পৃষ্ঠা:ফুল.pdf/১৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দ্বাবিংশ অধ্যায়। উন্নাদিনীৰ পৰিণাম। উন্মাদিনী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাবিংশ অধ্যায়। উন্নাদিনীৰ পৰিণাম। উন্মাদিনী ৰম্ভাৰ মাক। ৰম্ভাক ধৰি নিয়াৰ পাচত তেওঁ চুলি মেলি খেদি গৈছিল বুলি পাঠকক আগেয়ে কোৱা হৈছে। জীযেকক নাপাই তেওঁ আৰু ঘৰলৈ ঘূৰি নগ'ল; যেনি পাই তেনি জীয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা নােলাল। ৰম্ভাৰ চিৰাত তেওঁ লাহে লাহে উম্মাদিনী প্রায় হৈ উঠিল ; ঘৰ দুৱৰৰ কথা পাহৰি, দিনে ৰাতিয়ে ঘূৰি ফুৰাকেই জীৱনৰ উদ্দেশ্য বুলি ভবা হ'ল। এই দৰে বাউন্সী হৈ ফুৰােতেই পাঠকে সেই দিনা তেওঁক ফুল আইদেউৰ ওচৰত দেখা পাইছিল । তেওঁ ভৰলী-তিত মদন আৰু মোক কথা পাতি থকা শুনি ফুলক সাৱধান কৰিবলৈ গৈছিল আৰু ফুলক নিয়াৰ পাচত তেৱেঁই কনকক বাতৰি দিছিল। তাৰ পাচত তেওঁ কত ঠাইত ফুৰিলে, তাৰ ঠিক নাই। পৰ্বত-ভৈয়াম হাবি-বননি তেওঁ মানত সকলে একে ; দিন-ৰাৰি পাৰ্থক্য তেওঁৰ চকুত নপৰা হ’ল। তেওঁ সকলাে সময়তে একেদৰে ঘূৰি ফুৰিবলৈ লাগিল। কেতিয়াবা কেতিয়াবা কোনাে দয়ালু মানুহে তেওঁৰ দুর্দশা দেখি একো সাজ খুৱাইছিল, বাকী সময়ত উপবাস কৰোতেই গৈছিল। এইদৰে ফুৰোঁতেই হঠাৎ শুনিলে যে বলােৰামৰ