পৃষ্ঠা:ফুল.pdf/১৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৪ ফুল। ধন্যবাদ জনালে আৰু সকলােৱে ভক্তি গদগদ চিত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ফুল। ধন্যবাদ জনালে আৰু সকলােৱে ভক্তি গদগদ চিত্তে পৰম পিতাৰ উদ্দেশ্যে মূৰ দোৱালে। তাৰ পাচত, ফুলক থৈ যােৱাৰ পাচত ইমান দিন কত ফুৰিছিল, কি কৰিছিল, তাক শুনিবলৈ সকলােৱে আগ্রহ প্রকাশ কলিত পদ্মই আৰম্ভ কৰিলে। “ফুলক থৈ যােৱাৰ পাচত ৰম্ভাক বিচাৰিবলৈ ধৰিলে। বিচাৰোতে বিচাৰোঁতে দুদিন গল, কিন্তু সকলে মিছা, সকলো অসার্থক হ’ল। এই দুদিনত আন কি, মই চকুৰ টিপ এটাও মৰা নাই। এনেতে মােৰ ভাগৰ পৰিবৰ্ত্তন ঘটিল, মই দুর্দশা গৰাহত পৰিব লগা হলো। তৃতীয় দিন ঘূৰি-পকি ফুৰি এখন গাৱঁত ওলাই মানুহ এঘৰত আলহী ৰলোঁগৈ। অলপ পাচতে, মান তিনটা আহি তাতে ওলাল। ঘৰৰ মানুহ দিহাদিহি পলাবলৈ ধৰিলে। মােৰ হাতত এখন দীঘল দা আছিল, তাকে দাঙি লৈ মই মানলৈ অপেক্ষা কৰি থাকিলোঁ আৰু ওচৰ পালতে সিহঁতৰ এটাক একে ঘাপেই কাটিলে। সেই অৱসৰতে বাকী দুটাই মােক হাত দুটা জপাই বান্ধি পেলালে আৰু মানুহৰৰ ভিতৰৰ পৰা কিবাকিবি কিছুমান বস্তু উলিয়াই আনি, মােৰ পিঠিত বান্ধি দি হেঁচি-ঠেলি, সিহঁতৰ থকা ঠাইলৈ লৈ গ'ল। তাৰ পাচত এটা ডাঙৰ ঘৰৰ শুদা খােটালী এটাত সুমুৱাই থলেহি। মই মৰিবলৈ ধৰা চৰাইৰ দৰে ঠেং-ভৰি এছাৰি তাতে পৰি থাকিলে। এই দৰেই পাঁচ দিনত সােমালহি। পাঁচদিনৰ দিনা ৰাতি কোঠাত থকা ৰখীয়াটো মদ খাই অচেতন হৈ আছিল। মই ভাবিলে, “এয়ে সােণৰ সুযােগ, পলাবৰ