পৃষ্ঠা:পৰিদৰ্শন.djvu/১১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন জানাে আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০৮:৫৫, ৫ জুন ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিদর্শন জানাে আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত জনালে বেয়া জানাে ? পেটু গৃহিণী-(মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা) কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় জানাে। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানাে। আমি দুখীয়া দেখি সেইবােৰ সম্বন্ধ বিচাৰিলেনাে কি হব। বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই জানাে নাজানাে। আমাৰ বাগিচাত থাকোতেই যায়। ঘৰলৈনাে কেতিয়া আহিব পাৰে। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুহৰ লেঠা ভাঙোতে যায়। ইফাল- সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বােলে আন মানুহে খবৰ নৌ পাওঁতেই তােমালােকৰেই খবৰটো লৈ আহাে। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পােৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব। বটু জননী-জানাে, আপােনালােক আশীর্বাদ কি হয়। তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাই আছে। বৰকেৰাণী—ভাল হব, ভাল হব, একো চিন্তা নকৰিব। তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা দেখেন বৰ খচ। [ sub ]