হ য ব ৰ ল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৯০ নং শাৰী:
</poem>
 
=='''দ্বিতীয় দৰ্শন'''==
 
<poem>
 
 
প্ৰথম অংকৰ একেখন ঠাইতে
পিছ দিনা
[ৰুক্মিণী আৰু পীতৰাম]
 
পীতৰাম : মিছেছ বৰা৷ এতিয়া দেখিছোঁ সিটোৱেই আছিল ভাল৷ সিটোতকৈ এইটোহে চৰা হ'ল৷ কালি কুকুৰটো নাইকিয়া হবৰে পৰা তেওঁ ভাত-পানী এৰি পাটীত পৰিল আৰু মোৰে সৈতে তেওঁৰ কথাবাৰ্ত্তা বন্ধ হ'ল৷ মোকে কিজানি সন্দেহ কৰিছে তাকো ক'ব নোৱাৰোঁ৷ অৱস্থা যেনে হৈ উঠিছে, এতিয়া পাৰিলে কুকুৰটো আকৌ অনাই দি ঘৰত শান্তি স্থাপন কৰিব পাৰিলে ৰক্ষা পাওঁ৷ নহ'লে কৰ পানী কলৈ যায় কব নোৱাৰোঁ৷
ৰুক্মিণী : এৰা, হঠাত কাৰ্য্যটো কৰি পেলোৱা হ'ল৷ তাৰ ফল এনেকুৱা ওলোটাটো হ'ব বুলি কোনে জানিছিল?
 
[টেপুৰ প্ৰৱেশ]
 
তাক কি কৰিলি মোৰ বোপাই৷ কচোন?
টেপু : নেওগ দদায়ে যিহকে কৰিবলৈ কৈছিল তাকে কৰিলোঁ৷
পীতৰাম : মাৰি পেলোৱা নাইতো? নাই মৰা যদি আকৌ আনি দে মোৰ মইনা৷ নহ'লে সেই মানুহজনীৰ বধৰ ভাগী হ'ব লাগিব৷ তাৰ শোকতে তেওঁ শুকাই-খীণাই মৰিব৷ পাৰ যদি মই আৰু দুই-চাৰি টকাকৈ খৰচ কৰিবলৈ সাজু আছোঁ৷
টেপু : মৰা নাই ঠিক৷ কিন্তু যাৰ হতুৱাই এই কামটো কৰোৱা হ'ল, সি কম ভকত নহয়৷ দদাইদেও! সি সতকাই যে তাক উলিয়াই দিব এনে মনে নধৰে৷ তথাপি অলপ টকা-কড়িকে যাচি চাম৷
পীতৰাম : নে এই দুটকা ৰূপ৷ ইয়াকে তাক দি কোনোমতে কুকুৰটো আনি আমাৰ ঘৰ পোৱাই দে মোৰ বোপাই৷
 
টেপু : দুটকাত কি হ'ব দদাইদেও? দুটকা সি হাতেৰেই নোছোৱে৷
পীতৰাম : নে আৰু দুটকা৷ (টকা দিয়ে) তথাপি কাৰ্য্যটো কৰি দে মোৰ সোণাই৷
টেপু : (টকা লৈ)৷ বাৰু চেষ্টা কৰি চাওঁ দদাইদেও৷ পাৰিম কিজানি৷
 
[গোলোক বৰা প্ৰৱেশ৷ হাতত এদিস্তা তুলাপাত৷]
 
