পৃষ্ঠা:ফুল.pdf/১৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৪২ ফুল। পদ্মৰ কথা শুনি, সকলােৱে তেওঁৰ প্রতি সহান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪২ ফুল। পদ্মৰ কথা শুনি, সকলােৱে তেওঁৰ প্রতি সহানুভূতি দেখুৱাবলৈ ধৰিলে। কিন্তু কথাখিনি শুনি, উন্মাদিনীৰ মুখৰ বৰণ কেবাবাৰো সলনি হ'ল। তাৰ পাচত, আটাই কেইজন কনকৰ ঘৰৰ ফাললৈ খােজ ল'লে। প্রায় সন্ধিয়া সময়ত, তেওঁলােক গৈ কনকৰ ঘৰ পালে। কনক তেতিয়া চ’ৰা ঘৰতে বহি আছিল আৰু ৰম্ভাই আগত তামােলৰ বটাটো লৈ তামােল কাটিছিল । দেবেন্দ্ৰহঁতক অহ। দেখি কনক স্থিৰ-নয়নে সেই ফাললৈ চাবলৈ ধৰিলে। ফুলক দেখামাত্ৰেই তেওঁ “ফুল : ফুল !* বুন্সি লৰি গ'ল । “দেউতা!” বুলি লৰ মাৰি আহি ফুলেও তেওঁক সাবটি ধৰিলে । আনফালে, ৰম্ভক দেখিয়েই উন্মাদিনীয়ে চিল। অহাদি আহি বুকত সুমুৱাই ল'লে। চাৰি জুৰি চকুৰ শীতল লােৰ সম্মিলনে বিতোপন শােভা ধৰিলে। দেবেন্দ্ৰ আৰু পদ্মই একে চকুৰে এই অনুপম দৃশ্য চাই থাকিবলৈ লাগিল।