পৃষ্ঠা:Chalachitra.pdf/৮৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এই আশাবাদী ধাৰণাৰ একশােনে মানুহক সহায় কৰিব পাৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৫:০২, ১৬ জুন ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই আশাবাদী ধাৰণাৰ একশােনে মানুহক সহায় কৰিব পাৰে ছবিখনৰ সামৰণি মৰা হৈছে । সময়ৰ ‘আৱৰ্তনৰ সৰ্বাধিক শক্তিশালী অংগটো হ’ল চিত্রনাট্য । এটা বাছ যাত্ৰাৰে ছবি আৰম্ভ হৈছে । গুৱাহাটীৰ পাঞ্জাবাৰী বাছ আস্থানৰ পৰা পাঠশালা অভিমুখে যােৱা বাছত ওচৰা-ওচৰি আসনত বহিছে অভিনেত্রীগৰাকী আৰু অভিযন্তাজন। বাছতেই প্রথম চিনাকি । সেই সূত্র ধৰিয়েই অম্ভিাই থিয়েটাৰৰ আখৰা চাবলৈ গৈছে, দুয়ােৰে ঘনিষ্ঠতা হৈছে আৰু শেষত দুয়াে থিয়েটাৰৰ জগতৰ পৰা আঁতৰি গৈছে বাহ এখনত আৰম্ভণিৰ দৃশ্যটোৰ দৰেই । কাহিনীৰ মূল পটভূমি ভ্রাম্যমান থিয়েটাৰ । নতুন নাট্যবৰ্ষৰ আৰম্ভণিৰ পৰা নাট্যদলটি নাট পৰিবেশন কৰিবলৈ ওলাই যােৱালৈকে এইখিনি ভিতৰতে কাহিনীটোৱে বিকাশ লাভ কৰিছে। থিয়েটাৰৰ এই প্রস্তুতিৰ লগত সমান্তৰালভাৱে আগবাঢ়িছে নায়িকাৰ নতুন জীৱনৰ আৰম্ভণিৰ প্রস্তুতি। এই দুয়ােটা প্রস্তুতিৰ এক আত্মিক মিল আছে আৰু এই মিলেই চিত্রনাট্যখন অধিক ঘনবদ্ধ কৰি তুলিছে । দুয়ােটা প্রস্তুতিয়েই সমান্তৰাল অথচ দুয়ােটাৰে মাজত এৰাব নােৱাৰা সম্পর্কও আছে। অভিনেত্ৰী গৰাকীৰ ঘৰুৱা জীৱনৰ কিছু কথা প্রকাশৰ বাবে অলপ সময়ৰ বাবে তেওঁৰ গাঁৱৰ ঘৰলৈ পটভূমি পৰিবৰ্তন কৰা হৈছে, তাৰ বাহিৰে সকলাে সময়তে থিয়েটাৰৰ আখৰা ঘৰৰ চৌহদতেই কাহিনীৰ বিস্তাৰ ঘটোৱা হৈছে। সময় আৰু ভৌগােলিক পবিবেশৰ সীমাদ্ধতা থাকিলেও প্রতি মুহূর্ততে সেই ভৌগলিক পৰিবেশৰ চৰিত্ৰ সলনি হৈ আছে থিয়েটাৰৰ প্ৰস্তুতিৰ বিভিন্ন কামকাজৰ বাবে । এই পৰিবর্তন কাহিনীৰ অগ্ৰগতিৰ লগে লগে সাধিত হৈ আছে বাবে প্ৰতিটো দৃশ্যই উপস্থাপিত হৈছে নতুন নতুন যাত্ৰাৰে । দুটামান সৰু উদাহৰণ: থিয়েটাৰৰ নাট্যাৰম্ভ হৈছে। তাৰ পিচতেই থিয়েটাৰ চৌহদত অভিযন্তাৰ ৭৮ Scanned with CamScanner