গোলোক : (ৰুক্মিণীক)৷ নিয়া, এইয়া তোমাৰ বস্তু৷
ৰুক্মিণী : (আচৰিত মানি)৷ কি নিম? কি মোৰ বস্তু? এই তুলাপাতবোৰ লৈ মই কি কৰিম? তোমাক বজাৰৰ পৰা চাউল আনিবলৈ আৰু টেপুৰ লগুণদিয়নিলৈ মই বস্তুৰ দিহা কৰিবলৈহে পঠিয়াইছিলোঁ৷
গোলোক : (মূৰত হাত দি)৷ বাটত যাওঁতে যাওঁতে সেইটো পাহৰি গলোঁ টেপুৰ মাক৷ পাহৰি তুলাপাত এদিস্তা কিনো পেলালোঁ৷ বাৰু একো কথা নাই, আকৌ গৈ তোমাৰ ফৰ্ম্মাচী বস্তুবোৰ লৈ আহিমগৈ৷ এই তুলাপাতো সদ্যহতে মোৰ কামত লাগিব৷ বাটত আহোঁতে মোৰ মহাকাব্যখনৰ আৰম্ভণৰ ছশাৰীমান মনতে ৰচনা কৰি লৈ আহিছোঁ৷ বেগতে মোক মোৰ দোৱাত-কলমযোৰ দিয়াচোন৷ এতিয়াই লেখি নথলে পাহৰি যাম৷
ৰুক্মিণী : (মূৰে কপালে হাত দি)৷ মোৰ কপালেই এনেখন৷ তোমাক আৰু দূষিম কি! দিনে-ৰাতিয়ে মই নাৰী-সমিতিৰ কামত ব্যস্ত৷ দেশৰ সেৱাব্ৰতত মই মূৰ পুতি সোমাইছোঁ যেতিয়া আৰু ওলাবৰ উপায় নাই৷ ইফালে তোমাৰ এনেকুৱা মনৰ গঢ়৷
 
[ললিতাৰ প্ৰৱেশ]
 
আহাঁ ভনীটী আহাঁ৷ তোমাৰ মুখখন দেখোন একেবাৰেই শুকান?
ললিতি : (চকুৰ পানী টুকি)৷ আৰু কি সুধিছে বাইদেও? মোৰ কপাল ফুটিল৷ মোৰ ববিক আৰু জনমত মই দেখিবলৈ নাপাওঁ৷ (গিৰিয়েকলৈ চাই) সেইজনে ইয়াতে মেল মাৰি বহি আছে৷ ওলাই গৈ অ'ৰ ত'ত যদি মোৰ ববিক বিচাৰিলেহেঁতেন! সকলো মোৰ কপালৰ কথা৷ (টেপুলৈ চাই) হেৰ বোপাই! মোৰ ববিক তই বিচাৰি দিব নোৱাৰ নে? কোনোবাই তাক আনি দিব পাৰিলে, মই তাক টকাচেৰেক ৰূপকে দিবলৈ গাত লৈছোঁ৷ মোৰ ববিয়ে আজি দুদিন গাখীৰ-ভাত খাবলৈ পোৱা নাই৷ ভোকতে চেপেটা লাগিল চাগৈ!
টেপু : মই চেষ্টা কৰি চাওঁ খুৰীদেও৷ মোৰ এটা চিনাকী ল'ৰা আছে, সি বৰ হুচিয়াৰ৷ যদি ববি যমৰ ঘৰলৈ যোৱা নাই, তেন্তে সি বিচাৰি উলিয়াই দিব পাৰিব নিশ্চয়৷
ললিতা : সেইদৰে কিয় কৱ টেপু? ঈশ্বৰে কৰক যেন ববি যমৰ ঘৰলৈ নেযায়৷ তোৰ সেই লৰাটোৰ হতুৱায়ে মোৰ ববিক উলিয়াই দে মোৰ সোণাই৷ হোঁ এই পাঁচটকা ৰূপ লৈ যা, তাক দেগৈ৷
টেপু : পাঁচটকাত ক'ত হ'ব হবলা? বোলোঁ আপোনাৰ ববিৰ বেচ পাঁচ টকাহে খুৰীদেও?
ললিতা : নিশ্চয় পাঁচটকা নহয়৷ তাৰ বেচ মোৰ জীৱনটোহে৷ যি হওক, তই এই পাঁচটকাকে এতিয়া লৈ যা৷ ববিক পালে, মও শপত খাই কৈছোঁ আৰু পাঁচটকা তোৰ সেই ল'ৰাটোক দিম৷
 
[টেপুৰ প্ৰস্থান৷]
 
 
</poem>
 
==তৃতীয় দৰ্শন==
"https://as.wikisource.org/wiki/হ_য_ব_ৰ_ল"ৰ পৰা অনা হৈছে