পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টাইপিং শেষ
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৪৬
৪৬


মই ক'ত কব নোৱাৰোঁ। জিলিমিলি কল্পনাৰ দৰে দেখা পাওঁ, যেন আমাৰ আগৰ ঘৰ-দুৱাৰ। আৰু আটাইবিলাক মোৰ চিনাকি মানুহ যেন লাগি যায়। কিন্তু দেখিছোঁ বুলি, সঁচাকৈ দেখিছোঁ যেন ভাব হোৱা নাই। কিয়নো এই অৱস্থাত বুঢ়ীৰ ঘৰতো এইবিলাক মানুহকে দেখা যেন মনত পৰে। ওচৰত যিবিলাক আছিল, তাৰ ভিতৰত কেৱল চাকুলী বাইক হে ধুৰুপকৈ চিনিছিলোঁ। মই চাকুলীৰ হাতত খামোচ মাৰি ধৰিলোঁ তাক মুকলি কৰা নাই। বপুৰীয়ে বাহিৰলৈকো এৰাই যাব নোৱাৰাত পৰিল। ঘৰত আৰু চুবুৰীত হুলস্থুল। মানুহৰে ঘৰ নধৰা হৈছে। কি হৈছে মই ক'ব নোৱাৰোঁ। মানুহ আহেমানে মোৰ উলাহ লাগে। মাজে মাজে "বিয়া বিয়া, আজলীৰ বিয়া" এই বুলি চিঁয়ৰি উঠোঁ। আচল অৰ্থ কি কোনোৱে নুবুজে। কিছুমানে বুজে যে, মোৰ অনিচ্ছাত মোৰ বিয়া পাতিবলৈ ধৰিছিল কাৰণে, সেই ভাবেই এতিয়া ভেজিছেহি। যেয়ে শুনে সেয়ে হাঁয় হাঁয় কৰি আঁতৰ হয়। এনে অৱস্থাতে চকু-লো টুকি টুকি দেউতাক মোৰ ওচৰলৈ অহা দেখা পালোঁ। মই একেচাবে গৈ দেউতাৰ ডিঙ্গিত ধৰি উলমি পৰিলোঁ। সেই ফেৰি মাত্ৰ মোৰ ধুৰুপ জ্ঞান আছিল। দেউতাক দেখা মাত্ৰকে চিনিলোঁ, সেয়ে মোৰ চেনেহৰ ভঁৰাল দেউতা বুলি মই তেতিয়াও চিনিলোঁ। কিন্তু মোৰ অৱস্থা দেখি দেউতা অস্থিৰ হৈ পৰিল। সামান্য মানুহে কন্দাৰ নিচিনাকৈ তেওঁ চিঁয়ৰি চিঁয়ৰি কান্দিবলৈ ধৰিলে। আৰু, মানুহে ধৰি-মেলি তেওঁক মোৰ হাতৰপৰা এৰুৱাই বাহিৰলৈ লৈ গ'ল। তাৰ পাচত, আকৌ কিমান হাঁহিছোঁ কিমান কান্দিছোঁ, কিমান বলকিছোঁ তাৰ সীমা নাই। এইবাৰ ঘনে ঘনে 'গোহাঞিদেৱ, গোহাঞিদেৱ' বুলি চিঁয়ৰিবলৈ ধৰিলোঁ। বেজবৰুৱাই ব্যৱস্থা দিলে যে, এই অৱস্থাত যাক যেতিয়া বিচাৰে, তেওঁ তেতিয়া ৰোগীৰ ওচৰ চপাটো ভাল। আৰু, যাক যাক ভাল পাই বিচাৰে, সেইবিলাক হে ওচৰত থাকিব, আন-
মই ক'ত কব নোৱাৰোঁ। জিলিমিলি কল্পনাৰ দৰে দেখা পাওঁ, যেন আমাৰ আগৰ ঘৰ-দুৱাৰ। আৰু আটাইবিলাক মোৰ চিনাকি মানুহ যেন লাগি যায়। কিন্তু দেখিছোঁ বুলি, সঁচাকৈ দেখিছোঁ যেন ভাব হোৱা নাই। কিয়নো এই অৱস্থাত বুঢ়ীৰ ঘৰতো এইবিলাক মানুহকে দেখা যেন মনত পৰে। ওচৰত যিবিলাক আছিল, তাৰ ভিতৰত কেৱল চাকুলী বাইক হে ধুৰুপকৈ চিনিছিলোঁ। মই চাকুলীৰ হাতত যি খামোচ মাৰি ধৰিলোঁ তাক মুকলি কৰা নাই। বপুৰীয়ে বাহিৰলৈকো এৰাই যাব নোৱাৰাত পৰিল। ঘৰত আৰু চুবুৰীত হুলস্থুল। মানুহৰে ঘৰ নধৰা হৈছে। কি হৈছে মই ক'ব নোৱাৰোঁ। মানুহ আহেমানে মোৰ উলাহ লাগে। মাজে মাজে "বিয়া বিয়া, আজলীৰ বিয়া" এই বুলি চিঁয়ৰি উঠোঁ। আচল অৰ্থ কি কোনোৱে নুবুজে। কিছুমানে বুজে যে, মোৰ অনিচ্ছাত মোৰ বিয়া পাতিবলৈ ধৰিছিল কাৰণে, সেই ভাবেই এতিয়া ভেজিছেহি। যেয়ে শুনে সেয়ে হাঁয় হাঁয় কৰি আঁতৰ হয়। এনে অৱস্থাতে চকু-লো টুকি টুকি দেউতাক মোৰ ওচৰলৈ অহা দেখা পালোঁ। মই একেচাবে গৈ দেউতাৰ ডিঙ্গিত ধৰি উলমি পৰিলোঁ। সেই ফেৰি মাত্ৰ মোৰ ধুৰুপ জ্ঞান আছিল। দেউতাক দেখা মাত্ৰকে চিনিলোঁ, সেয়ে মোৰ চেনেহৰ ভঁৰাল দেউতা বুলি মই তেতিয়াও চিনিলোঁ। কিন্তু মোৰ অৱস্থা দেখি দেউতা অস্থিৰ হৈ পৰিল। সামান্য মানুহে কন্দাৰ নিচিনাকৈ তেওঁ চিঁয়ৰি চিঁয়ৰি কান্দিবলৈ ধৰিলে। আৰু, মানুহে ধৰি-মেলি তেওঁক মোৰ হাতৰপৰা এৰুৱাই বাহিৰলৈ লৈ গ'ল। তাৰ পাচত, আকৌ কিমান হাঁহিছোঁ কিমান কান্দিছোঁ, কিমান বলকিছোঁ তাৰ সীমা নাই। এইবাৰ ঘনে ঘনে 'গোহাঞিদেৱ, গোহাঞিদেৱ' বুলি চিঁয়ৰিবলৈ ধৰিলোঁ। বেজবৰুৱাই ব্যৱস্থা দিলে যে, এই অৱস্থাত যাক যেতিয়া বিচাৰে, তেওঁ তেতিয়া ৰোগীৰ ওচৰ চপাটো ভাল। আৰু, যাক যাক ভাল পাই বিচাৰে, সেইবিলাক হে ওচৰত থাকিব, আন-