৩
টা সম্পাদনা
(Added content) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
পূবৰে ৰ’দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
আকাশত উৰিছে তেনে চিকেমিকাই
বগলী জাকৰে লালী।
পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
মালতীৰ হাঁহিতে দাঁতে চিকমিকাই
দেখোতেই আমোলমোল।
লুইতৰ কুঁৱৰী নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী;
আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা
নহয় তেওঁ বীণৰে বাণী।
পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰীৰ
সাঁচত মোৰ মালতী নাই;
নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ
মালতীৰ তুলনা পায়।
ভাৱৰে প্রতিমা ভাৱতে বাঢ়িছে
ভাৱৰে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকন চৰে।
চাম মই মালতীক ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই
থাকিম কান্দোনতে কান্দি।
চেনেহী মালতীৰ কোলাত থৈ মূৰটি
মুদিম দুই চকুৰে পটা;
নিঠুৰ এই জগতৰ মেলানি মাগি লম
ঢুকাব সকলো কথা।
|
টা সম্পাদনা