ ইত্যাদিৰ প্ৰদীপ্ত প্রদীপ অজ্ঞান এন্ধাৰত পৰি ককবকোৱা মানুহৰ চকুৰ আগত শ্ৰীকৃষ্ণ ভগৱন্তই ধৰিছে। তেওঁৰ শিক্ষা সাম্প্রদায়িক সঙ্কীর্ণতাৰ আৱৰণ ভেদ কৰি উদাৰ সামঞ্জস্যৰ ওখ ভেটিত প্রতিষ্ঠিত হৈছে। কেউখন দর্শনৰ দার্শনিক তত্ত্বৰ ব্যাখ্যাৰ সামঞ্জস্য কৰি বেদান্ত দর্শনেৰে সৈতে সাংখ্য আৰু যোগদৰ্শনৰ তেওঁ যোগ সাধন কৰিছে। তেওঁৰ শিক্ষা ধৰ্ম্ম-তত্ত্ব আৰু নীতি-তত্ত্বৰ চৰণ শিক্ষা। ঈশ্বৰত প্রগাঢ় ভক্তিযোগ, সৰ্ব্বপ্রাণীত সমদর্শন আৰু আত্মৱৎ বুদ্ধি, জীৱনৰ সকলো কৰ্ম্মত নিষ্কামভাব আৰু তাৰ ফলাফল ঈশ্বৰত সমর্পণ আৰু ঈশ্বৰত আত্মনিবেদন ইত্যাদি তেওঁৰ শিক্ষা পৃথিৱীত অতুলনীয়। ভিন্ন ভিন্ন পন্থাৱলম্বী ধৰ্ম্মাচৰণকাৰীসকলৰ প্রতিও তেওঁৰ উদাৰ ধৰ্ম্মমতৰ উদাৰ উক্তি। গীতাৰ সাৰবস্তু যদিও একমেৱাদ্বিতীয়ম্, ঈশ্বৰত একশৰণ আৰু অব্যভিচাৰী ভক্তি, তথাপি আন আন প্রচলিত বিভিন্ন মতাৱলম্বী ধৰ্ম্মৰ প্রতিও গীতাৰ শক্ৰতা নাই। কৃষ্ণ-প্রচাৰিত ধৰ্ম্মশিক্ষা সাৰ্ব্বভৌমিক, সাৰ্ব্বলৌকিক আৰু সনাতন। চাৰি-পাঁচ হাজাৰ বছৰৰ আগেয়ে প্রচাৰিত সেই শিক্ষাত, অৱশ্যে কোনো কোনো বিষয়ত সেই কালৰ মনুষ্য সমাজৰ আৰু মনুষ্য সমাজত প্রচলিত ধৰ্ম্ম-কৰ্ম্মৰ কিছু ছাঁ যে পৰিছে তাত সন্দেহ নাই। কোনো কোনোৱে ভগৱদগীতাক ৰূপক শাস্ত্র বুলিও ব্যাখ্যা কৰে। যেনে, — অৰ্জ্জুন জীৱাত্মাৰ আৰু কৃষ্ণ পৰমাত্মাৰ প্রতীক। কৌৰৱ পাপ প্রবৃত্তিবোৰ। কৃষ্ণৰ অৰ্জ্জুনক দিয়া শিক্ষা যে স্বৰ্গ-ৰাজ্য পাবৰ হলে অর্থাৎ মুক্তি লভিবৰ হ’লে, সেইবোৰ জয় কৰিব লাগিব। জীৱন যুদ্ধক্ষেত্ৰত জীৱাত্মাৰ কাণত পৰমাত্মাৰ উপদেশ ফুচফুচ কথাৰে পৰিব লাগিছে। মানুহৰ শৰীৰেই যুদ্ধক্ষেত্ৰৰ মাজত স্থাপিত ৰথ। প্রত্যেক মানুহে নিজৰ বাহুবলেৰে যুদ্ধ কৰিব লাগিব, অৱশ্যে হৃদয়স্থ সাৰথি পৰমাত্মা শ্ৰীকৃষ্ণৰ উপদেশ আৰু চালনা মতে।
 
  +
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, - শুক নিগদতি পৰীক্ষিত যদি আমি নিগুণত স্থিত তথাপি উত্তমশ্লোকৰ মহিমা গুণে। ককৰিলেক মোৰ বশ্য চিত্ত ভাগৱত গ্রন্থ বিপৰীত
  +
পৰম আনন্দে পঢ়িলো মই আপুনে। তোমাত কহিবো সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র মহাপুৰুষৰ সেৱক তুমি সম্প্রতি। ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।। এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, - ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে। যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ। অর্থাৎ - ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত