ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
auto summary: New page created (no summary given) |
No edit summary |
||
৯ নং শাৰী:
ৰামৰ হাতত, পৰিলা শুনিয়া,
::মকৰাক্ষ মহাবীৰ ।
ক্ৰোধে মহাত্ৰাসে, ৰাৱণ ৰাজাৰ,
::জ্বলিলা সব শৰীৰ ॥১
সম্বুধিয়া ইন্দ্ৰ-, জিতক বোলয়,
::শুনা বাপু মেঘনাদ ।
আৰকা ৰণক, চলি যাহাঁ ঘোৰ,
::গুচায়ো মন বিষাদ ॥২
একেয়ো প্ৰকাৰে, দশৰথি ৰাম,
::সমসৰ নোহে তোৰ ।
ন্যায় যুজে যেবে, সংশয় দেখাহাঁ,
::অন্যায়ে চিন্তিয়ো মাৰ ॥৩
ইন্দ্ৰজিত নাম, পৰাইলে বাপুৰ,
::ইন্দ্ৰক বলে ভঙ্গাইয়া ।
মানুষ দুগোটা, বীৰ নমাৰস,
::মোহোৰ কৰ্ম্মক পায়া ॥৪
একোযে প্ৰকাৰে, কৌশল্যা তনয়,
::সমসৰ নোহে তোৰ ।
সত্বৰে কাৰ্য্যক, সাধি আসা বাপু,
::শৈল্যক গুচায়ো মোৰ ॥৫
অলঙ্কাৰে ৰথ, মণ্ডিত কৰিয়া,
::ৰাৱণি কৈলা পয়াণ ।
মহাবীৰ যত, দুই পাশে চলয়,
::কতো ভৈলা আগুৱান ॥৬
ৰামৰ সেনাৰ, শিখৰ পৰ্ব্বত,
::বৃক্ষ কৰে লৈয়া ধাইল ।
সম্মুখ ৰণত, প্ৰথম সমৰে,
::ৰাক্ষস বল ভঙ্গাইল ॥৭
ৰাক্ষসৰ বলে, হুয়া ছপকৰে,
::দুয়ো বলে ধূমাজয় ।
অস্ত্ৰক হানিয়া, আঞ্চোৰে কামোৰে,
::দুইহানো অশেষ ক্ষয় ॥৮
ইন্দ্ৰজিত বীৰে, ধনুক টঙ্কাৰি,
::অস্ত্ৰক হানিয়া ছাইল ।
ৰাম লক্ষ্মণক, খোজন্তে চলয়,
::বানৰ বল ভঙ্গাইল ॥৯
চৌদ্দয় চৌদ্দয়, বানৰ ফোলয়,
::একৈক একৈক বাণে ।
কতো কপিজাক, বিমুখে পলাই,
::কতোহোঁ মৰিল প্ৰাণে ॥১০
অষ্টাদশ শৰে, গন্ধ মাৰ্দ্দনক,
::ৰাৱণি বিন্ধিলা টানে ।
বিদূৰৰ হন্তে, নল বানৰক,
::তাৰিলেক নৱ বাণে ॥১১
সাত গোটা বাণে, গৱয় বীৰক,
::গজক বিন্ধিলা পাঞ্চে ।
আৰ যত যত, বীৰক চাহিয়া,
::শৰৰ প্ৰহাৰে খাঞ্চে ॥১২
সকল সৈন্যক, ৰণত ভঙ্গাইয়া,
::ৰাম লক্ষ্মণক পাইল ।
নিসন্ধি কৰিয়া, শৰে অন্ধকাৰ,
::দুইহাঙ্কো বৰে জন্তাইল ॥১৩
ৰাম লক্ষ্মণেয়ো, কাটন ফুটন,
::তিখাইণ অনেক বাণে ।
ৰাৱণি বীৰক, ফুলি পেলাইলেক,
