পৃষ্ঠা:ফুল.pdf/১৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এয়ােবিংশ অধ্যায়। সামৰণি। ওপৰত কোৱা ঘটনাৰ পৰা প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এয়ােবিংশ অধ্যায়। সামৰণি। ওপৰত কোৱা ঘটনাৰ পৰা প্ৰায় দুমাহমান অতীত হৈছে। দেবেন্দ্ৰৰ লগত সৰ আৰু পদ্মৰ লগত ৰম্ভাৰ নহা সমাৰােহেৰে বিয়া হৈ যােৱাও আজি চাৰি মাহ হ'ল তেওঁলোক নতুন বসত নতুন আনন্দত, নতুন প্রণয়ত তল গৈ হিয়াৰ আবেগ সাল সলনি কৰি, স্বর্গীয় সুখ মন্দাকিনীত বুৰ দিছে। দুখ- যন্ত্রণাৰ পাচত পােৱা এই সুখ-শান্তি তেওঁলােকৰ মনত সচাকৈয়ে অতি মধুৰ লাগিছে । পাঠক! আমি তেওঁলােকৰ সুখ-শান্তি, হাব-ভাব, মৰম-চেনেহ আৰু প্রেমালাপৰ বিষয়ে বর্ণনা দি, আপােনাৰ সুভীয়া মনত চাব বহুৱাব নােখােজে।। সেই বাবে দোষ হলে বৰং ক্ষমা প্রার্থনা কৰে।। ফুলক বিয়া দিয়াৰ পাচত কনক তীৰ্থ কৰিবলৈ গ'ল। পদ্ম- কাহই নিজা ঘৰলৈ নগৈ কনকৰ ঘৰতে থাকিবলৈ ল'লে আৰু কনকৰ মাটি-বাৰীৰ উৎপন্নেৰেই জীবিকা নির্বাহ কৰিবলৈ ধৰিলে। চন্দ্রকান্তসিংহ স্বৰ্গদেৱে ভটীয়াই যােৱাৰ পাচত মনে মনে মানৰ হাতত আত্মসমর্পণ কৰিবলৈ ঠিক কৰিলে। তেওঁ ভাবিলে যে মানহঁতে তেওঁক ৰাজ্য দিবলৈ মাতিছিলেই, তেওঁ নিজে হে