পৃষ্ঠা:ফুল.pdf/১৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। দেবেন্দ্ৰৰ ঘৰৰ ওচৰত যিটো ৰখীয়া আছিল, এই ঘটন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। দেবেন্দ্ৰৰ ঘৰৰ ওচৰত যিটো ৰখীয়া আছিল, এই ঘটনা দেখি সিও তাৰ লগৰীয়াক সাহায্য কৰিবলৈ লৰি আহিল। তাক অহা দেখিয়েই উন্মাদিনীও অদৃশ্য হ'ল। পদ্মকান্ত এতিয়া অকলশৰীয়া, দুটা প্রায় সমান বলী মানুহৰ লগত তেওঁ যুজে কেনেকৈ ? প্ৰথমটো ৰখীয়াক তেওঁ এক। প্রকাৰ বশলৈ আনিছিল আৰু তলত পেলাই ভালকৈয়ে গােটাচেৰেক ভুকুও দিছিল, এনেতে দ্বিতীয়টো আহি পােৱা দেখি তেওঁ হতাশ হৈ পৰিল। পদ্মকান্তক ওপৰত দেখি দ্বিতীয় ৰখীয়াই পােনেই এটা মাৰ মাৰিলে, আসন্ন বিপদ দেখি পদ্মকান্তই বাগৰ মাৰি নিজে তলত পৰি ৰখীয়াটোক ওপৰলৈ তুলি দিলে, মাৰ ৰখীয়াটোৰ গাত পৰিল। তাকে দেখি দ্বিতীয় ৰখীয়ায়াে টোকোন এৰি হাতেৰে লাগিল। কিছু সময় দুয়ােৰে লগত যুদ্ধ কৰাৰ পিচত পদ্মকান্ত অৱশ হৈ পৰিল, ৰখীয়া দুটাই তেওঁক বান্ধি থবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এনেতে দেবেন্দ্ৰৰে সৈতে উন্মাদিনী আহি উপস্থিত হ'ল। দেবেন্দ্রক অহা দেখি এটা ৰখীয়াই পদ্মক এৰি তেওঁৰ গালৈ চেঁচা ল'লে। দেবেন্দ্ৰই একে জপেই তাক ধৰি লৈ মােহাৰি পেলালে। তাৰ অৱস্থা দেখি ইটো ৰখীয়াই ভিৰাই ধৰি লৰ মাৰিলে। ইয়াৰ ভিতৰতে উন্মাদিনীয়ে ফুলক উলিয়াই আনিলে। দেবেন্দ্রই ইটো ৰখীয়াকে এৰি দিলে। দেবেন্দ্রই পদ্মৰ পৰিচয় পালে। আৰু মদনহঁতৰ নাও বুৰা কথাও শুনিলে। দেবেন্দ্ৰ আৰু ফুলে পদ্মকান্ত আৰু উন্মাদিনীক