::ভয়ঙ্কৰ শৰ টানে ॥১৪
তেতিক্ষণে বীৰ, অন্তৰ্দ্ধান ভৈলা,
::দুহান অস্ত্ৰে নপাৱে ।
ৰাম লক্ষ্মণৰ, শীৰৰে বিন্ধিল,
::জৰ্জ্জৰিত কৃত ভাৱে ॥১৫
দুয়ো বীৰ যেন, অশোক ফুলিল,
::ৰুধিৰে বেঢ়িলা গাৱ ।
অস্ত্ৰ কৰিবাৰ, সন্ধি নপাৱন্ত,
::ভৈলা অচেতন ভাৱ ॥১৬
::::<big>'''৩১ অধ্যায় ।'''<big>
:<big>'''ছবি ।'''<big>
লক্ষ্মণে বোলয় দদা, শ্ৰুতি নধাৱয় আৰ,
::কৰিয়োক আৰে কোন বুদ্ধি ।
মায়াবী ৰাক্ষস ইটো, চক্ষুৰ গোচৰ নুই,
::কাণ্ডে হানিবোহোঁ কোন সুদ্ধি ॥১
আৰকায়ে যাৱেনতো, দুইভাই কমাৰে আসি,
::মোহোত দিয়োক আজ্ঞা বাণী ।
সকল ৰাক্ষস কুল, নিৰ্ম্মূল কৰোহোঁ আজি,
::একলে ব্ৰহ্মাৰ অস্ত্ৰ হানি ॥২
কনিষ্ঠক সম্বুধিয়া, ৰামদেৱে বুলিলন্ত,
::বিশিষ্টৰ নোহে হেন ধৰ্ম্ম ।
একলৰ অপৰাধে, সমস্তকে সংহৰিবা,
::শাস্ত্ৰৰ নিন্দিত মন্দ কৰ্ম্ম ॥৩
বৰ বৰ বীৰ সব, আকাশক পঠায়োক,
::তাক খুজি দেখাওঁক আমাক ।
সম্মুখ সমৰে তাৰ, প্ৰাণক চৰাওঁ দেখাঁ,
::অবৈধ হানিয়া শৰ তাক ॥৪
ৰাঘৱৰ মন কথা, অভিপ্ৰায় জানি তাৰ,
::মনে বৰি মিলিলা বিষাদ ।
ত্বৰিতে সমৰ ছাৰি, লঙ্কাত পশিলা গৈয়া,
::ত্ৰিদশ কম্পন মেঘনাদ ॥৫
কতো বেলি থাকিতহি, বিমৰিশ কৰিলেক,
::বাপত প্ৰসাদ যেন পাওঁ ।
মায়াসীতা সঞ্জোজিয়া, সাবৰে আগত কাটি,
::নিকুন্তিলা বটমূলে যাওঁ ॥৬
সবাকো বঞ্চিতে লাগি, মায়াসীতা সঞ্জোজিলা,
::সাক্ষাততে জনকৰ জীৱ ।
আৰকত কৰতল, কুৰি গোটা নখ জলে,
::আতি মনোহৰ কম্বুগ্ৰীৱ ॥৭
ত্ৰিবলী বলিত মধ্য, উন্নত কঠিন স্তন,
::একবেণী ধৰে মৃদু বেশ ।
স্বামীৰ বিয়োগ দুখে, প্ৰভাতৰ চন্দ্ৰ যেন,
::মুখ ভৈল মলিন কুবেশ ॥৮
জয় জয় ৰামদেৱ, চৰণত কৰোঁ সেৱ,
::তুমি দেৱ দীন দুঃখ হাৰী ।
দেৱৰ সাধিয়া কায, পৃথিবীক উদ্ধাৰিলা,
::দুৰ্জ্জন ৰাক্ষসগণ মাৰি ॥৯
তযু পাদ পদ্মে প্ৰভু, একান্ত ভকতি হৌক,
::মোক কৃপা কৰিয়ো ইবাৰ ।
মাধৱ কন্দলি ভণে, ৰাম বোলাঁ সৰ্ব্বজনে,
::তেবে সুখে তৰিবা সংসাৰ ॥১০
|