পৃষ্ঠা:ফুল.pdf/১৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। উন্মাদিনী —সিহঁতে ইয়ালৈ অহাৰ আগেয়ে দুজন ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৬, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। উন্মাদিনী —সিহঁতে ইয়ালৈ অহাৰ আগেয়ে দুজন নির্দোষী। মানুহক বন্দী কৰি থৈ আহিছে। এতিয়া তেওঁলােকক মুকলি কৰি দিবৰ দিহা কৰিব লাগে। পদ্মকান্তৰ মনত কিবা এটা অতীত ঘটনাই বিজুলী মৰা দি মাৰিলে। তেওঁ বিনাবাক্য-ব্যয়ে তিৰুজনীৰ পাচ ল'লে। একবিংশ অধ্যায়। মিলন। পদ্মকান্ত আৰু উন্মাদিনী পােনেই ফুলক বন্দী কৰি খােৱা ঘৰটোৰ ওচৰত ওলাল। তাকে দেখি ৰখীয়াটোৱে আগ ভোট ধৰিলে আৰু তেওঁলােকক তালৈ যাবলৈ মানা কৰিলে। পায়কান্ত তাৰ হাক নামানি দুৱাৰ মেজিবলৈ আগ বাঢ়িল, ৰখীয়াটোৱে তাকে দেখি পদ্মলৈ টোৱাই মাৰ মাৰিলে ; পদ্মই টোকোনভাল খাপ মাৰি ধৰিলে আৰু দুয়ােৰে আজোৰপিজোৰ লাগিল। টোকোনডাল কাৰো হাতৰ পৰা এৰুৱাৰ নােৱাৰি দুয়ো শেহত হতাহতি লগাই দিলে আৰু তাৰ ফলত মাটিত বাগৰি পৰিল।